অনুপস্থিত কৰ্মচাৰীৰ বিৰুদ্ধে যদি অনুশাসনমূলক ব্যৱস্থা লয় আমি উচিত যুক্তিসহ থিয় দিম : বাসৱ কলিতা

Karmachari

২৩ অক্টোবৰৰ বন্ধৰ দিনটোত সচিবালয়ৰ সন্মুখৰ দৃশ্য।

আজি ৰাজ্যৰ ৪৬টা সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ পৰিপ্ৰেক্ষিতত অফিচলৈ আহিব নোৱৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰত ব্যৱস্থা লোৱা হ’ব বুলি যি বাতৰি ওলাইছে সেই সন্দৰ্ভত আজি কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই কয়, “তেনে কৰিলে আমি কৰ্মচাৰীসকলৰ হৈ চৰকাৰৰ ওচৰত উচিত যুক্তিসহ থিয় দিম।”

উল্লেখযোগ্য যে আজিৰ বন্ধৰ পৰিপ্ৰেক্ষিতত চৰকাৰী বিভাগসমূহৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল চৰম অসুবিধাৰ সন্মুখীন হয়। কাৰণ প্ৰশাসনৰ ফালৰ পৰা ৰাজ্যখনৰ পঞ্চায়ত পৰ্যায়লৈকে সকলো চৰকাৰী কাৰ্যালয়তে কৰ্মচাৰীসকলৰ উপস্থিতি বাধ্যতামূলক কৰা হৈছিল। বন্ধৰ দিনা কাৰ্যালয়ত উপস্থিত নথকা কৰ্মচাৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশনা জাৰি কৰিছিল।

এই নিৰ্দেশনা জাৰি কৰিছিল যদিও বিশেষকৈ বিষয়া-কৰ্মচাৰীসকলক কাৰ্য্যালয়লৈ আহিবৰ বাবে চৰকাৰ অথবা প্ৰশাসনে কোনো বিশেষ বাহনৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল।

গতিকে দূৰণিবটীয়া বিষয়া-কৰ্মচাৰীসকল আজিৰ দিনটোত কাৰ্য্যালয়ত উপস্থিত থাকিব নোৱৰাৰ বিপৰীতে চৰকাৰী বাছেৰে আহিব লগীয়া হোৱাত কিছু সংখ্যক কৰ্মচাৰী বহু পলমকৈ উপস্থিত হয়হি কাৰ্য্যালয়ত।

দিচপুৰ সচিবালয়ৰ কিছুসংখ্যক কৰ্মচাৰীক কিয় পলম হোৱা বুলি সোধাত তেওঁলোকে যাত্ৰীবাহী বাহনৰ অভাৱ বুলি কয়। তেওঁলোকে লগতে কয় যে চৰকাৰী নিৰ্দেশনা আছে যিহেতু পলমকৈ হ’লেও কাৰ্য্যালয়ত উপস্থিত হ’বলৈ চেষ্টা কৰিছে।

আনহাতে, কিছুসংখ্যক কৰ্মচাৰী খোজ কাঢ়িয়েই দিচপুৰ সচিবালয়লৈ অহাও দেখিবলৈ পোৱা যায়।

এই সম্পৰ্কত নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই কয়, “বন্ধটো সম্পূৰ্ণ সফল হৈছে, সকলোৱে বন্ধটো সুন্দৰভাৱে পালন কৰিছে। যিহেতু আজি গাড়ী-মটৰ নাই, তেনেস্থলত কিছুসংখ্যক কৰ্মচাৰী অসুবিধাত পৰি কাৰ্য্যালয়ত উপস্থিত থাকিব পৰা নাই। যদি চৰকাৰে উপস্থিত থাকিব নোৱৰা কৰ্মচাৰীসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে আমি সেই প্ৰশ্নবোৰ চৰকাৰৰ ওচৰত উত্থাপন কৰিম।”

তেওঁ লগতে কয়, “গাওঁ অঞ্চলত থকা অথবা কাৰ্য্যালয়ৰ পৰা দূৰত থকা লোকসকলে আহিবলৈ গাড়ী-মটৰ পোৱা নাই, কাৰোবাক হয়তো বন্ধ সমৰ্থকসকলে কাৰ্য্যালয়লৈ যোৱাত বাধাও দিব পাৰে। যদি উক্ত কৰ্মচাৰীসকলৰ প্ৰতি চৰকাৰে শাস্তিমূলক ব্যৱস্থা লয়, আমি সময়োচিতভাবে গোটেই কথাখিনি চৰকাৰক অৱগত কৰিম।”

তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ঘোৰ বিৰোধী বুলি আমাক জানিবলৈ দিয়াৰ উপৰি কয়, “আজিৰ এই বন্ধটো আমি সমৰ্থনো কৰা নাই, বিৰোধিতাও কৰা নাই।”