উপযুক্ত আৰ্থিক ক্ষতিপূৰণ নিদিয়াকৈয়ে বৃহৎ পৰিমাণৰ কৰ্মচাৰীক চাকৰিৰ পৰা অপসাৰণ কৰাৰ প্ৰতিবাদত বিশ্ববিখ্যাত কাকত ‘ৱাশ্বিংটন পোষ্ট’ৰ সাংবাদিক আৰু বাতৰি প্ৰকাশন বিভাগৰ কৰ্মীসকলে ধৰ্মঘট আৰম্ভ কৰে। ইয়াৰ ফলত কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰিল। কিন্তু ৱেব সংস্কৰণ চলি আছে।
তেওঁলোকৰ এই এদিনীয়া সাংবাদিক ধৰ্মঘট প্ৰতীকী। ভৱিষ্যতে আৰু বৃহৎ ধৰ্মঘটৰ সকীয়নি দিছে সাংবাদিকসকলে। অভিযোগ অনুসৰি, আমাজনৰ মালিকানাধীন ৱাশ্বিংটন পোষ্ট সংবাদ প্ৰতিষ্ঠানটোৱে আমাজন সংস্কৃতি ‘চেপি ৰস উলিয়াই পেলাই দিয়া’ নীতি প্ৰৱৰ্তন কৰিছে।
ৱাশ্বিংটন পোষ্টত হোৱা ধৰ্মঘটৰ ফলত সমগ্ৰ বিশ্বৰ সংবাদ প্ৰতিষ্ঠানসমূহত উদ্বেগৰ সৃষ্টি হৈছে। সচেতনভাৱে সাংবাদিকসকলে এই ধৰ্মঘটৰ সমৰ্থন কৰে। ইয়াৰ পূৰ্বে ১৯৭৫-৭৬ চনত ৱাশ্বিংটন পোষ্টৰ সংবাদ কৰ্মীসকলে একেৰাহে ২০ সপ্তাহ ধৰি ধৰ্মঘট কৰিছিল।
লগতে পঢ়কঃ বিশ্বৰ আটাইতকৈ ধুনীয়া গছ! সোণালী পোহৰ বিলাইছে ৮০০ বছৰীয়া এই গছজোপাই
ৱাশ্বিংটন পোষ্ট জাৰ্নেলিষ্ট ইউনিয়নে পাঠক আৰু দৰ্শকক অনুৰোধ জনাইছে যে, “৭ ডিচেম্বৰ বৃহস্পতিবাৰে আমি ২৪ ঘণ্টাই কাম নকৰো। অনুগ্ৰহ কৰি ৱাশ্বিংটন পোষ্টৰ কোনো বাতৰিও নাচাব। ছ’চিয়েল মিডিয়াত কোনো খবৰৰ ওপৰত মন্তব্য নকৰিব।”
যোৱা বছৰ ৱাশ্বিংটন পোষ্টে ৪০ জন লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। এইবাৰ কৰ্তৃপক্ষই আৰু ৯৪০ জন লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পৰিকল্পনা কৰিছে। অভিযোগ অনুসৰি, এই আমেৰিকাৰ সংবাদ প্ৰতিষ্ঠানটো আমাজনৰ মালিক জেফ বেজ’ছৰ হাতলৈ যোৱাৰ পিছতে সাংবাদিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা আৰম্ভ হয়। ইয়াৰ প্ৰতিবাদত সাংবাদিকসকলে ধৰ্মঘটৰ আহ্বান দিলে।
সাংবাদিকসকলে কয় যে প্ৰায় ডেৰ বছৰ ধৰি কামৰ চৰ্ত, দৰমহা আৰু ভাট্টা গাঁথনিৰ দাবী অব্যাহত আছে। বিগত ১৮ মাহত এটাও সমস্যা সমাধান কৰিব পৰা নাই কৰ্তৃপক্ষই।
সাংবাদিকসকলৰ অভিযোগ যে এই সমস্যাৰ বাবে মালিকপক্ষই দায়ী। তেওঁলোকৰ অদক্ষতাৰ মূল্য দিব লগা হৈছে সাংবাদিকসকলে। সাংবাদিকসকলে জীৱন বিপন্ন কৰি বহু কাম কৰি আছে। কিন্তু তেওঁলোকক প্ৰাপ্য দিয়া হোৱা নাই।