বন্ধ কৰি দিয়া হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কোৱাৰ্টাৰলৈ পানী আৰু বিদ্যুৎ যোগান!

Water & electricity supply to ex-CM Mahanta’s quarters snapped অসম বিধানসভা চৌহদৰ ভিতৰত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কোৱাৰ্টাৰলৈ পানী আৰু বিদ্যুৎ যোগান বন্ধ কৰি দিয়া হৈছে।

কৰ্তৃপক্ষই কেইবাখনো জাননী প্ৰদান কৰাৰ পিছতো কোৱাৰ্টাৰটো খালী নকৰাৰ পিছত  প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কোৱাৰ্টাৰলৈ পানী আৰু বিদ্যুৎ যোগান কৰ্তন কৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক এটা নতুন আৱাসলৈ স্থানান্তৰিত কৰিবলৈ কোৱা হৈছিল। বিষয়াসকলে কয় যে যিহেতু মহন্ত এতিয়া বিধায়ক নহয়, সেয়ে তেওঁৰ বাসগৃহৰ দায়িত্ব বিধানসভা সচিবালয়ৰ আওতাত নপৰে।

লগতে পঢ়ক: আইআইটি খড়গপুৰত অসমৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু; আৰক্ষী অধীক্ষকৰ পৰা ৰিপ’ৰ্ট বিচাৰিলে উচ্চ ন্যায়ালয়ে

এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে এপ্ৰিল মাহৰ সময়ছোৱাত বিধানসভা সচিবালয়ে পুৰণি অসম আৰ্হিৰ ঘৰসমূহৰ ঠাইত বিধায়কসকলৰ বাবে নতুন বহুমহলীয়া আৱাসিক টাৱাৰ নিৰ্মাণৰ সিদ্ধান্ত লয়। সেই অনুসৰি, মে মাহৰ প্ৰথম সপ্তাহত সকলো বিধায়কক চৌহদ খালী কৰিবলৈ জাননী প্ৰেৰণ কৰা হৈছিল।

তেওঁ লগতে কয়, “১৮ জুলাইৰ ভিতৰত প্ৰায় ৫৫ শতাংশ বিধায়কে খালী কৰে। কিছুমানে সময় লৈছিল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বাহিৰে সেই সকলোবোৰে আগষ্টৰ ১৫ তাৰিখৰ ভিতৰত খালী কৰি দিছিল। মহন্তই ঠাইখিনি খালী কৰিবলৈ সাত দিনৰ সময় বিচাৰিছিল।‘’

বিষয়াগৰাকীয়ে দাবী কৰে, যিহেতু তেওঁ এতিয়া বিধায়ক নহয়, তেওঁৰ বাসস্থান আমাৰ দায়িত্ব নহয়। তথাপিও আমি তেওঁক এটা বাসস্থান প্ৰদান কৰিছিলো। তেওঁৰ পত্নীয়ে মূল গাঁথনি সলনি কৰি নতুন ঠাইত সকলো ইন্টেৰিয়ৰ ডিজাইনিং সম্পন্ন কৰিছিল।‘’

লগতে পঢ়ক: গুজৰাট নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিলে নিৰ্বাচন আয়োগে; হিমাচল প্ৰদেশৰ সৈতেই হ’ব ভোটগণনা

বিষয়াগৰাকীয়ে কয়, “যিহেতু তেওঁলোক বাহিৰ হৈ যোৱা নাই, আমাৰ ওচৰত সংযোগবোৰ বন্ধ কৰাৰ বাহিৰে কোনো বিকল্প নাছিল। আমি প্ৰতি মাহে প্ৰায় ৩৫ জন বিধায়কক তেওঁলোকৰ ভাড়াৰ স্থানৰ বাবে ৬০ হাজাৰ টকা পৰিশোধ কৰি আছো। নতুন ভৱন নিৰ্মাণত পলম হোৱাৰ অৰ্থ হৈছে বিত্তীয় লোকচান।‘’