Airhostess locks man in room who raped her নিজৰ ঘৰতেই ধৰ্ষণৰ বলি হয় এগৰাকী বিমানসেৱিকা (এয়াৰ হোষ্টেছ)। অভিযোগ কৰা হৈছে যে মদ্যপ অৱস্থাত হৰজিৎ যাদৱে ফ্লেটটোত প্ৰৱেশ কৰিছিল আৰু বিমান সেৱিকআগৰাকীক ধৰ্ষণ কৰিছিল।
দিল্লীৰ খানপুৰৰ বাসিন্দা হৰজিৎ এটা ৰাজনৈতিক দলৰ ব্লক সভাপতি। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
লগতে পঢ়ক: সমীক্ষা: ভাৰতীয়সকলে আৰু বিচৰা নাই সন্তান! কোনখন ৰাজ্যত আটাইতকৈ কম শিশু জন্মৰ হাৰ?
ঘটনাটো দক্ষিণ দিল্লীৰ মেহৰৌলি অঞ্চলত সংঘটিত হৈছিল। জানিব পৰা গৈছে যে ঘটনাৰ ভুক্তভোগীয়ে অভিযুক্তক তেওঁৰ ফ্লেটত বন্দী কৰি ৰাখিছিল। ভুক্তভোগীয়ে আৰক্ষীক জনাইছে যে তেওঁ ডেৰ মাহ আগতে হৰজিতক লগ পাইছিল।
হৰজিতে দেওবাৰে নিশা নিচাগ্ৰস্ত অৱস্থাত ফ্লেটলৈ আহিছিল আৰু তেওঁক বলপূৰ্বক ধৰ্ষণ কৰিছিল। ভুক্তভোগীয়ে হৰজিতক ফ্লেটত বন্দী কৰি ১১২ ডায়েল কৰিছিল আৰু ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল। ফোন পোৱাৰ পিছত অতি শীঘ্ৰেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু হৰজিতক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক: বলীউদৰ বৰ্ষীয়ান অভিনেত্ৰী আশা পাৰেখলৈ দাদাচাহেব ফালকে বঁটা
দিল্লী আৰক্ষীৰ ডেপুটি কমিছনাৰ (দক্ষিণ) চন্দন চৌধুৰীয়ে কয় যে দেওবাৰে মেহৰৌলি আৰক্ষী থানালৈএটা ফোন আহিছিল। ধৰ্ষণৰ অভিযোগ তুলি ফোনটো আহিছিল। আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰে। অভিযুক্তজনৰ বিৰুদ্ধে বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। আদালতে অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।