ইন্দিৰা গান্ধীৰ সৈতে কি সম্পৰ্ক আছিল শ্বাহৰুখ খানৰ? জানি আপুনিও হ’ব আচৰিত

বলীউডৰ জগতত কিংখান তথা বাদশ্বাহ খ্যাত শ্বাহৰুখ খানৰ স্থান আজিলৈকে কোনেও কাঢ়ি নিব পৰা নাই। ইটোৰ পিছত সিটোকৈ ফ্লিম ফেয়াৰ এৱাৰ্ড আৰু চুপাৰহিট চিনেমাৰে দশকজুৰি দৰ্শকক মুহি আহিছে বাদশ্বাহে।

কিন্তু আপুনি জানেনে যে কেৱল শ্বাহৰুখেই নহয়, তেওঁৰ পিতৃ-মাতৃৰো আছিল বহু গুণ, বহু খ্যাতি । আনকি শ্বাহৰুখৰ মাতৃ লতিফ ফাতিমা খানৰ ইন্দিৰা গান্ধীৰ সৈতেও বিশেষ সম্পৰ্ক আছিল।

শ্বাহৰুখে খুব কম বয়সতে পিতৃ-মাতৃক হেৰুৱাইছিল। প্ৰতিষ্ঠা লাভ কৰিবৰ বাবে তেওঁ কৰা সংগ্ৰামখন ওচৰৰ পৰা প্ৰত্যক্ষ কৰাসকলে স্বীকাৰ কৰে যে শ্বাহৰুখৰ যাত্ৰা সহজ নাছিল । 

শ্বাহৰুখৰ পিতৃ মীৰ তাজ মহম্মদ খান আছিল পেছাৱৰৰ পাঠান। তেওঁৰ উচ্চতা আছিল ৬ ফুট ২ ইঞ্চি। কেৱল সেয়াই নহয়। শ্বাহৰুখৰ পিতৃ আছিল এজন সক্ৰিয় স্বাধীনতা সংগ্ৰামী। উচ্চ শিক্ষিত তাজ মহম্মদ ভাৰত ত্যাগ আন্দোলনৰ সৈতে জড়িত আছিল। পিছত শিমন্তন গান্ধী ওৰফে খান আব্দুল গফ্ফাৰ খানৰ লগত যোগদান কৰিছিল তেওঁ।

শ্বাহৰুখৰ দেউতাকে একাধিক ভাষা জানিছিল। তেওঁ উচ্চ শিক্ষিত আছিল। দিল্লী চহৰত তেওঁৰ আছিল কেইবাটাও ব্যৱসায়। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ ১৫ বছৰীয়া শ্বাহৰুখক এৰি মৃত্যুবৰণ কৰে মীৰ তাজ মহম্মদ খানে।

আনহাতে, শ্বাহৰুখ খানৰ মাতৃ লতিফ ফাতিমা খান আছিল হায়দৰাবাদৰ। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ শিক্ষাৰে শিক্ষিত আছিল শ্বাহৰুখৰ মাতৃ। তেওঁ আছিল প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ। সেই সময়ত সমাজত প্ৰতিষ্ঠা লাভ কৰা কেইগৰাকীমান মুছলমান মহিলাৰ ভিতৰত এগৰাকী আছিল শ্বাহৰুখ খানৰ মাতৃ।

জনা যায় যে শ্বাহৰুখৰ মাক অতি আগৰণুৱা ব্যক্তি আছিল, সকলো কামতে তেওঁ নিজেই আগবাঢ়ি আহিছিল। আনকি তেওঁ সমাজসেৱাৰ কামৰ লগতো জড়িত আছিল। সেই উৎসৰ পৰাই তেওঁৰ চিনাকি হৈছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতেও। অৱশ্যে ১৯৯১ চনত বিভিন্ন ৰোগৰ বাবে তেওঁৰ মৃত্যু হয়। তেতিয়া শ্বাহৰুখৰ বয়স আছিল মাত্ৰ ২৫ বছৰ। মাকৰ মৃত্যুত তেওঁ বিধ্বস্ত হৈ পৰিছিল।