NORTHEAST NOW (Assamese)

এখন বিয়া হৈ পৰিল ক’ভিড হটস্পট, মহামাৰীয়ে লম্ভিলে বিয়া খাবলৈ যোৱা ৮৭জন লোকক! ক’ত?

April 5, 2021 2:57 pm · এন ই নাও নিউজ

এখন বিয়া হৈ পৰিল মহামাৰীৰ মূল কেন্দ্ৰ।

তেলেংগানাৰ নিজামাবাদ জিলাৰ হানমাজিপেট গাঁৱৰ এখন বিবাহ অনুষ্ঠানে বাতৰিৰ শিৰোনামা লাভ কৰিছে।

বিয়া খাবলৈ যোৱা ৮৭জন লোকৰ শৰীৰত সোমবাৰে ক’ভিড পজিটিভ পোৱা গৈছে।

বিয়াখনত মুঠ ৩৭০জন লোক উপস্থিত আছিল, সকলোৱে পাছত ক’ভিড টেষ্ট কৰিবলগা হয়।

যিসকলৰ ক’ভিড পজিটিভ ধৰা পৰিছে, তেওলোকৰ বাবে স্বাস্থ্য বিভাগে গাঁৱতে এটা আইচলেচন চেণ্টাৰ স্থাপন কৰিছে।

কিছু সংখ্যক ৰোগীক নিজামাবাদ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখযোগ্য যে ক’ভিড-১৯য়ে শেহতীয়াকৈ তীব্ৰৰূপ ধাৰণ কৰা মহাৰাষ্ট্ৰৰ সীমান্তৱৰ্তী নিজামাবাদ জিলাত দেওবাৰে ৯৬টা ক’ভিড-১৯ কেচ পোৱা গৈছে।

ৰাজ্যখনত বৰ্তমানলৈকে ৮,৭৪৬টা ক’ভিড কেচ পোৱা গৈছে।

Related News