Chris Gayle কেৰিয়াৰৰ অন্তিমখন বিশ্বকাপ মেচ খেলি অৱসৰৰ বিষয়ে কি ক’লে বিস্ফোৰক বেটাৰ ক্ৰিছ গেইলে?

WhatsApp Image 2021-11-07 at 7.49.18 AM

ফটো সৌজন্য: টুইটাৰ।

Chris Gayle কেৰিয়াৰৰ অন্তিমখন বিশ্বকাপ মেচ খেলা বুলি নিজেই সদৰী কৰিছে ৱেষ্ট ইণ্ডিজৰ দুৰ্ধৰ্ষ বেটাৰ ক্ৰিছ গেইলে। অৱশ্যে এয়া যে অন্তিম আন্তৰ্জাতিক মেচ নহয় তাকো জনাই দিলে গেইলে।

অৱশ্যে, আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ বাবে গেইলৰ হয়তো আৰু বৰ বেছি সময় নালাগিব।

আইচিচি টী-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন মেচত গেইলক দেখি তেওঁ জাতীয় দলৰ পৰা অৱসৰ ল’ব বুলি অনুমান কৰা হৈছিল।

কিন্তু মেচৰ শেষত আইচিচিক দিয়া সাক্ষাৎকাৰত তাৰকা বেটাৰগৰাকীয়ে স্পষ্ট কৰিলে যে এনে এক হতাশাজনক বিশ্বকাপৰ সৈতে তেওঁ নিজৰ কেৰিয়াৰ সামৰিব বিচৰা নাই।

Also Read: ইন্টাৰনেশ্যনেল চাইল্ড্ৰেনছ ৰাইটছ চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘শগুন’

দৰাচলতে গেইলে ঘৰুৱা খেলপথাৰত এখন আন্তৰ্জাতিক মেচ খেলি জাতীয় দলৰ পৰা অৱসৰ ল’ব বিচাৰে।

গেইলে কয়,’’মই বিশ্বকাপৰ অন্তিম মেচখন উপভোগ কৰিব বিচাৰিছিলো। এইটো আমাৰ বাবে লগতে মোৰ নিজৰ বাবেও অতি হতাশাজনক বিশ্বকাপ। সম্ভৱত: মোৰ কেৰিয়াৰৰ আটাইতকৈ হতাশাজনক এই বিশ্বকাপ। অৱশ্যে এনেকুৱা ঘটিয়েই থাকে।‘’

তেওঁ লগতে কয়, ‘’ আমাৰ এগৰাকী কিংবদন্তি ডোৱেইন ব্ৰেভোই অৱসৰ ল’লে। যি ঘটিল সেই সকলোবোৰ বাহিৰত ৰাখি তেওঁৰ সৈতে অলপ ফূৰ্তি কৰিছিলো। সমৰ্থকসকলৰ সৈতে কথা পাতিছিলো। মোৰ যিহেতু শেষ বিশ্বকাপ সেয়ে সকলোবোৰেই উপভোগ কৰিছিলো।‘’

Also Read:ৰাসলৈ আৰু মাত্ৰ কেইদিন; শৰতৰ ৰাতি বিতোপন কৰি তুলিবলৈ ব্যস্ত এতিয়া গাঁৱৰ যুৱতী-বোৱাৰী

অৱশেষত তেওঁ কিয় অৱসৰ নল’লে তাকো ক’লে। গেইলে কয়,’’মই অৱসৰ ঘোষণা কৰা নাই। প্ৰকৃততে, বোৰ্ডে জামাইকাত মোৰ ঘৰুৱা খেলপথাৰত মোৰ বাবে এখন মেচ ৰাখিছে। তেতিয়াই মই ক’ব পাৰো, বন্ধুসকল ধন্যবাদ। কিন্তু এতিয়াই সেইটো ক’ব নোৱাৰো।‘’