স্বাধীনতাৰ অৰ্থ কি? ই কেৱল ৰাজনৈতিক আৰু অৰ্থনৈতিক শোষণৰ পৰা মুক্তিনেকি? দেশ এখনৰ কাৰণে বা এটা জাতিৰ কাৰণে স্বাধীনতাৰ সেইটোৱে অৰ্থ। তাক আমি স্বাধীনতাৰ সমূহীয়া সংজ্ঞা বুলি ক’ব পাৰোঁ।কিন্তু দেশ এখন বা জাতি এটা ৰাজনৈতিক বা অৰ্থনৈতিক শোষণৰ পৰা মুক্ত হ’লেই সি স্বাধীন হ’বনে? কেতিয়াও নহয়।এই বিষয়টো গান্ধীজীযে তেখেতৰ মূল্যবান গ্ৰন্থ ‘হিন্দ স্বৰাজ’ত বিশদভাবে আলোচনা কৰিছে। বৃটিছ গ’লেই আপোনা আপনি ভাৰত স্বাধীনহৈ নায়ায়। প্ৰকৃত স্বৰাজ লাভ কৰিবলে আমি আমাৰ ৰাজনীতি, অৰ্থনীতি আৰু সংস্কৃতিৰ পুনৰ মূল্যায়ন কৰি, নিজকে মানসিক পৰাধীনতা আৰু গোলামিৰ পৰা মুক্ত কৰি নিজে নিজৰ ওপৰত নিৰ্ভৰশীল হ’ব পাৰিব লাগিব। স্বাধীনতাৰ আধিপত্য(Hegemony)ৰ লগত কি সম্পৰ্ক সেই কথাটো অতি সুন্দৰকৈ আলোচনা কৰিছে ইটালীৰ চিন্তাবিদ এন্টনিঅ’ গ্ৰামচিয়ে।
আধিপত্যৰ ধাৰণাটো বিশ্বজনীন আৰু সৰ্বগ্ৰাসী। ক্ষমতা আৰু আধিপত্যই প্ৰত্যক্ষ আৰু পৰোক্ষভাবে কেনেকৈ সকলোৰে ওপৰত আধিপত্য বিস্তাৰ কৰে, প্ৰভাৱ পেলায় তাক গ্ৰামচিৰ আধিপত্যৰ ধাৰণাই অতি সুন্দৰকৈ ব্যাখ্যা কৰে। এইখিনিতে ফৰাচী চিন্তবিদ ফুক’ৰ ক্ষমতা(Power) ৰ ধাৰণাটোও কম গুৰুত্বপূৰ্ণ নহয়।সকলো ক্ষেত্ৰতে ক্ষমতাৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী।তাৰ মনোবৈজ্ঞানিক দিশটোও অতি গুৰুত্বপূৰ্ণ। গ্ৰামচিয়ে যদি সমূহ আৰু সমষ্টিৰ ওপৰত গুৰুত্ব দিছে, ফুকুৱে গুৰুত্ব দিছে ব্যক্তিত অধিক সূক্ষ্মাতিসূক্ষ্মকৈ।আনহাতে সাংস্কৃতিক আধিপত্যৰ প্ৰশ্নটো ভালদৰে বুজিপোৱা যায় ঔপনিৱেশিক শোষণৰ আলোচনাৰ যোগেদি।
ঔপনিৱেশিক শোষণ কেৱল ৰাজনৈতিক আৰু অৰ্থনৈতিক শোষণেই নহয়। ই ঘাইকৈ এক সাংস্কৃতিক আধিপত্য- এক মানসিক গোলামী। এডোৱাৰ্ড চাইড, চিনুৱা আচেৱে, এমে চিজিয়াৰৰ চিন্তাৰ মূল বক্তব্যই সেইটোৱেই।ভাৰতৰ ইতিহাস অধ্যয়নত এই বিষয়ে বিস্তৰ আলোচনা হৈছে।ইংৰাজী ভাষা আৰু পাশ্চাত্য শিক্ষা পদ্ধতিয়ে আমাক ইউৰুপীয় নৱজাগৰণৰ লগত চিনাকি কৰি দিছে সঁচা। কিন্তু ই একে সময়তে আমাৰ মৌলিক চিন্তা পংগু কৰি পেলাইছে।এই মতবাদ তত্ত্ব সূত্ৰ সমূহৰ উপলক্ষ সদায় সমূহ, সমাজ, সমষ্টি, ব্যক্তি নহয়।
