NORTHEAST NOW (Assamese)

শিৱসাগৰত হোৱাটছএপ গ্ৰুপৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিৱিৰ

June 24, 2019 6:50 am · পাৰ্শ্বজ্যোতি গগৈ
Updated: June 24, 2019 11:34 am
শিৱসাগৰত বিনামূলীয়া চিকিৎসা শিৱিৰ

শিৱসাগৰৰ অন্যতম সামাজিক অনুষ্ঠান তথা হোৱাটছএপ গ্ৰুপ ‘হামৰাহী’ৰ উদ্যোগত ২৩ জুন দেওবাৰে বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়।শিৱসাগৰৰ বিশিষ্ট ব্যৱসায়ী অশেক বাকলীৱালৰ পূৰ্ণ সহযোগত এই চিকিৎসা শিবিৰটো আয়োজন কৰা হয়।

হামৰাহীৰ প্ৰচাৰ সচিব উমেশ বালদোৱাই জানিবলৈ দিয়ে যে, শিৱসাগৰৰ ষ্টেশ্যন চাৰিআলিৰ এ টি ৰোডস্থিত বি ঔ চি  পেট্ৰল পাম্পত পুৱা ৯ বজাৰ পৰা দুপৰীয়া ২ বজালৈ অনুষ্ঠিত হোৱা বিনামূলীয়া চিকিৎসা শিবিৰত প্ৰায় ৫৫০ গৰাকী ৰোগীয়ে নিজৰ স্বাস্থ্য পৰীক্ষা কৰে।

চিকিৎসা শিবিৰত ৰাইজে বিনামূলীয়াকৈ ৰক্তচাপ, ব্লাড গ্ৰুপ,মধুমেহ, কলেষ্ট্ৰল, দাত আৰু চকু পৰীক্ষা কৰাৰ লগতে ৰক্তদানৰ শিবিৰৰো আয়োজন কৰা হয়। ৰক্তদান শিৱিৰত প্ৰায় ৫০ গৰাকী ব্যক্তিয়ে ৰক্ত দান কৰে।

সময়ৰ অভাৱৰ বাবে চিকিৎসা শিবিৰত ২১ গৰাকী ব্যক্তিয়ে  ৰক্তদান কৰে আৰু বাকী সকলে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৰক্ত দান কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

হামৰাহী গ্ৰুপৰ চিকিৎসা শিবিৰটো সামাজিক তথা ব্যৱসায়িক প্ৰতিষ্ঠা নিমচন্দ মানিকচান্দৰ স্বত্বাধিকাৰী অশোক বকলীৱালে তেওঁৰ প্ৰয়াত পত্নী স্বৰ্গীয়া সুমন দেৱী বকলীৱালৰ সোঁৱৰণত হামৰাহীৰ সহযোগত আয়োজন কৰিছিল। স্বাস্থ্য শিবিৰটোৰ সঞ্চালন কৰিছিল হামৰাহীৰ স্বাস্থ্য বিভাগৰ সদস্য ঋষিনন্দন দে, বিশাল ডামানি, যুগল কিশোৰ ৰাঠী আৰু  অশোক মানপানীয়ে।

চিকিৎসা শিবিৰটোত ডাঃ অংকুশ কেডিয়া, ডাঃ মনালিচা দাস, ডাঃ নীলমজ্যোতি গগৈ, ডাঃ অভিশেষ খান্দেলিয়া, ডাঃ অৰিজিত বগচী, ডাঃ নিৰজ ভৰদ্বাজ, ডাঃ বিমান গগৈয়ে ৰোগীসকলক পৰীক্ষা কৰে। শিবিৰত চিকিৎসক সকলক সহযোগ কৰে দেৱজিত আৰন্ধৰা, ডিম্পল মোহন, ৰাজা কোঁৱৰ, সমৰজিত চেতিয়াই।

আনহাতে হামৰাহীৰ এই চিকিৎসা শিবিৰত উপস্থিত হৈ সহযেগ কৰে আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, শিৱসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক ইনামূল হাজৰিকা, সমাজকৰ্মী সুভাষ আগৰৱালা, শংকৰলাল আগৰৱালা আৰু ভবেন্দ্ৰ নাথ মহনে।

Related News