NORTHEAST NOW (Assamese)

‘কা’কলৈ কাকো কেৰেপ নকৰে বিজেপিয়ে! শাসনলৈ আহিলেই বলৱৎ কৰা হ’ব ‘কা’—ৰঞ্জিত দাস

March 22, 2021 12:50 pm · এন ই নাও নিউজ
Updated: March 22, 2021 12:51 pm

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ কৰি অহাৰ মাজতে বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ৰঞ্জিত দাসে এই বুলি স্পষ্ট কৰি দিছে যে বিজেপি চৰকাৰ যদি পুনৰ ৰাজ্যৰ শাসনলৈ আহে তেন্তে অসমত ‘কা’ বলৱৎ কৰিবলৈ বিজেপি দৃঢ় প্ৰতিজ্ঞ।

এই ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব বুলি তেওঁ কয়।

মাজুলীত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত দিয়া এক সাক্ষাৎকাৰত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইন ইতিমধ্যে সংসদত গৃহীত হৈ আছেই।

এতিয়া মাত্ৰ যাৱতীয় কাৰ্যাৱলী সম্পাদন হোৱাৰ পিছত আইন খন বলৱৎ কৰাৰহে কথা।

কংগ্ৰেছ শাসনলৈ আহিলে অসমত ‘কা’ বলৱৎ হ’বলৈ নিদিয়ে বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰঞ্জিত দাসে কয় যে ৰাহুল গান্ধীয়ে ‘কা’ৰ বিষয়ে একো নাজানেষ সেইবাবেই তেওঁ তেনেদৰে কৈছে।

ৰাহুল গান্ধীতকৈ বিজেপিৰ বুথ কমিটিৰ সদস্য এজনেও ‘কা’ৰ বিষয়ে বেছিকৈ জানে বুলি ৰঞ্জিত দাসে তীৰ্যক মন্তব্য কৰে। ‘কা’ৰ প্ৰসংগই বিধানসভা নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় বুলি মন্তব্য কৰি ৰঞ্জিত দাসে কয় যে ‘কা’ আন্দোলন চলাৰ পিছতো বিজেপিয়ে পঞ্চায়ত আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত গৰিষ্ঠিসংখ্যক আসন লাভ কৰিবলৈ সক্ষম হৈছিল।

এইবাৰো তাৰ ব্যতিক্ৰম নঘটিব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে অত্যধিক আত্মবিশ্বাস প্ৰকাশ কৰে।

ইপিনে অসমৰ লাখ লাখ লোকৰ ইচ্ছাৰ বিৰুদ্ধে গৈ বিজেপিয়ে ‘কা’ বলৱৎ কৰিবই বুলি কৰা ঘোষণাক অসমবাসীয়ে কিদৰে গ্ৰহণ কৰে সেয়া সময়ত পৰিলক্ষিত হ’ব।

Related News