NORTHEAST NOW (Assamese)

ছানী লিয়নীক ‘ফেচিলিটি মেনেজাৰ’ৰ পদৰ বাবে বাছনি! স্পষ্টীকৰণ দিলে পশ্চিমবংগৰ স্বাস্থ্য নিযুক্তি পৰিষদে

September 13, 2019 6:52 pm · এন ই নাও নিউজ
Updated: September 13, 2019 6:54 pm

বলীউদৰ মোহময়ী অভিনেত্ৰী ছানী লিয়নীয়ে পশ্চিমবংগৰ স্বাস্থ্য খণ্ডত চাকৰি লাভ কৰিছে বুলি ওলোৱা বাতৰি ভুৱা। এই স্পষ্টীকৰণ দিছে পশ্চিমবংগৰ স্বাস্থ্য নিযুক্তি পৰিষদে।

পশ্চিমবংগৰ স্বাস্থ্য নিযুক্তি পৰিষদে এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে। জাননীখনত পৰিষদে উল্লেখ কৰিছে যে, ‘পশ্চিমবংগৰ স্বাস্থ্য নিযুক্তি পৰিষদে ‘ফেচিলিটি মেনেজাৰ’ৰ পদৰ বাব নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা যোৱা আগষ্টমাহত  প্ৰকাশ কৰা বুলি এক ভুৱা বাতৰি বিয়পি পৰাৰ আমাৰ দৃষ্টিগোচৰ হৈছে।’

তাৰোপৰি জাননীখনত উল্লেখ কৰিছে যে, ‘পৰিষদৰ দ্বাৰা এনেকুৱা কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। এনেদৰণৰ ভুৱা বাতৰিৰ পৰা বিৰত থাকক। আৰু পৰৱৰ্তী সময়ত ইয়াৰ বিষয়ে জানিবলৈ আমাৰ ৱেবছাইট অনুসৰণ কৰক।’

উল্লেখযোগ্য যে অলপতে পশ্চিমবংগৰ স্বাস্থ্য খণ্ডই চাকৰিৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকাত বলীউদৰ মোহময়ী অভিনেত্ৰী ছানী লিয়নীৰ নাম উল্লেখ থকা বুলি এক বাতৰি প্ৰচাৰ হৈছিল।

এই বাতৰিক লৈ সমগ্ৰ পশ্চিমবংগতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে পশ্চিমবংগৰ স্বাস্থ্য খণ্ডৰ ওপৰতো বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল।

Related News