NORTHEAST NOW (Assamese)

ক’ৰ’না সংকটৰ সময়ত কি ৫ বিধ খাদ্যই সুস্থ ৰাখিব আপোনাৰ হাঁওফাঁও?

July 28, 2020 2:55 pm · এন ই নাও নিউজ
উৎস-ইণ্টাৰনেট

ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’লে হাঁওফাঁওত সংক্ৰমণ ঘটিব পাৰে। 

হাঁওফাঁওত সংক্ৰমণ ঘটিলে শ্বাসকষ্টৰ ফলত মৃত্যু পৰ্যন্ত হ’ব পাৰে বুলি চিকিৎসা বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে। 

সেয়েহে, হাঁওফাঁও সুস্থ কৰি ৰখাটো জৰুৰী। 

হাঁওফাঁও সুস্থ কৰি ৰাখিবলৈ খাদ্যৰ বিশেষ ভূমিকা আছে।

বিশেষজ্ঞসকলৰ মতে শাক-পাচলি, আলু, পটল, কোমোৰা, গাজৰ বেছিকৈ খাব লাগে। বাকলি নগুচোৱাকৈ তৰকাৰী খাব পাৰিলে আৰু ভাল। 

তদুপৰি, পটাছিয়ামযুক্ত খাদ্য হাঁওফাঁওৰ বাবে উপকাৰী। সেয়েহে, সেউজীয়া শাক, বিলাহী, বিট,আলু, কল আদি নিয়মিত খাওক। 

সেইদৰে প্ৰ’টিনৰ বাবে মাছ, মাংস, কণী, দৈ, দালি, বুট আদি খাব পাৰে। 

হাঁওফাঁওৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অক্ষুন্ন ৰাখিবলৈ দিনে দুইৰ পৰা তিনি লিটাৰ পানী খাব লাগিব। 

আনহাতে, হাঁওফাঁওৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ কিছুমান বিশেষ খাদ্য খোৱা দৰকাৰ। সেইবোৰ হ’ল-

১) পিঁয়াজ আৰু নহৰুৱে প্ৰদাহৰ প্ৰৱণতা হ্ৰাস কৰে আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত শক্তি দিয়ে। সেয়েহে,পিঁয়াজ আৰু নহৰু খোৱা উচিত। 

চিকিৎসা বিজ্ঞানীয়ে প্ৰকাশ কৰা মতে, ধূমপান কৰা লোকসকলৰ ভিতৰত যিসকলে কেঁচা নহৰু খায় তেওঁলোকৰ হাঁওফাঁওৰ বিভিন্ন ৰোগত ভোগাৰ আশংকা ৪০শতাংশ হ্ৰাস পায়। 

২) আদা থেতেলিয়াই নিয়মিত খালে হাঁওফাঁও ভাল থাকে। 

৩) কেঁচা জলকীয়া খালে ৰক্ত সঞ্চালন ঠিক থকাৰ উপৰি সংক্ৰমণ আশংক হ্ৰাস পায়। 

৪) হালধীক কাৰকিউমিনে প্ৰদাহ হ্ৰাস কৰে। সেয়ে, হালধী খোৱা উচিত।

৫) পাচলিৰ লগতে ফল খোৱাতো হাঁওফাঁওৰ বাবে উপকাৰী। আপেল, মধুৰী আম, তিয়হ আদি ফল হাঁওফাঁওৰ কাৰণে অত্যন্ত ভাল। 

আপেল আৰু গোল নেমুৰ ফ্লেভনয়েদ তথা ভিটামিন ‘চি’য়ে হাঁওফাঁওৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।  

Related News