NORTHEAST NOW (Assamese)

নগাঁৱত আৰক্ষীৰ গুলীত আহত অস্ত্ৰ সৰবৰাহকাৰী

April 10, 2022 12:49 pm · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

অস্ত্ৰ সৰবৰাহকাৰী বুলি সন্দেহ কৰা এজন অপৰাধীক শনিবাৰে নিশা নগাঁৱত  আৰক্ষীয়ে গুলীয়াই আহত কৰে।

এই ঘটনা নগাঁও জিলাৰ ডবকাৰ শালবাগান অঞ্চলৰ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে গুলীয়াই হআহত কৰা অভিযুক্তজনক চামছুল হক বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে চামছুলক আৰক্ষীয়ে তেওঁৰ বাসগৃহত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল।

লগতে পঢ়ক: ৰাছিয়াৰ সামৰিক অভিযানৰ মাজতে কীয়েভৰ ৰাজপথত জেলেনস্কিৰ সৈতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী

আৰক্ষীয়ে অস্ত্ৰ লুকুৱাই ৰখা স্থান দেখুৱাবলৈ চামছুলক লৈ যোৱাৰ সময়ত তেওঁ সেই স্থানৰ পৰাই জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলী চলায়।

চামছুলক তৎক্ষণাৎ চিকিৎসাৰ বাবে নগাঁৱৰ ভোগেশ্বৰী ফুকনানি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আৰক্ষীৰ গুলীত চামছুলে তেওঁৰ সোঁ ভৰিত আঘাত পাইছে। 

Related News