NORTHEAST NOW (Assamese)

নিশা টোপনি নাহিলে কি কৰিব? জানি লওক টোপনি অহাৰ কিটিপ

January 12, 2025 8:22 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

নিশা টোপনি নাহে নেকি আপোনাৰ? টোপনি যাবলৈ বিচনাত উঠাৰ ঘন্টা ঘন্টাৰ পিছতো যদি আপোনাৰ টোপনি নাহে তেন্তে ই এটা ডাঙৰ সমস্যা। সেয়ে এই সমস্যাৰ পৰা মুক্তি লাভ কৰিব পৰা কেইটামান সহজ কিটিপ আপোনাক জনাবলৈ ওলাইছোঁ –

১. বিচনালৈ যোৱাৰ আগতে ৩০ৰ পৰা ৬০ মিনিট সময় পঢ়া শুনা বা ধ্যান কৰিব লাগে।

২. শোৱাৰ আগতে ইলেক্ট্ৰনিক ডিভাইচ, যেনে ফোন আৰু টেবলেট পৰিহাৰ কৰক, কাৰণ ইয়াৰ পৰা ওলোৱা নীলা পোহৰে আপোনাৰ টোপনিত বাধা দিব পাৰে।

৩. শোৱাৰ আগতে কোঠাৰ বাল্ব বন্ধ কৰক।

৪. নিশ্চিত কৰক যাতে আপোনাৰ বিচনা, গাৰু, তুলি আদি আৰামদায়ক হয়।

৫. লাহে লাহে আৰু গভীৰভাৱে উশাহ লওক যাতে আপোনাৰ স্নায়ুতন্ত্ৰ শান্ত হয়।

৬. শোৱাৰ আগতে কেফেইন আৰু নিকটিন জাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক।

৭.  মদ্যপান সীমিত কৰক।

৮. কাম কৰা, পঢ়া-শুনা, টিভি চোৱাৰ বাবে আপোনাৰ বিচনাখন ব্যৱহাৰ নকৰিব। বিচনাখন সদায় শোৱাৰ বাবেই ব্যৱহাৰ কৰক।

৯. টোপনি নহাৰ সমস্যাটো বেছিকৈ হ’লে চিকিৎসকৰ কাষ চাপক।

Related News