NORTHEAST NOW (Assamese)

গৰমৰ পৰা ৰাজ্যবাসীয়ে পাব মুক্তি! অসমত হ’ব ধাৰাসাৰ বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

June 28, 2021 8:35 pm · এন ই নাও নিউজ
Updated: June 28, 2021 8:36 pm

উৎকট গৰমে দহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত।বহু ঠাইত আহো আহোকৈয়ো অহা নাই শীতল বৰষুণ এজাক। পৰ্যাপ্ত বৰষুণৰ অভাৱত ৰাজ্যৰ বহু ঠাইৰ পথাৰত চিৰাল ফাঁট মেলাও দেখা গৈছে।

এনে সময়তে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যবাসীক দিছে এক আশাৰ খবৰ। ৰাজ্যবাসীক গৰমৰ পৰা সকাহ দিব পৰাকৈ কাইলৈ ৰাজ্য খনৰ বিভিন্ন স্থানত হ’ব বৰষুণ।

বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া তথ্য অনুসৰি ২৯ জুনৰ দিনা অসম আৰু মেঘালয়ৰ বহু অঞ্চলত ধাৰাসাৰ বৰষুণ হ’ব।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি উক্ত দিন কেইটাত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ হ’ব।

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এই দিনটোত বৰষুণৰ লগতে বতাহেও কোবাই যাব অসম তথা উত্তৰ পূবক।

অসমৰ উপৰি নাগালেণ্ড.মণিপুৰ,মেঘালয় আৰু ছিকিমতো বিজুলী গাজনিৰে ধাৰাসাৰ বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।

Related News