নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬-ৰ সপক্ষে ৭ জানুৱাৰিত জেপিচিয়ে প্ৰতিবেদন দাখিল কৰিলে আৰু ৮ জানুৱাৰিত লোকসভাত সি গৃ্হীত হ’ল। (৯ জানুৱাৰিত সেয়া ৰাজ্যসভাতো উত্থাপিত হ’ব।) ইয়াৰ লগে লগে অসমীয়াৰ সমুখত খাৰা হৈ পৰিল ইতিহাসৰ সবাতোকৈ ভয়ানক সংকট, এক অসাধাৰণ দুৰৱস্থা। এই দুৰৱস্থা, এই সংকট আমাৰ ওপৰত জাপি দিবলৈ আমাৰেই কিবা-কিছু দুৰ্বলতাই কেন্দ্ৰক সুবিধা কৰি দিয়া নাইতো? তাহানি ঢেকীয়াল ফুকনে অসমৰ দুৰৱস্থাৰ হেতু বিচাৰ কৰিছিল। আজি এই দুৰ্যোগৰ মুহূৰ্তত আমিও অসমীয়াৰ দুৰৱ্স্থাৰ হেতু নতুনকৈ বিচাৰিব লাগিব। দুৰ্বলতাবোৰ চিনাক্ত হ’লেহে শৰাইঘটীয়া ৰণ ভালকৈ এঘড়ী যুঁজিব পৰা যাব। তেন্তে সেই দুৰ্বলতাবোৰ কি কি?
১) আজিৰ তাৰিখত অসমীয়া জাতিৰ নেতৃত্বত আছে এনে এক মধ্যবিত্ত শ্ৰেণী যাৰ জাতিপ্ৰেম তেনেই ঠুনুকা, যাৰ ব্যক্তিগত ধান্দা আৰু সুবিধাবাদ সমুদ্ৰৰ জোৱাৰৰ দৰে, সংগ্ৰামতকৈ আপোচ যাৰ প্ৰিয় পথ, সুগভীৰ আৰু সুদূৰপ্ৰসাৰী চিন্তনৰ অনুশীলনত যাৰ অৰুচি, সস্তীয়া ছলনা, কপট আচৰণ আৰু জাতিপ্ৰেমৰ অভিনয়ত যাৰ নৈপুণ্য ঈৰ্ষাৰ বস্তু। সৰহভাগ দল-সংগঠনেই হৈছে এই লেহুকা আৰু স্বাৰ্থপৰ মধ্যবিত্তৰ তুচ্ছ-স্বাৰ্থময় আশা-আকাংক্ষাৰ প্ৰতিনিধি আৰু সেইবাবেই ইবোৰে বিপুল জন-গণৰ প্ৰকৃত সমস্যা আৰু আশা-আকাংক্ষাৰ ভিত্তিত দৃঢ়প্ৰতিজ্ঞ সংগ্ৰাম চলাবলৈ ভিতৰুৱা তাগিদা অনুভৱ নকৰে। জনগণৰ বিপুলাংশয়ো ইবোৰকে অৰ্জুনৰ ৰথৰ সাৰথি জ্ঞান কৰি ইবোৰৰ নেতৃত্ব মানি লয় আৰু সময়ে সময়ে থেকেচা খাই থাকে। ৰাষ্ট্ৰই নানাৰকমে ইবোৰক মেনেজ কৰি নিজৰ গণবিৰোধী অভীষ্ট সিদ্ধি কৰিবলৈ সুচল পায়।
২) অসমত দীৰ্ঘদিন ধৰি বাওঁ-গণতান্ত্ৰিক আন্দোলন নিস্তেজ হৈ থকাৰ ফলত বুনিয়াদী জনতাৰ সংগ্ৰামী ৰাজনৈতিক চেতনাৰ নবীন অভ্যুদয় নঘটিল; ৰাষ্ট্ৰৰ হিতাধিকাৰীৰ ভূমিকাতে জনতা মোহাৱিষ্ট আৰু সন্তুষ্ট হ’ব ধৰিলে; জাতীয় সম্পদৰ ওপৰত জাতিৰ দখল সুনিশ্চিত কৰি আত্মনিৰ্ভৰশীল জাতীয় অৰ্থনীতিৰে জাতিগঠন প্ৰক্ৰিয়া আগ বঢ়াই নিয়াৰ প্ৰয়াস অন্তৰ্হিত হ’ল; মধ্যবিত্ত শ্ৰেণীৰ নেতৃত্বৰ ওপৰত ভৰসা ৰাখি আৰু ৰাষ্ট্ৰৰ মনঃপুত ভাৱাদৰ্শ আত্মীকৰণ কৰি বিপুলাংশ জন-গণো গণতান্ত্ৰিক চেতনা আৰু প্ৰমূল্যৰ অনুশীলনৰ পৰা আঁতৰি থাকিল।
