NORTHEAST NOW (Assamese)

ৰাছিয়াৰ নাগৰিকত্ব পোৱাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰত চোৰাংচোৱাগিৰিত অভিযুক্ত স্নোডেনে কি ক’লে?

September 27, 2022 6:24 pm · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা সংস্থাৰ প্ৰাক্তন ঠিকাদাৰ এডৱাৰ্ড স্নোডেনক ৰাছিয়াই নাগৰিকত্ব প্ৰদান কৰিছে। মঙলবাৰে এক বিশেষ নিৰ্দেশনাত পুটিনে স্নোডেনৰ নাগৰিকত্ব নিশ্চিত কৰে।

স্নোডেনক আমেৰিকা যুক্তৰাষ্ট্ৰই চোৰাংচোৱা আৰু চৰকাৰী তথ্য চুৰি কৰাৰ অভিযোগত ৩০ বছৰৰ কাৰাদণ্ড বিহিছিল। ২০১৩ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত গণ নিৰীক্ষণৰ বিষয়ে সংবাদ মাধ্যমৰ ওচৰত তথ্য প্ৰকাশ কৰিছিল। এই ঘটনাৰ পিছতে তেওঁ হংকং হৈ ৰাছিয়ালৈ পলাই যায়।

স্নোডেন আৰু তেওঁৰ পত্নী লিণ্ডচে মিলছে ২০২০ চনত ৰাছিয়াৰ নাগৰিকত্বৰ বাবে আবেদন কৰিছিল। ৩৯ বছৰীয়া প্ৰাক্তন চিআইএৰ প্ৰাক্তন ঠিকাদাৰজন এতিয়া মস্কোত বাস কৰে। মঙলবাৰে নাগৰিকত্ব প্ৰদান নোহোৱালৈকে তেওঁক ৰাছিয়াত স্থায়ী বাসস্থান প্ৰদান কৰা হৈছিল।

স্নোডেনে টুইটাৰত লিখিছে, “১০ বছৰৰ নিৰ্বাসন আৰু দুবছৰৰ অপেক্ষাৰ পিছত ই (নাগৰিকত্ব) মোৰ পৰিয়ালক অলপ স্থিৰতা প্ৰদান কৰিব।” তেওঁ তেওঁৰ পৰিয়ালৰ সকলো সদস্যৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিছে। স্নোডেনে লিখিছে, “মই বহু বছৰ ধৰি মোৰ পিতৃ-মাতৃৰ পৰা পৃথক হৈ আছোঁ। মোৰ পত্নী আৰু মোৰ সন্তানৰ পৰা পৃথক হৈ থকাৰ কোনো ইচ্ছা নাই।

২০১৩ চনত স্নোডেনে আমেৰিকাৰ নিৰাপত্তা ঠিকাদাৰ বাজ এলান হেমিল্টনৰ কৰ্মচাৰী হিচাপে আমেৰিকাৰ হাৱাই দ্বীপত কাম কৰিছিল। কোম্পানীটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা সংস্থাৰ (এনএছএ) ঠিকাদাৰ আছিল। তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ দক্ষতাৰ অধিকাৰী স্নোডেনে  এনএছএৰ ‘টপ চিক্ৰেট’ শ্ৰেণীৰ বৃহৎ পৰিমাণৰ তথ্য সংবাদ মাধ্যম গাৰ্ডিয়ানক প্ৰদান কৰাৰ সিদ্ধান্ত লয়।

২০১৩ চনৰ জুনত গ্লেন গ্ৰীণৱৰ্ল্ডে তেওঁৰ দ্বাৰা প্ৰদান কৰা তথ্য প্ৰমানৰ ওপৰত ভিত্তি কৰি গাৰ্ডিয়ানত এলানি ধাৰাবাহিক প্ৰতিবেদন লিখিবলৈ আৰম্ভ কৰে। ফলত আমেৰিকাৰ শাসকপক্ষৰ মূৰত যেন বজ্ৰপাত হয়, খঙত ফাটি পৰে হোৱাইট হাউচ। এডৱাৰ্ড স্নোডেন তেওঁৰ নিজ দেশৰ চৰকাৰৰ বাবে ‘মোষ্ট ৱাণ্টেড আমেৰিকান’ হৈ পৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে তেওঁৰ বিৰুদ্ধে এক আন্তৰ্জাতিক পৰোৱানা জাৰি কৰে।

Related News