কিন্তু ভাৰতৰ দুগৰাকী ব্যক্তিৰ জীৱনাদৰ্শত আমি স্বাধীনতাৰ যি ব্যাখ্যা আৰু অৰ্থ পাওঁ সি সমষ্টি আৰু সামূহিক জীৱনৰ উৰ্দ্ধত। সেই দুগৰাকী ব্যক্তি হ’ল ৰবীন্দ্ৰনাথ আৰু গান্ধী।স্বাধীনতা সংগ্ৰামৰ দুই প্ৰেৰণা পুৰুষ।ৰবীন্দ্ৰনাথৰ সেই বিখ্যাত কবিতাটি ….চিত্ত যেথা ভয়শূন্য আৰু গান্ধীৰ স্ব শাসনে স্বৰাজ উক্তিৰ কথা কোনে নাজানে। এজন ব্যক্তিৰ কাৰণে স্বাধীনতা মানে কি? স্বাধীনতাৰ সংজ্ঞা কি? ব্যক্তিৰ স্বাধীনতাৰ সংজ্ঞাটোৰ লগত সামূহিক সংজ্ঞাবোৰৰ লগত কোনো সম্পৰ্ক নাই তেনে নহয়।দেখাত দুয়োটা একে যেনেই লাগে, কিন্তু প্ৰকৃততে দুয়োটাৰ মাজত এক তফাৎ আছে।ইয়াৰ মুখ্য উপাদান তিনিটা-ভয়,নিসঙ্গতা আৰু স্বনিৰ্ভৰশীলতা।
এই তিনিওটা উপাদানৰ এটাৰ লগত আনটোৰ সম্পৰ্ক এৰাব নোৱৰা।ভয় স্বাধীনতাৰ এক প্ৰধান অন্তৰায়।মই নিজে ভবা বা বিস্বাস কৰা কথাটোত মই অটলহৈ আছোনে নাই? ঘৰৰ মূধচত উঠি সকলো সময়তে সেইটো চিঞৰি থাকিম তেনে কথা নহয়। কিন্তু প্ৰয়োজনত মোৰ বিশ্বাস সদৰি কৰাত মোৰ কোনো দ্বিধা থাকিব নালাগিব।
নিসংগতা- মোৰ বিশ্বাস বা আদৰ্শৰ বাবে কোনোৱে যদি মোক সংগ নিদিয়ে, মই যদি সকলোৰে পৰা মানসিক আৰু স্থানিকভাবে বিচ্ছিন্ন, নিঃসংগহৈ পৰোঁ সি মোক বিচলিত কৰিব নালাগিব।অকলশৰে আগবাঢ়ি যোৱাৰ সাহস মোৰ থাকিব লাগিব।তাকলৈ লম্ফযম্ফ কৰাৰ কথা নাই, কিন্তু সেই সাহস মোক লাগিব।স্বনিৰ্ভৰশীলতা মানে কি? মোৰ অস্তিত্বৰ কাৰণে কাৰোৰে ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ মই বাচি থাকিব পাৰিমনে নাই? মই যদি নিজকে স্বাধীন বুলি ভাবো আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ মই নিজে বাচি থাকিব পাৰিব লাগিব। কোনোবাই ক’ব পাৰে আপোনাক আনৰ সহায়, মৰম, চেনেহ নালাগেনেকি? কিয় নালাগে, লাগে? কিন্তু তাৰবাবে মই হামখুৰি খাই পৰিম নে কাৰো পৰা কোনো প্ৰতিদান নিবিচাৰেকৈ সকলোকে মোৰ প্ৰেম আৰু মৰম ভালপোৱা যাচিম?
