NORTHEAST NOW (Assamese)

এন আৰ চিত শেষ দিনটোত কি কৈ গ’ল প্ৰতীক হাজেলাই?

November 12, 2019 1:22 pm · এন ই নাও নিউজ
প্ৰতীক হাজেলা। ফাইল ফটো: নৰ্থইষ্ট নাও

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি) বিদায়ী ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই সোমবাৰে কয় যে এন আৰ চি প্ৰস্তুত কৰাৰ বাবে তেওঁৰ কামটোত তেওঁ সুদৃঢ় আছিল।

গুৱাহাটীৰ ভঙাগড়ত থকা এন আৰ চিৰ কাৰ্যালয়ত তেওঁৰ শেষ দিনটোৰ কাম সামৰি হাজেলাই কয়, ‘’মোৰ কাৰ্যকালত কামটোৰ প্ৰতি মই দৃঢ় আছিলো। মই কৰা কামটো আছিল মোৰ বাবে এটা সাংবিধানিক কৰ্তব্য।‘’ ইণ্ডিয়ান এক্সপ্ৰেছত এইদৰে প্ৰকাশ পাইছে।

হাজেলাই ২০১৩চনৰ পৰাই এন আৰ চি প্ৰস্তুতিৰ কামৰ অনুশীলনৰ নেতৃত্ব দি আহিছিল। ৰাজ্য চৰকাৰ তথা বিজেপিৰ সমালোচনাৰ মাজতে যোৱা ১৮ অক্টোবৰত হাজেলাক উচ্চতম ন্যায়ালয়ে মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ দিছিল।

হাজেলাই এন আৰ চিৰ প্ৰযুক্তিগত দিশটোৰ লগতে কাৰিকৰী দিশত উন্নীতকৰণৰ বাবে লিগেচীৰ বংশবৃক্ষৰ দৰে বিষয়সমূহ ডিজিটেল ৰূপত অনাত বিশেষভাৱে দক্ষতা প্ৰদৰ্শন কৰিছিল।

২০১০ চনৰ জুনত আৰম্ভ কৰা এন আৰ চি উন্নীতকৰণৰ এটা পাইলট প্ৰজেক্ট বৰপেটা জিলা আৰু কামৰূপ জিলাৰ ছয়গাঁৱত ইয়াৰ বিৰুদ্ধে কৰা প্ৰতিবাদত আৰক্ষীৰ গুলীচালনাত চাৰিজন লোক নিহত আৰু আন কেইবাজনো লোক আহত হোৱাৰ ঘটনাৰ পাছত বন্ধ ৰখা হৈছিল।

উচ্চতম ন্যায়ালয়ে হাজেলাক বদলি কৰাৰ দিনাখনে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কৈছিল যে হাজেলাক খৰচ হোৱা ধনৰ প্ৰতিটো টকাৰ হিচাপ নিদিয়ালৈকে “যাবলৈ অনুমতি দিয়া উচিত নহয়’’।

এন আৰ চিৰ অনুশীলনৰ বিত্তীয় খৰচ প্ৰায় ১৬০০ কোটি হ’ব বুলি উল্লেখ কৰি হাজেলাই সকলো খৰচ পৰ্যায়ক্ৰমে ব্যয় কৰা হৈছে আৰু সম্পূৰ্ণ কৰা ৭০ শতাংশ কামৰ হিচাপ (অডিট) কৰা হৈছে বুলি সদৰী কৰে।

এন আৰ চিৰ পৰা বাদ পৰা লোকৰ সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দল তথা গোটৰ সমালোচনাৰ বিষয়ে ক’বলৈ গৈ হাজেলাই কয় যে “গুৰুত্বপূৰ্ণ দিশটো হৈছে নিৰ্দ্ধাৰিত তাৰিখ (কাট-অফ-ডেট)।

Related News