৩) গণতান্ত্ৰিক চেতনাৰ অভাৱৰ বাবেই মধ্যবিত্ত নেতৃত্বৰ লগতে বিপুলাংশ জনতায়ো জাতি-অনুকূল আৰু জাতি-প্ৰতিকূল উপাদান কি কি হ’ব পাৰে- তাক ঠাৱৰ কৰিব নোৱাৰিলে। উদাহৰণস্বৰূপে, অসমত অসমীয়াক আজিলৈকে সংখ্যাগৰিষ্ঠ ভাষিক সম্প্ৰদায় হিচাপে থিয় কৰি ৰখাত শতিকাজোৰা সহযোগ আগ বঢ়াই অহা চাহ জনগোষ্ঠী আৰু বিশেষকৈ মিঞা মুছলমানক মূলসুঁতিৰ অসমীয়াই আজিও নিজৰ এৰাব নোৱৰা ভাইৰূপে স্থান দিয়াত থেৰোঁ-গেৰোঁ কৰি থাকিল। আজিও “খিলঞ্জীয়া-অসমীয়া বিভাজন”ৰ পোষকতা কৰি এচাম মধ্যবিত্ত অসমীয়াই জাতিপ্ৰেমৰ নামত জাতিৰ হাতৰ কুঠাৰ জাতিৰ ভৰিতে মৰাৰ প্ৰলোভন সামৰিব পৰা নাই।
৪) প্ৰায় সকলো শ্ৰেণীৰ অসমীয়াৰ মাজতে প্ৰতিজ্ঞাৰ তীব্ৰতাৰ অভাৱ। অসমীয়াৰ দুৰৱস্থাৰ ই অন্য এক হেতু। জাতীয় নেতৃত্বৰ মধ্যবিত্ত শ্ৰেণীচৰিত্ৰৰ বাবেই অৱশ্যে এই অভাৱৰ প্ৰাচুৰ্য ঘটিছে। অনেক দল-সংগঠনে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰিলে, হুংকাৰ দিলে। কিন্তু, প্ৰতিজ্ঞাৰ বা তাৰ তীব্ৰতাৰ অভাৱত এনে এক ৰাজনৈতিক পৰিবেশ গঢ়ি নুতুলিলে যিয়ে বিধেয়কপন্থী দলক ৰাজনৈতিক দুৰ্যোগৰ মাজলৈ ঠেলি দিব পাৰে। প্ৰতিজ্ঞাৰ তীব্ৰতা থকা হ’লে সকলো স্থানীয় বিষয়-বিবেচনাকো নেওচি নাগৰিকত্ব আইন সংশোধনী বিধেয়ক হ’লহেঁতেন বিগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰধান ইছ্যু। অসমীয়া এক প্ৰচণ্ড জাতিপ্ৰেমী মানুহৰ সমষ্টি হোৱা হ’লে, অসমীয়াৰ বিধেয়ক-বিৰোধিতা আপোচহীন হোৱা হ’লে আৰু অসমীয়াৰ মনত প্ৰতিজ্ঞাৰ তীব্ৰতা থকা হ’লে উক্ত নিৰ্বাচনত বিধেয়কপন্থী দলে প্ৰাৰ্থী বিচাৰি হাবাথুৰি খালেহেঁতেন, ভোট বিচাৰিবলৈ গৈ পৰ্বতৰ কাছকণী কি বস্তু বুজি পালেহেঁতেন। কিন্তু, কি কংগ্ৰেছ, কি অগপ- কোনো দলেই ইয়াক নিৰ্বাচনী ইছ্যুৰ ৰূপ নিদিলে; বিধেয়কবিৰোধী আন্দোলনকাৰী শতেক জাতীয় সংগঠনেও ইয়াকে প্ৰধান নিৰ্বাচনী ইছ্যুৰূপে গণ্য কৰিবলৈ ৰাইজক নুবুজালে- বিধেয়কপন্থী দলক বেলটেৰ বলেৰে ওফোৰাই দিয়াটো এই সন্ধিক্ষণত জাতিৰক্ষাৰ কাম বুলি প্ৰচাৰ নচলালে। বিধেয়কৰ বিৰুদ্ধে সৰৱ সংবাদমাধ্যমো একপ্ৰকাৰ ‘নিৰপেক্ষ’ হৈ থাকিল। ফলত বিধেয়কপন্থী দল নিশ্চিত হ’ল যে বিধেয়ক গ্ৰহণ কৰিলে লাভ বেছি, লোকচান কম- অৰ্থাৎ বাঙালীৰ মাজত শক্তিশালী ভোটবেংক তৈয়াৰ হ’ব আৰু অসমীয়াৰ ভোটো বৰ বিশেষ ভাঙি নাযায়! নিশ্চিত হ’ল যে অসমীয়াৰ ভোট-ভংগ সাংবিধানিক ৰক্ষাকৱচৰ নামত ৰুধিব পৰা যাব আৰু হাজাৰ আন্দোলন কৰিলেও কংগ্ৰেছ বা অন্য বিৰোধী দলৰ বাবে সুবিধাজনক ৰাজনৈতিক নিৰ্ণয় এই সংঠনসমূহে নল’ব।
৫) বহু অসমীয়াই সাংবিধানিক ৰক্ষাকৱচৰ টোপ গিলিবলৈ সাজু হৈ থাকে। ই চুটি চিন্তাৰ পৰিণাম। টোপ-হেঁপেহুৱা অসমীয়াই ভাবি নাচায় যে ইন্দ্ৰই কৰ্ণক ছলি কৱচ-কুণ্ডল কাঢ়ি নিয়াৰ দৰে চৰকাৰেও ভৱিষ্যতৰ পৰিৱৰ্তিত পৰিস্থিতিত নতুন আইনী সংশোধনীৰে প্ৰদত্ত ৰক্ষাকৱচ আকৌ কাঢ়ি লৈ যাব পাৰে- যিদৰে আজি অসম চুক্তিকে ‘বেদৰ বাক্য নহয়’ বুলি কৈ উলাই কৰিব বিচাৰিছে। তদুপৰি ৰক্ষাকৱচ দিবলৈ গৈ কোনে কিমান পৰিমাণৰ ‘কৱচ’ পাব তাকে লৈ ভিন ভিন জনগোষ্ঠীৰ মাজত দুৰ্বাদল যুঁজ লগাই দিব পাৰে; “খিলঞ্জীয়া কোন”, “অসমীয়া কোন” আদি প্ৰশ্ন তুলি জাতীয় ঐক্য থানবান কৰিব পাৰে; “তোমালোক অসমীয়া হ’লেও খিলঞ্জীয়া নোহোৱা” –এনে কথাৰে অসমীয়া জাতিক সংখ্যাগৰিষ্ঠ কৰি ৰখাত অৱদান আগবঢ়োৱা কোনো কোনো সম্প্ৰদায়ক অসমীয়াৰ পৰাই দূৰলৈ হেঁচুকি জাতিৰ সমুখত সংখ্যালঘু হোৱাৰ বিপদ সুনিশ্চিত আৰু মূৰ্ত কৰি তুলিব পাৰে।
সমূহ অসমীয়াৰ গণতান্ত্ৰিক ঐক্য আৰু সংগ্ৰামেই অসমীয়াৰ আচল ৰক্ষাকৱচ; কুটিল ৰাষ্ট্ৰৰ হিতাধিকাৰীৰূপে প্ৰাপ্ত ৰক্ষাকৱচ সময়ত অসাৰ বা জঞ্জাল হৈ পৰাৰ দুৰ্ভাৱনা নুই কৰিব নোৱাৰি।
৬) অসমীয়াৰ দুৰৱ্স্থাৰ আন এক হেতু হৈছে বিতৰ্কিত বিধেয়ক প্ৰসংগত এচাম অসমীয়াৰ শৃংখলাহীন চিন্তা। বহু অসমীয়াই ভাবে যে খিলঞ্জীয়া অসমীয়াই সাংবিধানিক ৰক্ষাকৱচ পালে অসমলৈ অবৈধ হিন্দু বিদেশী বাংলাদেশী আহিলেও কোনো কথা নাই। অৰ্থাৎ ৰক্ষাকৱচ পালে ভাষিক সংখ্যালঘু হ’বলৈ এওঁসকলৰ আপত্তি নাই। ওপৰত কৈ আহিছোঁ কিদৰে ‘ৰক্ষাকৱচ’ অসাৰ বা বুমেৰাং হৈ পৰিব পাৰে। তদুপৰি ভাষিক সংখ্যাগৰিষ্ঠতা হেৰুৱালে জাতিটো ‘কৱচ-আবৃত’ অথচ এক হীনবল আৰু ৰুগ্ন জাতি হৈ পৰিব। কিছুমানে এনেকৈয়ো ভাবে যে অবৈধ হিন্দু বিদেশী বাংলাদেশী কেৱল অসমতে নাথাপি যদি সমগ্ৰ ভাৰতত বিতৰণ কৰি দিয়ে তেন্তে আপত্তি কৰাৰ থল নাই। কোৱা বাহুল্য, ভৌগোলিক আৰু ভাষিকভাৱে অসম-অসমীয়াৰ ওচৰৰ অবৈধ বাংলাদেশী অন্য প্ৰান্তৰপৰা পুণৰ অসমলৈকেই আহিবৰ সম্ভাৱনা বহল।
এই দুয়োচাম অসমীয়াই এই কথাটো উলাই কৰে যে বিতৰ্কিত বিধেয়ক কেৱল জাতিধ্বংসীয়েই নহয়, সংবিধানবিৰোধীও, অগণতান্ত্ৰিকো, সাম্প্ৰদায়িকো। পানীমিঠৈ গিলি সেইখন সমৰ্থন কৰিলে অসমীয়া জাতিৰ মৌলিক ধৰ্মনিৰপেক্ষ চৰিত্ৰ মলিন হৈ শেহান্তৰত জাতিটোকে বিপন্ন কৰিব।
সেয়েহে – “হে ক্ৰিপামই জগদীশ্বৰ!” তুমি এই অসমীয়া জাতিটোক সুমতি দিয়াঁ, জাতিটোক বচোৱাঁ। ফুলবাৰীৰ স্বপ্নত মগন অসমীয়াক আকৌ জঁয়াল হাবিত সোমোৱাৰপৰা বাৰণ কৰাঁ। অসম আৰু অসমীয়াৰ বাবে প্ৰাণঘাতী বৰবিহস্বৰূপ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬-ৰ পুৰোহিতসকলৰ বিৰুদ্ধে অনমনীয় ৰাজনৈতিক আচৰণ কৰাৰ সুবুদ্ধি সমূহ অসমীয়াৰ মগজত প্ৰবেশ কৰোৱাঁ। খুব পলমকৈ হ’লেও বিজেপিৰে মিত্ৰতা ছেদ কৰাৰ যি সুমতি অগপক দিছাঁ, সেয়া প্ৰতিজন অসমীয়াক প্ৰদান কৰাঁ, প্ৰতিজন অসমীয়াৰ সিৰাই সিৰাই বোৱাই দিয়া অমলিন, সুতীক্ষ্ণ জাতিপ্ৰেম, ধমনীয়ে ধমনীয়ে প্ৰবাহিত কৰোৱাঁ আচল গণতান্ত্ৰিক চেতনা আৰু মৈত্ৰীৰ উত্তাপ।
লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক
ইমেইল- [email protected]