এৰিক ফ্ৰমে ‘The Art of Loving’ নামৰ কিতাপখনত সেইটোকে কোৱা নাছিলনে? সেই কাৰণেই তেওঁ প্ৰেমত পৰাৰ সলনি প্ৰেমত থিয় হোৱাৰ কথা কৈছিল।তেওঁ কৈছিল: “Love is an activity, not a passive affect; it is ‘standing in’ not a ‘falling for’. In the most general way, the active character of love can be described by stating that love is primarily giving not receiving.” গতিকে প্ৰেম ভালপোৱা দিয়াতহে লোৱাত নহয়। ই এক সক্ৰিয় উদ্যোগ, নিষ্ক্ৰিয় কৰ্ম নহয়।
কি কাৰণে জানো আজিৰ পৰা ৪৭ বছৰ আগতে সেইকাৰণেই বোধহয় মহেশ্বৰ নেওগে মোক অট’গ্ৰাফ দিছিল এই কথাষাৰ লিখি।এই কথাটো কোৱা যিমান সহজ কৰাটে সিমান সহজ নহয়।কিন্তু যাৰ আনৰ প্ৰতি কোনো প্ৰেম বা ভালপোৱা নাই তাৰ কাৰণে স্বাধীনতাৰ কোনো অৰ্থ নাই। কিন্তু এই ভালপোৱাত পোৱাৰ, প্ৰতিদান বিচৰাৰ কোনো আকাঙ্খা থাকিব নালাগিব।মই ভালপাব লাগিব। তাৰ কোনো প্ৰতিদান বিচাৰিব নালাগিব। তেতিয়াহে মই স্বতন্ত্ৰ, স্বাধীন হ’ব পাৰিম। । must not live with the support of someone. I must be able to live truly independently. সেয়ে মই ভাবো নিজৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকাৰ কাৰণে যি সাহস আৰু সামৰ্থ্য লাগে সিয়ে হ’ল স্বাধীনতা। ৰবীন্দ্ৰনাথৰ তলৰ কবিতাটোতে যেন স্বাধীনতাৰ এই অৰ্থ বাংময়হৈ উঠিছে। এই কবিতাটোত কবিগুৰুৱে স্বাধীনতাৰ যি ব্যাখ্যা আগবঢ়াইছে স্বাধীনতাৰ ইয়াতকৈ ভাল ব্যাখ্যা মোৰ চকুত পৰা নাই। ইয়াৰ প্ৰতিটে পংক্তিতে স্বাধীনতাৰ অৰ্থ ভাস্বৰহৈ উঠিছে।গান্ধীজীয়ে এনেয়ে এই কবিতাটি ইমান ভালপোৱা নাছিল:
যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে।
একলা চলো, একলা চলো, একলা চলো, একলা চলো রে॥
যদি কেউ কথা না কয়, ওরে ওরে ও অভাগা,
যদি সবাই থাকে মুখ ফিরায়ে সবাই করে ভয়—
তবে পরান খুলে
ও তুই মুখ ফুটে তোর মনের কথা একলা বলো রে॥
যদি সবাই ফিরে যায়, ওরে ওরে ও অভাগা,
যদি গহন পথে যাবার কালে কেউ ফিরে না চায়—
তবে পথের কাঁটা
ও তুই রক্তমাখা চরণতলে একলা দলো রে॥
যদি আলো না ধরে, ওরে ওরে ও অভাগা,
যদি ঝড়-বাদলে আঁধার রাতে দুয়ার দেয় ঘরে—
তবে বজ্রানলে
আপন বুকের পাঁজর জ্বালিয়ে নিয়ে একলা জ্বলো রে॥