• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 13, 2025 9:07 pm
ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সন্ত্ৰাসবাদীয়ে আক্ৰমণে কৰিলে ভাৰতে প্ৰত‍্যুত্তৰ দিব

কিন্তু সন্ত্ৰাসবাদীয়ে যাতে  আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে কি কৰিব?

ব‍্যৱসায় আৰু সন্ত্ৰাসবাদ একেলগে নচলে

কিন্তু ট্ৰাম্পে জানো বাণিজ‍্যিক চুক্তিৰ কথা কৈয়ে ভাৰত- পাকিস্তানক যুদ্ধ বিৰতিৰ বাবে সন্মত কৰা নাই?

কালি সন্ধিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি ক’লে আৰু কি নক’লে? মোদীৰ কালি নিশাৰ ভাষণটোৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে, যোৱা ২২ এপ্ৰিলত পেহালগামৰ নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ  পিছত ঘটা মূল মূল ঘটনাবোৰৰ কালানুক্ৰমটো,  যাক ইংৰাজীত  chronology বুলি কয়  আমি মনত পেলোৱা দৰকাৰ। এপ্ৰিলৰ ২২ তাৰিখে পেহালগামত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে। পিছদিনা ২৩ এপ্ৰিলত সিন্ধু চুক্তি বাতিল কৰাকে আদি কৰি  ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰে। এপ্ৰিলৰ ২৪ তাৰিখে চৰকাৰে সৰ্বদলীয় সভা অনুষ্ঠিত কৰে। কিন্তু সেই সভাত প্ৰধানমন্ত্ৰী উপস্থিত নাথাকি  বিহাৰত নীতিশ কুমাৰৰ লগত নিৰ্বাচনী সভা সম্বোধন কৰাত ব‍্যস্ত থাকে।এইখিনিতে উল্লেখ কৰা দৰকাৰ যে সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পিছত ভাৰতে সকলো চৰকাৰী কাৰ্যসূচী স্থগিত ৰাখিছিল।মোদীয়ে কিন্তু তেওঁৰ বিহাৰৰ সভাখন বাতিল কৰা নাচিল।

তাৰপিছত,  ৭ মেৰ দিনা ভাৰতৰ সৈন‍্য বাহিনীয়ে পাকিস্তানত থকা নটা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলালে। তাৰ প্ৰত‍্যুত্তৰত পাকিস্তানে ৮ মেৰ দিনা ভাৰত-পাকিস্থান সীমান্ত অঞ্চলত নিৰ্বিচাৰে আক্ৰমণ কৰিলে। ভাৰতৰ ভালে সংখ‍্যক সাধাৰণ মানুহ হতাহত হ’ল।এনেদৰে দুয়োখন দেশৰ মাজৰ উত্তেজনা চলি থাকিল। দুয়োখন দেশৰে সামৰিক ক্ষয় ক্ষতি হ’ল। আকৌ ভাৰতে ৮ মেৰ দিনা দ্বিতীয়বাৰৰ বাবে সৰ্বদলীয় বৈঠক পাতিলে। এইবাৰো প্ৰধানমন্ত্ৰী অনুপস্থিত থাকিল। তেনদৰে ভাৰত-পাকিস্তানৰ মাজত সামৰিক উত্তেজনা অব‍্যহত থাকিল। ইতিমধ‍্যে আমাৰ প্ৰভু ভক্ত প্ৰচাৰ মাধ‍্যমে কৰাচী বন্দৰ ধৱংস কৰি পেলায়।তেওঁলোক গৈ আনকি ইচলামাবাদো পায়গৈ।কিন্তু প্ৰচাৰ মাধ‍্যমত এনেদৰে তুমুল যুদ্ধোন্মদনা চলি থকাৰ মাজতে  হঠাৎ শনিবাৰে সন্ধিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পৰা এই  টুইতটো আহিল।

“After a long night of talks mediated by the United States, I am pleased to announce that India and Pakistan have agreed to a FULL AND IMMEDIATE CEASEFIRE. Congratulations to both Countries on using Common Sense and Great Intelligence. Thank you for your attention to this matter!” গতিকে আমেৰিকাই ওৰে নিশা উজাগৰে থাকি ভাৰত-পাকিস্তানক যুদ্ধ বিৰতিৰ বাবে সন্মত কৰালে। তেওঁলোকে সাধাৰণজ্ঞান প্ৰচুৰ বুদ্ধিমত্তাৰ পৰিচয় দি সেই সিদ্ধান্তত উপনীত হোৱা বাবে দুয়োখন দেশকে ট্ৰাম্পে ধন‍্যবাদ জনালে।তাৰপিছত মাত্ৰ পাঁচ মিনিটৰ বাবে আমাৰ বৈদেশিক সচিব সংবাদ মেল পাতি সাংবাদিক সকলৰ পৰা কোনো প্ৰশ্ন নোলোৱাকৈ পাকিস্তানৰ সৈতে হোৱা সামৰিক উত্তেজনা বিৰতিৰ ঘোষণা কৰিলে। সেই দিনা তেওঁ কি কৈছিল শুনকচোন। এনেদৰে উত্তেজনা প্ৰশমনৰ চুক্তি হোৱাৰ পিছতো কিন্তু জন্মু-কাশ্মীৰত সীমান্তৰ সিপাৰৰ পৰা মাজে মাজে বোমা বাৰুদ ফুটাই থকাৰ খবৰ পোৱা গ’ল। ভাৰতে পাকিস্তানে উত্তেজনা প্ৰশমনৰ চুক্তি ভংগ কৰাৰ কথা কৈছে আৰু ভাৰতৰ বিৰুদ্ধেও অনুৰূপ অভিযোগ পাকিস্তানৰ পৰা কৰা হৈছে।

এই ঘটনাক্ৰমৰে শেহতীয়া ঘটনাটো হৈছে কালি সন্ধিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰৰ উদ্দেশ‍্যে দিয়া ভাষণটো।  বুদ্ধ পূৰ্ণিমাৰ দিনা শান্তিৰ কথা কৈ মোদীয়েজীয়ে ঠিক কথাই কৈছে। সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া ৰাষ্ট্ৰ যে সন্ত্ৰাসবাদৰে বলি হয়। সেইটোও মোদী ডাঙৰীয়াই উচিত কথাই কৈছে। তেওঁ আৰু কি ক’লে  “ সিন্দুৰ অভিযান সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ প্ৰত‍্যুত্তৰ। ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লেই আমি প্ৰত‍্যাক্ৰমণ চলাম। সন্ত্ৰাসবাদ য’ৰ পৰা উৎপত্তি হয় আমি তাতো আক্ৰমণ চলাম।আমাক আনবিক শক্তিৰ ভয় দেখুৱালে নচলিব। সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকতাৰ মাজত আমি একো পাৰ্থক‍্য নাৰাখোঁ(Operation Sindoor is our policy against terror. If there is a terror attack on India, we will hit back. We will take stern action at every place from where the roots of terror spring forth. India will not accept any nuclear blackmail… We won’t see the government that sponsors terror and terror outfits as different.) কিন্তু সন্ত্ৰাসবাদী আক্ৰমণ প্ৰতিহত কৰা সম্পৰ্কে আমি প্ৰধানমন্ত্ৰী মহোদয়ৰ পৰা কিবা শুনিলো জানো।আক্ৰমণ এটা সংঘটিত হোৱাৰ পিছত কি হয়? ক্ষতি হৈয়ে যায়।যিটো পেহেলগামত হ’ল। কিন্তু তাত যদি উপযুক্ত নিৰাপত্তা থাকিলহেঁতেন তেতিয়াতো এই ৰোমহৰ্ষক ঘটনাটোৱে নঘটিলেহেঁতেন। গতিক প্ৰত‍্যুত্তৰতকৈ প্ৰতিহত কৰাটোহে বেছি জৰুৰী কথা নহয় জানো? সেই সম্পৰ্কে কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ মুখত আমি একো প্ৰতিশ্ৰুতি নুশুনিলোঁ।

মোদীয়ে ক’লে সন্ত্ৰাসবাদ আৰু বাণিজ‍্য একেলগে নচলে। এতিয়া ট্ৰাম্পৰ এই কথাখিনি শুনকচোন। ট্ৰাম্পে কি ক’লে ? বাণিজ‍্যৰ ভয় দেখুৱায়ে ভাৰত-পাকিস্তানক যুদ্ধ-বিৰতি ঘোষণা কৰিববলৈ বাধ‍্য কৰা বুলি কোৱা নাই জানো? এই সম্পৰ্কে মোদী কিয় একো নক’লে। ট্ৰাম্পৰ এই কথাখিনি আমাৰ সাৰ্বভৌমত্বৰ প্ৰতি ইতিকিং নহয়নে? ইয়াৰ আগতে কোনোবাই দেখদেখকৈ ভাৰতক এনেকৈ অপমান কৰিব পাৰিছিলনে?  গতিকে মোদীয়ে সকলো ক’লে অথচ একো নকলে। আৰু মোদীৰ ভাষণ শেষ হওতেই নৌহতেই আকৌ আমি কিয় ৰাজস্থান আৰু পঞ্জাৱৰ সীমান্ত অঞ্চলত পাতিস্তানৰ পৰা একাধিক দ্ৰোণ আক্ৰমণৰ সন্মুখীন হ’লো? গতিকে ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

August 16, 2025 7:46 am
গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

August 16, 2025 6:30 am
ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

August 16, 2025 7:46 am
গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

August 16, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd