ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত উঠাৰ সময়তে এইবাৰ নিৰ্বাচনৰ কাৰ্যালয়ৰ পৰাই চুৰি হ’ল বৃহৎ পৰিমাণৰ নগদ ধন।
বৰপেটাৰ নিৰ্বাচন কাৰ্যালয়ৰ পৰা ৫৫ লাখ টকা চুৰি হোৱাৰ পিছতে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে বৰপেটাজিলাৰ নিৰ্বাচন বিষয়া শশী কুমাৰ ডেকাক নিলম্বন কৰিছে।
ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়া নীতিন খাড়েই এক নিৰ্দেশনা জৰিয়তে শশী কুমাৰ ডেকাৰ ঠাইত এতিয়াৰে পৰা বৰপেটাৰ অতিৰিক্ত আয়ুক্ত গায়ত্ৰী শৰ্মাই জিলা নিৰ্বাচন বিষয়া হিচাবে কাৰ্যনিৰ্বাহ কৰিব।
উল্লেখ্য তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত নিয়োজিত কৰ্মচাৰীৰ মাননিকে ধৰি আন খৰচৰ বাবে বেংকৰ পৰা ৫৫ লাখ টকা উলিয়াই নিৰ্বাচন বিষয়া শশী কুমাৰ ডেকাৰ কাৰ্যালয়ৰ কোঠাৰ এটা ট্ৰাংকত ৰখা হৈছিল।
পিছত সেই ধন চুৰি হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নিৰ্বাচন কাৰ্যালয়ৰ কম্পিউটাৰ অপাৰেটৰ অলকেশ ডেকা আৰু কনিষ্ঠ সহায়ক প্ৰাঞ্জল কাকতিক গ্ৰেপ্তাৰ কৰিছে।
বৰপেটাৰ নিৰ্বাচন বিষয়াগৰাকীৰ দায়িত্বহীনতাৰ বাবেই তেওঁক নিলম্বিত কৰা বুলি জানিব পৰা গৈছে।
উল্লেখ্য বৰপেটাত ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ কৰিব।