জম্মু-কাশ্মীৰ দৃষ্টান্তৰে সমখণ্ডিত অসমভূমিত বড়োলেণ্ড দাবীৰে চিৰাঙত জনসমুদ্ৰ

10-09-19 Chirang- ABSU We support J&K bifurcation, now give us our state: Bodoland movement organisations tell Centre

বড়োলেণ্ডৰ দাবীত চিৰাঙৰ জন সমাৱেশ। ছবি -ইউ বি।

জম্মু-কাশ্মীৰ বিভাজনৰ দৃষ্টান্ত লৈ সমখণ্ডিত অসমৰ বুকুত হওক সুকীয়া স্ব-ৰাজ্য, বড়োলেণ্ড আন্দোলনৰ সমৰ্থনত চিৰাঙত মঙলবাৰে ওলাই অহা সহস্ৰ লোকৰ দাবী এয়া।

জম্মু-কাশ্মীৰত কেন্দ্ৰৰ সিদ্ধান্তলৈ পূৰ্ণ সমৰ্থন আগবঢ়াই বড়োলেণ্ড আন্দোলন সংগঠনসমূহে আহ্বান কৰা সমাৱেশৰ পৰা ভাৰত চৰকাৰক এই দাবী জনোৱা হৈছে।

“বড়োলেণ্ডৰ দৰে আন দীৰ্ঘকালীন ৰাজ্য দাবী মোকাবিলাৰ ক্ষেত্ৰতো একেই ৰাজনৈতিক ইচ্ছা আৰু অত্যাৱশ্যকতাৰ অনুশীলন কৰিবলৈ আমি চৰকাৰক দাবী জনাইছো,” সমাৱেশৰ আহ্বায়ক, বড়োলেণ্ডৰ দাবীদাৰ এবছু, পিজেএচিবিএম আৰু এন ডি এফ বি (পি)ৰ যৌথ বিবৃতিত প্ৰকাশ।

সংগঠনকেইটাই কয়, “সময় নিৰ্ধাৰিত” নীতিগত সিদ্ধান্ত গ্ৰহণেৰে কেন্দ্ৰই বিষয়টো সমাধান নকৰিলে ধাৰাবাহিক গণ আন্দোলনৰ কাৰ্য্যসূচী লোৱা হ’ব।

সুকীয়া ৰাজ্য/ কেন্দ্ৰীয় শাসিত প্ৰদেশ সৃষ্টিৰ সিদ্ধান্ত ল’ব পৰাকৈ শাসকীয় বিজেপি দলৰ দুয়ো সদনতে পৰ্য্যাপ্ত সংখ্যাগৰিষ্ঠতা থকালৈ আঙুলিয়াই বড়ো গণ সংগঠনকেইটাই জৰুৰীভাৱে তেওঁলোকৰ দাবী পূৰণৰ দাবী জনাইছে।

ক্ষুদ্ৰ ৰাজ্য গঠনৰ ক্ষেত্ৰত থকা বিজেপি দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ কথাও সংগঠনকেইটাই সোঁৱৰাই দিছে। কোৱা হৈছে, নতুন ৰাজ্য গঠনৰ ক্ষেত্ৰত ই কোনো অজুহাত উলিয়াব নোৱাৰে।

“পৰি থকা নতুন ৰাজ্য/ ক্ষুদ্ৰ ৰাজ্যৰ দাবীসমূহৰ স্থায়ী সমাধান বিজেপিৰ ২০১৪ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি,” শাসক পক্ষক “সোঁৱৰাই” সংগঠনকেইটাৰ মন্তব্য। “১৯৯৬ চনৰ ভুৱনেশ্বৰ অভিৱৰ্তন মতে দলটো ক্ষুদ্ৰ ৰাজ্য সৃষ্টিৰ পক্ষত।”

বৰ্তমান চৰকাৰৰ অনুশীলনে সাধাৰণ মানুহলৈ এটা “ভুল ইংগিত” দিছে যে সন্ত্ৰাস আৰু হিংসা থাকিলেহে নতুন ৰাজ্য গঠনৰ বাধ্যবাধকতা আহে, সংগঠনকেইটাই কয়। “সুকীয়া ৰাজ্যৰ দাবী চলি থকা অংশসমূহত ই হিংসাক উৎসাহিত কৰিব পাৰে।”

বড়োলেণ্ড দাবী তেলেংগানা দাবীৰ দৰেই পুৰণি বুলি উল্লেখ কৰি সংগঠনকেইটাই ২০১৪ চনত অন্ধ্ৰ প্ৰদেশ বিভাজনেৰে সুকীয়া ৰাজ্য গঠনৰ কথাও আঙুলিয়াই দিছে।

বড়োলেণ্ড আন্দোলনৰ ৰক্তাক্ত ইতিহাস সোঁৱৰাই সংগঠনকেইটাই কৈছে যে ইখনৰ পিছত সিখন চৰকাৰে বড়োলেণ্ডৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানৰ ২ আৰু ৩ প্ৰবন্ধ সম্পূৰ্ণৰূপে উলংঘা কৰিছে।

চিৰাঙৰ সমাৱেশখনত এবছুৰ সভাপতি প্ৰমোদ বড়ো, পি জে এ চি বি এম (People’s Joint Action Committee for Boroland Movement)ৰ মুখ্য সহ-সমন্বয়ক ৰাকেশ বড়ো আৰু এন ডি এফ বি (পি)ৰ সভাপতি গোবিন্দ চন্দ্ৰ বসুমতাৰী উপস্থিত আছিল।