NORTHEAST NOW (Assamese)

বন্ধ হ’ব নেকি টুইটাৰ? নিজেই এয়া কি ইংগিত দিলে এলন মাস্কে!

November 18, 2022 8:23 pm · এন ই নাও নিউজ, গুৱাহাটী

টুইটাৰত গণ ছাঁটাইৰ পিছতে জল্পনা-কল্পনা আৰম্ভ হৈছিল। শুনা গৈছিল যে এই মাইক্ৰ’ব্লগিং ছাইটটো অতি সোনকালে বন্ধ হ’ব পাৰে। ইপিনে, বৃহস্পতিবাৰে কোম্পানীটোত কৰ্মচাৰীসকলৰ গণ পদত্যাগৰ পিছত টুইটাৰ কৰ্তৃপক্ষই কাৰ্যালয়টো ২১ নৱেম্বৰলৈকে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। এই বাতৰিটো বিয়পি পৰাৰ লগে লগে টুইটাৰ বন্ধ কৰা হ’ব বুলি পুনৰ চিন্তা আৰম্ভ হৈছিল। এলন মাস্কে নিজেই বিষয়টোত ইন্ধন যোগাই টুইট কৰিছিল।

এলন মাস্কে শুকুৰবাৰে টুইটাৰত এটা মিম পোষ্ট কৰিছে। এটা সমাধিৰ ওপৰত এটা টুইটাৰ লোগো লিখা দেখা গৈছে। এজন লোকক টুইটাৰৰ সমাধিৰ সন্মুখত প’জ দিয়া আৰু ফটো তোলা দেখা গৈছে। ব্যক্তিজনৰ মুখত এটা টুইটাৰ লোগো আছে।

অৰ্থাৎ, এলনে ক’ব বিচাৰে যে ব্যৱহাৰকাৰীসকলে টুইটাৰ বন্ধ হোৱাৰ বাতৰিৰ বিষয়ে কথা পাতিবলৈ আৰম্ভ কৰিছে। এলনে ধেমেলীয়াকৈ এই মিমটো টুইট কৰিছিল। একে সময়তে তেওঁ এটা কংকালৰ ইমোজি পোষ্ট কৰিছিল।

আন এটা টুইটত এলন মাস্কে কয়, “আৰু টুইটাৰে ব্যৱহাৰৰ ক্ষেত্ৰত নতুন উচ্চতাত উপনীত হৈছে।”

আনহাতে, টুইটাৰ ক্ৰয় কৰাৰ পিছৰে পৰাই বিতৰ্কই এলন মাস্কৰ লগ এৰা নাই। সমগ্ৰ বিশ্বতে প্ৰথমে ব্লুটি টিকৰ সদস্যতা আৰু তাৰ পিছত কোম্পানীটোত ব্যাপক ছাঁটাইক লৈ সমালোচনাৰ জোৱাৰ উঠিছিল। একে সময়তে কৰ্মচাৰীসকলে অভিযোগ কৰিছিল যে নতুন গৰাকীয়ে দায়িত্ব লোৱাৰ পিছত কামৰ বোজা যথেষ্ট বৃদ্ধি পাইছে।

এলনে কৰ্মচাৰীসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে তেওঁলোকক ছাঁটাই কৰাৰ ভাবুকি দিয়া অব্যাহত ৰাখিছিল। মাস্কৰ সতৰ্কবাণীৰ মাজতে কৰ্মীসকলে টুইটাৰৰ পৰা পদত্যাগ কৰে। বাতৰি অনুসৰি, মাস্কৰ সতৰ্কবাণীৰ প্ৰতিবাদত বৃহস্পতিবাৰে টুইটাৰত শ শ কৰ্মচাৰীয়ে পদত্যাগ কৰে।

বৃহস্পতিবাৰে, কোম্পানীৰ আভ্যন্তৰীণ গ্ৰুপ চ্যাটটো চেলুট আৰু বিদায় ইমোজিৰে ভৰি আছিল। বহু সংখ্যক কৰ্মচাৰীয়ে হঠাতে কোম্পানী এৰি যোৱাৰ বাবে কৰ্তৃপক্ষই খৰখেদাকৈ কাৰ্যালয়টো বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। টুইটাৰ কাৰ্যালয়সমূহ ২১ নৱেম্বৰলৈকে বন্ধ ৰখা হৈছে।

অৱশ্যে বৃহস্পতিবাৰে পদত্যাগ কৰা কৰ্মচাৰীৰ সঠিক সংখ্যা জানিব পৰা হোৱা নাই। চাকৰি এৰি দিয়া এজন অভিযন্তাই কৈছে যে আন্তঃগাঁথনি ৰক্ষণাবেক্ষণৰ গোটেই দলটোৱে স্বেচ্ছাই পদত্যাগ কৰিছে। তেওঁলোকে দাবী কৰে যে এজন দক্ষ পেছাদাৰী হিচাপে নতুন চাকৰি বিচাৰি পোৱাত কোনো সমস্যা নহ’ব।  অভিযন্তাজনৰ মতে অতি সোনকালেই আৰু অধিক কৰ্মচাৰীয়ে টুইটাৰৰ পৰা পদত্যাগ কৰিব।

Related News