BGMI Ban Row: নিষিদ্ধ হ’ল বেটেলগ্ৰাউণ্ড ম’বাইল ইণ্ডিয়া (BGMI)? প্লে ষ্টোৰৰ পৰা নাইকীয়া হ’ল জনপ্ৰিয় এই গেম!

Battlegrounds Mobile India game banned চীনৰ সৈতে ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটাৰ পিছত বহুতো চীনা এপ নিষিদ্ধ কৰা হৈছিল। যাৰ ফলত এই দেশত অতি জনপ্ৰিয় গেম PUBG নিষিদ্ধ হৈছিল। সেই অভাৱ পূৰণ কৰি প্ৰায় একেধৰণে প্ৰস্তুত কৰা গেম হৈছে বেটেলগ্ৰাউণ্ড ম’বাইল ইণ্ডিয়া।

কিন্তু এই গেমটোও নিষিদ্ধ হ’ব নেকি? গুগল প্লে ষ্টোৰ আৰু এপল এপ ষ্টোৰৰ পৰা গেমটো হঠাতে নাইকীয়া হোৱাৰ বাবে আৰম্ভ হৈছে এই জল্পনা-কল্পনা।

সুৰক্ষাজনিত কাৰণত ২০২০ চনত ভাৰতত PUBG নিষিদ্ধ কৰা হৈছিল। তেতিয়াৰ পৰা ক্ৰাফ্টনৰ বেটেলগ্ৰাউণ্ড ম’বাইল ইণ্ডিয়া (BGMI) জনপ্ৰিয় হ’বলৈ আৰম্ভ কৰে। কিন্তু শেহতীয়াকৈ ৰাজ্যসভাতো গেমটোৰ বিষয়ে প্ৰশ্ন উত্থাপিত হৈছিল।

এই অনলাইন গেমটোৱে শিশুসকলৰ ওপৰত বেয়া প্ৰভাৱ পেলাইছে নেকি সেই বিষয়ে আলোচনা হৈছে। দৰাচলতে এনে যুদ্ধ-যুদ্ধ খেলৰ নিচাত যোৱা মাহত লক্ষ্ণৌত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল।

PUBG খেলত এটা শিশুৱে তেওঁৰ মাকক হত্যা কৰাৰ অভিযোগ আছে। BGMI গেমটো PUBG ক অনুকৰণ কৰিয়েই প্ৰস্তুত কৰা হৈছে। সেয়ে এই খেলটো শিশুসকলৰ বাবেও ক্ষতিকাৰক হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে কৈছিল যে তদন্তকাৰীসকলে বিষয়টো চোৱা-চিতা কৰি আছে। তাৰ মাজতে গুগল প্লে ষ্টোৰৰ পৰা হঠাতে BGMI গেমটো নাইকীয়া হৈ পৰে। সেয়েহে ইয়াকো নিষিদ্ধ কৰা হৈছে নেকি বুলি জিজ্ঞাসাৰ সৃষ্টি হৈছে।

গুগলৰ ফালৰ পৰা জনোৱা মতে কেন্দ্ৰৰ নিৰ্দেশ পোৱাৰ পিছত ই বৃহস্পতিবাৰে প্লে ষ্টোৰত এপটো ব্লক কৰি দিয়ে। অৱশ্যে এপলে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। অৱশ্যে গেমটো এতিয়াও প্লে ষ্টোৰ আৰু এপল ষ্টোৰলৈ ঘূৰি অহা নাই।