• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Supreme Court on Surrogacy Act: ‘৬০ বছৰত সন্তান হ’লে, তেওঁলোকক দেউতা-মা বুলিব নে ককা-আইতা সেইটো শিশুৱে বুজিব নোৱাৰে’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 7, 2023 7:58 am
উচ্চতম ন্যায়ালয়।

উচ্চতম ন্যায়ালয়।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ চনৰ চেৰ’গেচি আইনত চেৰ’গেচিৰ বয়সৰ উচ্চ সীমা নিৰ্ধাৰণ কৰা হৈছে। বয়সৰ সীমা মহিলাৰ বাবে ২৩ৰ পৰা ৫০ বছৰ আৰু পুৰুষৰ বাবে ২৬ৰ পৰা ৫৫ বছৰ। চেৰ’গেচি আইনখনে নিৰ্ধাৰণ কৰা এই উচ্চ বয়সৰ সীমাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে।

এই গোচৰৰ ৰায় ঘোষণা নহ’লেও মঙলবাৰে উচ্চতম ন্যায়ালয়ে মৌখিক পৰ্যবেক্ষণত এই আবেদনৰ বিৰোধিতা কৰে। ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে কয় যে ৬০ বছৰ বয়সৰ পিছত সন্তান জন্ম দি ডাঙৰ-দীঘল কৰাটো অত্যন্ত কঠিন।

ন্যায়াধীশ নাগাৰত্নে তেওঁৰ পৰ্যবেক্ষণত কয়, ‘বহু ক্ষেত্ৰত ষাঠিৰ সীমাৰ লোকেও সন্তান বিচাৰিছে। এই বয়সত সন্তানক ডাঙৰ-দীঘল কৰাটো অতি কঠিন। কেঁচুৱা এটাই খোজ কাঢ়িবলৈ আৰম্ভ কৰিলেই তাৰ ওপৰত চকু ৰখাটো কিমান কঠিন সেয়া সকলোৱে জানে। সেইবাবেই দত্তক আইনখনেও দত্তক লোৱাৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰিছে। ষাঠি বছৰ বয়স হোৱাৰ পিছত সন্তান জন্ম দিয়াটো অতি কঠিন। সন্তানে মাক-দেউতা ক’ব নে ককা-আইতা ক’ব, বুজিব নোৱাৰে।”

Apply Now

লগতে পঢ়কঃ ফ’বৰ্ছৰ প্ৰভাৱশালী মহিলাৰ তালিকাত চাৰি ভাৰতীয়: চাওক সবিশেষ

তেওঁ কয়, ” আমি শিশুৰ দৃষ্টিকোণৰ পৰা চাব লাগিব। বয়সস্থ পিতৃ-মাতৃয়ে শিশুটিক চোৱাচিতা কৰিবলৈ সক্ষম নে সেই বিষয়ে বিবেচনা কৰা উচিত। শিশু এটাক এই পৃথিৱীলৈ অনাটো অতি সহজ, কিন্তু তাক ডাঙৰ-দীঘল কৰা, পঢ়া-শুনা কৰোৱাটো সহজ নহয়। শিশুৰ অধিকাৰৰ কথাও বিবেচনা কৰিব লাগে। ৩০ বা ৪০ বছৰ বয়সৰ সাধাৰণ মানুহে সেই বয়সত শিশু এটাক এই পৃথিৱীলৈ অনাৰ আগতে এশবাৰ চিন্তা কৰে।”

চেৰ’গেচি আইনত নিৰ্ধাৰণ কৰা বয়সৰ উচ্চ সীমাক প্ৰত্যাহ্বান জনোৱা সন্দৰ্ভত ন্যায়াধীশ নাগাৰত্নে কয়, ‘সকলোকে প্ৰত্যাহ্বান জনাব লাগিব নেকি? ইয়াৰ আঁৰত এটা উদ্দেশ্য আছে (বয়সৰ উচ্চ সীমা নিৰ্ধাৰণ কৰা)।’

ইয়াৰ উত্তৰত আবেদনকাৰীৰ অধিবক্তাই আদালতত কয় যে এই আৱেদন লৈ আদালতলৈ অহা সকলোৱে এই বয়সত সন্তান জন্ম দিবলৈ হাহাকাৰ কৰিছে। আৰু সেইবাবেই তেওঁলোকে বয়সৰ উচ্চ সীমাক প্ৰত্যাহ্বান জনাইছে।

লগতে পঢ়কঃ আজৱ কাণ্ড! প্ৰাক্তন মুখ্য ন্যায়াধীশৰ নামত ভুৱা ৱাটছ্এপ একাউণ্ট খুলিলে আই পি এছ বিষয়াই: কৰিলে আত্মসমৰ্পণ

ন্যায়াধীশে তেওঁলোকক শিশু দত্তক ল’বলৈ পৰামৰ্শ দিয়ে। তেওঁ কয়, ‘তেওঁলোকে দত্তক (adopt) ল’ব পাৰে। সেই সুযোগ সদায় আছিল। যেতিয়া তেওঁলোকে প্ৰথম গম পালে যে তেওঁলোকে গৰ্ভধাৰণ কৰিব নোৱাৰে, তেতিয়াই তেওঁলোকে কাৰোবাক দত্তক ল’ব পাৰিলেহেঁতেন। এডপচনকো আজিকালি সমাজে ভালদৰে গ্ৰহণ কৰিছে। আনকি অবিবাহিত মহিলাসকলেও এতিয়া দত্তক লৈছে।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd