NORTHEAST NOW (Assamese)

সংকটত ভাৰোত্তোলক সঞ্জিতা চানুৰ কেৰিয়াৰ

September 14, 2018 1:42 pm · এন ই নাও নিউজ
Updated: September 14, 2018 2:12 pm
ভাৰোত্তোলক সঞ্জীতা চানুৰ ফাইল ফটো

ড’পিঙৰ অভিযোগৰ বিৰুদ্ধে যুঁজ দি থকা সঞ্জিতা চানু অধিক সমস্যাত পৰিছে। কমনৱেল্থ গেইমছৰ স্বৰ্ণপদক জয়ী ভাৰোত্তোলকগৰাকীৰ প্ৰস্ৰাৱৰ ‘বি’ নমুনাতো নিষিদ্ধ শক্তিবৰ্ধকৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰ লগে লগে তেওঁৰ কেৰিয়াৰ আৰু অধিক সংকটৰ ফালে গতি কৰিব বুলি অনুমান কৰিব পৰা যায়।

ইফালে ভাৰোত্তোলক চানুৱে ইণ্টাৰনেশ্যনেল ৱেইট লিফটিং ফেডাৰেশ্যনৰ শুনানিৰ পেনেলৰ সন্মুখত ইয়াৰ বিৰুদ্ধে যুঁজ দি যাব বুলি অংগীকাৰ দিছে।

উল্লেখ্য যে হাংগেৰীত থকা আন্তঃৰাষ্ট্ৰীয় ফেডাৰেশ্যনৰ সন্মুখত যদিহে চানুৱে নিজকে নিৰ্দোষী প্ৰমাণ কৰিব নোৱাৰে তেন্তে খেলুৱৈগৰাকীক শাস্তি হিচাপে চাৰি বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হোৱাৰ পূৰ্ণ সম্ভাৱণা আছে।

জানিব পৰা মতে ইতিমধ্যে ‘বি’ নমুনাৰ পৰীক্ষাৰ প্ৰতিবেদন ভাৰোত্তোলক চানুলৈ প্ৰেৰণ কৰিছে আৰু অহা ১৮ ছেপ্তেম্বৰলৈ তেওঁক ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ অন্তিম সময়সীমা বান্ধি দিছে।

উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ গ’ল্ড ক’ষ্টত অনুষ্ঠিত কমনৱেলথ গেইমছত ৫৩ কেজি শাখাত অভিলেখ স্থাপন কৰি স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হোৱা সঞ্জিতাৰ দেহৰ নমুনা সংগ্ৰহ কৰোতে ‘টেষ্টোষ্টেৰন’ নামৰ নিষিদ্ধ দ্ৰব্যৰ উপস্থিতি ধৰা পৰাত আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলক সংস্থাই তেওঁৰ ওপৰত সাময়িক নিলম্বন আৰোপ কৰিছিল।

Related News