চৰকাৰৰ ঘোষণা : কোভিড১৯ত মৃত্যু হোৱা লোকৰ মৃতদেহ চাব পাৰিব পৰিয়ালৰ লোকে

index

পশ্চিমবংগত কোভিড১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মৃতদেহ পৰিয়ালৰ লোকে চাব পাৰিব।

পশ্চিমবংগ চৰকাৰে এক জাননীৰ যোগে শনিবাৰে এই নিৰ্দেশনা জাৰি কৰিছে।

জাননীখনত কোৱা হৈছে কোভিড১৯ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোকৰ মৃতদেহ পৰিয়ালৰ লোকে চোৱাৰ উপৰিও মৃত ব্যক্তিজনৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব।

অৱশ্যে কোভিড১৯ত মৃত ব্যক্তিৰ পৰিয়ালৰ বাহিৰে আন কোনো সম্পৰ্কীয় মানুহে মৃতদে দর্শন কৰিব নোৱাৰিব। নিৰ্দেশনাটোত এইদৰে কোৱা হয়।

‘কোনো ৰোগীৰ মৃত্যু হ’লে, চিকিৎসালয়ৰ কৰ্তৃপক্ষই পৰিয়ালৰ মানুহক এঘণ্টাৰ ভিতৰত খবৰ দিব লাগিব।’ চৰকাৰী নিৰ্দেশনাটোত কোৱা হৈছে।

‘মৃতদেহটো এটা সুবিধাজনক স্থানত ৩০ মিনিটৰ বাবে ৰাখিব পাৰিব। তাতে পৰিয়ালৰ মানুহক মৃত ব্যক্তিজনক শেষ শ্ৰদ্ধা জনাবলৈ দিয়া হ’ব।’ এই সিদ্ধান্ত গ্ৰহণ কৰাৰ এদিনৰ পিছত প্ৰকাশ কৰা চৰকাৰী জাননীখনত কোৱা হৈছে এইদৰে।

মৃতদেহটো দৰ্শন কৰাৰ সময়ত পৰিয়ালৰ লোকক মাস্ক আৰু গ্ল’ভছ আদি চিকিৎসালয়ে যোগান ধৰিব।

শুকুৰবাৰে কলকতা উচ্চ ন্যায়ালয়ে এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত ৰাজ্য চৰকাৰক কোভিড১৯ত মৃত ব্যক্তিৰ সন্মানজনক অন্তিম সৎকাৰৰ সন্দৰ্ভত এখন প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিছিল।