দিহা ভৰসা : প্ৰেম আৰু যৌনতাৰ সম্পৰ্কটো কেনেকুৱা হোৱা উচিত?

প্ৰশ্ন : একাধিকবাৰ প্ৰেমত ব্যৰ্থ হোৱাৰ পিছত কিয় প্ৰেমৰ অনুভৱ কমি যায়? নাইবা কাৰোবাৰ লগত সম্পৰ্ক গঢ়িলেও আগৰ দৰে কিয় বিশেষ টান নাথাকে? (প্ৰশ্নকৰ্তা: কমল বৰা বয়স- ২৮ বছৰ, নগাঁও) 

উত্তৰ : আচলতে প্ৰেমত ব্যৰ্থ হোৱাটো এক জটিল কথা। দুজন মানুহৰ মাজত কিবা এটা কাৰণত সম্পৰ্ক গঢ় লৈ নুঠিবও পাৰে। এনেকুৱা অৱস্থাত সাধাৰণতে মনত সন্দেহ উপজিব পাৰে। কিন্তু প্ৰেমত ব্যৰ্থ হোৱাৰ কথাটো অলপ বেলেগ ধৰণৰ। কিয়নো, এজন মানুহে যদি কাৰোবাক সঁচা অন্তৰেৰে ভাল পায় তেন্তে তেওঁ ব্যৰ্থ প্ৰেমিক হ’ব নোৱাৰে। মানুহ এজনৰ ভালপোৱাত কিছুমান চৰ্ত থাকে। কিছুমান স্তৰ থাকে। ভালপোৱাৰ সম্পৰ্কটো গঢ় লৈ উঠিব এক মূল্যবোধ বা প্ৰমূল্য ওপৰত ভিত্তি কৰি। যি মানুহে এই মূল্যবোধৰ অনুশীলন কৰে তেওঁ কেতিয়াও ব্যৰ্থ প্ৰেমিক হ’ব নোৱাৰে। কাৰণ তেওঁ সম্পৰ্কৰ ক্ষেত্ৰত কিবা প্ৰত্যাহ্বানৰ সমুখীন হ’লেও তেওঁ নিশ্চয় জানিব যে সেই প্ৰত্যাহ্বানবোৰ কিদৰে প্ৰতিহত কৰিব লাগে। তেওঁ প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিব পাৰিলে ব্যৰ্থ হোৱাৰ প্ৰশ্নই নাহে। কিবা কাৰণত সম্পৰ্কটো টিকি নাথাকিব পাৰে। তেতিয়া প্ৰেম সম্পৰ্কে নেতিবাচক ধাৰণা গ্ৰহণ কৰিব নালাগে। প্ৰেম সম্পৰ্কে নেতিবাচক ধাৰণা গ্ৰহণ কৰা মানে জীৱনৰ প্ৰতি নেতিবাচক ধাৰণা গ্ৰহণ কৰা। গতিকে প্ৰেম সম্পৰ্কে নেতিবাচক ধাৰণা নলৈ ভাবিব লাগে যে কি কাৰণে সম্পৰ্কটো বিচৰা ধৰণেৰে গঢ় লৈ নুঠিল। 

প্ৰশ্ন : প্ৰেম আৰু যৌনতাৰ সম্পৰ্কটো কেনেকুৱা হোৱা উচিত? (প্ৰশ্নকৰ্তা:ধৰিত্ৰী দাস শৰ্মা, বয়স- ২৫ বছৰ, তেজপুৰ) 

উত্তৰ : প্ৰথম কথাটো হৈছে, কোনোবাই প্ৰশ্ন কৰিব পাৰে যে প্ৰেমবিহীনভাবে মানুহে যৌন সম্পৰ্ক স্থাপন কৰিব পাৰে নে নোৱাৰে। কথাটো হ’ল যৌনতা আৰু প্ৰেম একে বস্তু নহয়। দুজন প্ৰাপ্তবয়স্ক মানুহে উভয়ৰে সন্মতিক্ৰমে যৌন সম্পৰ্ক স্থাপন কৰিব পাৰে। যৌন সম্পৰ্ক হ’ল বুলিয়েই তাত প্ৰেম নাথাকিবও পাৰে। আকৌ কেতিয়াবা যৌন সম্পৰ্কক বাদ দিও দুজন মানুহৰ মাজত প্ৰেম হ’ব পাৰে। দুজন মানুহে যেতিয়া ভাল পায় তেতিয়া দুয়োজনে মনে-শৰীৰে একেলগ হ’ব বিচাৰে। কিন্তু কেতিয়াবা যৌন সম্পৰ্কৰ অবিহনেও সাংঘাতিক প্ৰেমৰ সম্পৰ্ক থাকিব পাৰে। পৃথিৱীত এনেকুৱা যথেষ্ট উদাহৰণ আছে।

(উত্তৰদাতা: অৰিন্দম বৰুৱা)