কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজত নিজৰ সমস্ত সঞ্চিত ধন দান কৰিলে এগৰাকী মহিলা ছাফাইকৰ্মীয়ে

pune-waste-picker.jpg

মহিলা ছাফাইকৰ্মী গাওৱালানবাই মুৰলিধৰ উজাগাৰে। ফটো সৌজন্য: পুনে মিৰ'ৰ

সমগ্ৰ দেশেই এতিয়া কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যুঁজত অৱতীৰ্ণ হৈছে। স্বাভাৱিকতে এই যুঁজৰ অগ্ৰণী ভূমিকাত অৱতীৰ্ণ হৈছে চিকিৎসক তথা চিকিৎসাকৰ্মীসকল।

কিন্তু কৰ’না ভাইৰাছৰ বিৰুদ্ধে এই যুঁজখনত চকুৰ আঁৰত এনে কিছু যোদ্ধা আগবাঢ়ি আহিছে যিসকলে এনে জটিল সন্ধিক্ষণত দৰাচলতে এক দৃষ্টান্ত হৈ ধৰা দিছে।

সম্প্ৰতি এনে এগৰাকী মহিলাৰ ত্যাগৰ কথা পোহৰলৈ আহিছে। মহিলাগৰাকী চহৰৰ ঘৰে ঘৰে গৈ জাৱৰ-জোথৰ তোলে। প্ৰায় ষাঠি বছৰীয়া মহিলাগৰাকী পেশাত এগৰাকী ছাফাইকৰ্মী।

মহাৰাষ্ট্ৰৰ ধানোৰিৰ ভীমনগৰৰ বাসিন্দা গাওৱালানবাই মুৰলিধৰ উজাগাৰে নিজৰ সঞ্চিত সমস্ত ধন কৰ’না সাহায্য পুঁজিলৈ দান দিছে।

বুধবাৰে তেওঁ  কৰ’নাৰ মোকাবিলাৰ বাবে মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ গোটেই জীৱনৰ সাঁচি থোৱা ১৫ হাজাৰ টকা দান কৰে।

মহিলা ছাফাইকৰ্মীগৰাকীৰ এই মহান দানৰ কথা ৰাজ্যখনৰ মন্ত্ৰী অনিল দেশমুখে টুইটাৰ যোগে প্ৰকাশ কৰাৰ পাছতে গাওৱালানবাইক সকলোৱে প্ৰশংসাৰে ওপচাই পেলাইছে।

জানিব পৰা মতে, বিগত ২৫ বছৰ ধৰি গাওৱালানবাইয়ে মহিলা ছাফাইকৰ্মী হিচাপে কাম কৰি আহিছে। মাহিলী মাত্ৰ ৬হাজাৰ টকা দৰমহা লাভ কৰা মহিলাগৰাকী বৰ্তমান SWaCHনামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ সৈতে জড়িত।

কৰ’নাৰ এই আতংকৰ সময়ত বহু ছাফাইকৰ্মী কামলৈ অহা নাই। লকডাউনৰ সময়ত সকলোৱে ঘৰতে বহি আছে যাৰ বাবে চাৰিওফালে জাৱৰ-জোথৰেৰে ভৰি পৰিছে।

এনে সময়ত গাওৱালানবাইৰ স্পষ্ট কথা,‘’মৃত্যুটো যিকোনোধৰণে আহিব পাৰে, তাৰ বাবে সকলো কাম কাজ পেলাই থৈ বহি থাকিম? যেতিয়ালৈকে প্ৰাণ থাকে, তেতিয়ালৈকে নিজৰ কাম কৰি যাম।‘’

তৃতীয় শ্ৰেণীতে পঢ়াশুনা বাদ দিছিল গাওৱালানবাইয়ে। বৰ্তমান স্বামীকে ধৰি চাৰিটা সন্তানকলৈ তেওঁ ওছমানাবাদত বাস কৰে।

মদ আসক্ত কৰ্মহীন স্বামীকলৈ ছয়জনীয়া পৰিয়ালটো বাস্তৱত গাওৱালানবাইৰ উপাৰ্জনৰ ওপৰতে চলি আছে।

এনে এক অভাৱ-অনাটনৰ মাজতো দেশৰ সংকটকালত নিজৰ সমস্ত সঞ্চিত ধন দান কৰি এইগৰাকী মহিলাই দেখুৱাইছে মানৱতাৰ অতুলনীয় দৃষ্টান্ত।