শিৱসাগৰত ৱেব মিডিয়া এচ’চিয়েছন গঠন : শীঘ্ৰেই পঞ্জীয়ন কৰি নিৰ্মাণ কৰা হ’ব কাৰ্যালয়

IMG-20210331-WA0026(1)

শিৱসাগৰৰ সকলো ৱেব মিডিয়াৰ সাংবাদিক একত্ৰিত হৈ মংগলবাৰে গঠন কৰিলে শিৱসাগৰ ৱেব মিডিয়া এচ’চিয়েছন।

শিৱসাগৰৰ জে পি আগৰৱালা পথত অৱস্থিত বালাজী গেষ্ট হাউচত অনুষ্ঠিত এখন সভাত শিৱসাগৰৰ প্ৰায় ৩০ জনৰো অধিক ৱেব মিডিয়াৰ সাংবাদিক উপস্থিত থাকি ৱেব মিডিয়াৰ সাংবাদিকৰ এখন মঞ্চৰ পোষকতা কৰে আৰু শিৱসাগৰ ৱেব মিডিয়া এচ’চিয়েছন নামৰ এটি সন্থা গঠন কৰে।

সাংবাদিক জিনুল আহমেদক সভাপতি, ৰাতু কুমাৰ দাসক কাৰ্যকৰী সভাপতি, প্ৰঞ্জল পূজাৰীক সাধাৰণ সম্পাদক, পাৰ্শ্বজ্যোতি গগৈ, ভাস্কৰ শৰ্মা, দেৱজিত গগৈ, গোবিন্দ্ৰ বৰাক সহকাৰী সাধাৰণ সম্পাদক, ৰূবী ফুকনক কোষাধক্ষ্য, প্ৰশান্ত বৰগোঁহাই, দ্ৰোণ খঙীয়া, ফৰিদ আলিক সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব দিয়া হয়।

চাহানা বেগম, কল্যাণজ্যোতি বুঢ়াগোঁহাই, মিনহাজউদ্দিন আহমেদ, জিতুল খানক প্ৰচাৰ সম্পাদক, প্ৰশান্ত দাস, দিবাকৰ দাস, মৌচিনুৰ ৰহমান, দীপজ্যোতি গগৈক কাৰ্যালয় সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয়।

ৱেব মিডিয়াক শিৱসাগৰত আৰু অধিক জনপ্ৰিয় কৰা, সত্যনিষ্ঠ বাতৰি প্ৰকাশ আৰু প্ৰচাৰ কৰা, বিভিন্ন সময়ত ৱেব মিডিয়াৰ সাংবাদিকসকল বঞ্চিত হৈ তেওঁলোকৰ অধিকাৰ প্ৰাপ্তিৰ বাবে প্ৰচেষ্ঠা কৰাই শিৱসাগৰ ৱেব মিডিয়া এচ’চিয়েছনৰ মূল উদ্যেশ্য হব বুলি মন্তব্য কৰে নৱনিৰ্বাচিত সভাপতি জিনুল আহমেদ আৰু সম্পাদক প্ৰাঞ্জল পূজাৰীয়ে।

অতি সোনকালে শিৱসাগৰ ৱেব মিডিয়াৰ এক স্থায়ী কাৰ্যালয় আৰু সংস্থাটোৰ পঞ্জীয়ণ কৰা হব বুলি সভাত এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।