NORTHEAST NOW (Assamese)

আঠজনক গুলিয়াই মাৰিব লাগিছিল! শীতলকুচি কাণ্ডক লৈ বংগৰ বিজেপি নেতাৰ উত্তেজক মন্তব্য

April 12, 2021 3:28 pm · এন ই নাও নিউজ

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণত কোচবিহাৰ জিলাৰ শীতলকুচিত হোৱা গুলিচালনাৰ ঘটনাক লৈ এতিয়াও ৰাজ্যখনৰ পৰিস্থিতি উত্তপ্ত হৈ আছে।

নিৰাপত্তা বাহিনীৰ গুলিত মৃত্যু হৈছিল চাৰিজনকৈ তৃণমূল কংগ্ৰেছৰ কৰ্মী।

ইয়াৰ মাজতে ৰাজ্যখনৰ বিজেপি নেতাসকলে শীতলকুচিৰ ঘটনাটোক লৈ কৰা মন্তব্যসমূহে পৰিস্থিতি অধিক উত্তপ্ত কৰি তুলিছে।

জ্বলা জুইত ঘিউ ঢলাৰ দৰে তেওঁলোকে কৰি গৈছে এটাৰ পাছত আন এটা উত্তেজনামূলক মন্তব্য।

শেহতীয়াকৈ বিজেপি নেতা তথা হাওৰা সমষ্টিৰ প্ৰাৰ্থী ৰাহুল সিনহাই কৈছে যে নিৰাপত্তা বাহিনীয়ে মাত্ৰ চাৰিজন নহয়, আঠজন লোকক গুলিয়াই মৰা উচিত আছিল।

গুলিচালনাৰ ঘটনাটোৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক দোষাৰোপ কৰি বিজেপি নেতাজনে কয় যে শীতলকুচিত কেন্দ্ৰীয় সামিৰক বাহিনীয়ে সঠিক কাম কৰিছে।

”আঠজনক গুলি কৰি মৰা উচিত আছিল। কিয় চাৰিজনক মাৰিলে? ইয়াৰ বাবে সামৰিক বাহিনীক শ্ব’ক’জ কৰা উচিত।”- তেওঁ কয়।

বিজেপি নেতাজনৰ এই মন্তব্যৰ পাছতে তৃণমূল কংগ্ৰেছৰ মন্ত্ৰী তাপস ৰায়, যাদৱপুৰ সমষ্টিৰ বাওঁপন্থী প্ৰাৰ্থী সুজন চক্ৰৱৰ্তীকে ধৰি কেইবাজনো বিজেপিবিৰোধী নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে বিজেপিয়ে সদায় হিংসাৰ ৰাজনীতি কৰে আৰু এইবাৰ সেয়া স্পষ্ট হৈ গ’ল।

উল্লেখযোগ্য যে শনিবাৰেও ৰাজ্যখনৰ বিজেপিৰ সভাপতি দিলীপ ঘোষে কৈছিল যে ক’ৰবাত কিবা খেলি-মেলি পৰিস্থিতি হ’লে ঠাইয়ে ঠাইয়ে শীতলকুচিসদৃশ ঘটনা সংঘটিত হ’ব।

তাৰপাছতে বিজেপিৰ ৰাজ্যিক সম্পাদক সায়ন্তন বসুৱে কৈছিল যে বেছি খেলা খেলিবলৈ নাযাব, শীতলকুচিৰ খেলা খিল দিম!

পশ্চিমবংগত বিজেপি নেতাসকলৰ এই উদ্ভট মন্তব্যৰ দ্বাৰা ৰাজ্যখনৰ নিৰ্বাচনী হিংসাক উদগণী যোগোৱা হৈছে বুলি বহুলোকে গৰিহণা প্ৰদান কৰিছে।

Related News