ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকলে কিমান পাৰিশ্ৰমিক লাভ কৰে?
আজি আমি এই বিষয়ে আপোনালেকক জনাব বিচাৰিছো।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে ভাৰতীয় মহিলা ক্ৰিকেট খেলুৱৈসকলক তিনিটা ‘গ্ৰেড’ত ভাগ কৰি চুক্তিৱদ্ধ কৰিছে। এইকেইটা হৈছে ক্ৰমে ‘এ’, ‘বি’ আৰু ‘চি’। এই চুক্তি ২০১৯ৰ অক্টোবৰৰ পৰা ২০২০ ছেপ্টম্বৰলৈকে। প্ৰতিবছৰে এই চুক্তি নৱীকৰণ কৰা হয়।
উল্লেখ্য যে ভাৰতীয় পুৰুষ ক্ৰিকেট দলকো এই তিনিটা ‘গ্ৰেড’ত ভাগত চুক্তিৱদ্ধ কৰা হয়। কিন্তু পুৰুষ আৰু মহিলা ক্ৰিকেটাৰৰ মাজত পাৰিশ্ৰমিকৰ ক্ষেত্ৰত বিস্তৰ ব্যৱধান আছে। পুৰুষৰ ‘এ’ গ্ৰেডৰ খেলুৱৈয়ে বছৰি লাভ কৰে ৫ কোটি টকা আৰু ‘এ’ গ্ৰেডৰ মহিলা খেলুৱৈয়ে বছৰি লাভ কৰে মাত্ৰ ৫০ লাখ টকা।
বি চি চি আইৰ বাৰ্ষিক চুক্তি ২০১৯-২০২০
জ্যেষ্ঠ মহিলা ক্ৰিকেট খেলুৱৈঃ গ্ৰেড ‘এ’ — পাৰিশ্ৰমিক ৫০ লাখ টকা।
জ্যেষ্ঠ মহিলা ক্ৰিকেট খেলুৱৈঃ গ্ৰেড ‘বি’ — পাৰিশ্ৰমিক ৩০ লাখ টকা।
জ্যেষ্ঠ মহিলা ক্ৰিকেট খেলুৱৈঃ গ্ৰেড ‘চি’ — পাৰিশ্ৰমিক ১০ লাখ টকা।
মহিলা ক্ৰিকেট খেলুৱৈসকলৰ গ্ৰেডৰ বিতং তথ্য-
গ্ৰেড ‘এ’ত বৰ্তমান তিনিগৰাকী মহিলা ক্ৰিকেট খেলুৱৈ আছে। পূৰ্বে চাৰি গৰাকী আছিল যদিও মিতালী ৰাজে গ্ৰেড ‘এ’ৰ পৰা বাদ পৰাত বৰ্তমান তিনিগৰাকী খেলুৱৈ আছে।
১. পুনম যাদৱ
২. হৰমনপ্ৰীত কৌৰ
৩. স্মৃতি মান্ধানা
গ্ৰেড ‘বি’ত আঠ গৰাকী খেলুৱৈ আছে।
১. মিতালী ৰাজ
২. ঝুলন গোস্বামী
৩. একতা বিষ্ট
৪. ৰাধা যাদৱ
৫. তানিয়া ভাটিয়া
৬. শিখা পাণ্ডে
৭. জেমিনা ৰ’ড্ৰিগেজ
৮. দিপ্তী শৰ্মা
গ্ৰেড ‘চি’ত এঘাৰ গৰাকী খেলুৱৈ আছে।
১. বেদা কৃষ্ণামূৰ্তি
২. পুনম ৰাউট
৩. মানসী যোশী
৪. অনুজা পাল
৫. হেমলতা
৬. অৰুন্ধতী ৰেড্ডি
৭. ৰাজেশ্বৰী গাইকোৱাড
৮. পূজা বাষ্ট্ৰকাৰ
৯. হাৰ্লিন দেউল
১০. প্ৰিয়া পুনিয়া
১১. শ্বেইফলী বাৰ্মা