হোৱাটছএপ পেৰ জৰিয়তেও কৰিব পাৰিব ধনৰ লেন-দেন : কেনেকৈ কৰিব জনালে মাৰ্ক জুকাৰৰ্বাৰ্গে

WHATSAPP

হোৱাটছএপ ইউজাৰসকলৰ বাবে সুখবৰ। এতিয়াৰে পৰা হোৱাটছএপ ইউজাৰসকলে হোৱাটছএপ পেৰ জৰিয়তে ধনৰ লেন-দেন কৰিব পাৰিব।

ইতিমধ্যে নেশ্যনেল পেমেন্ট কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া(NPCI)এ ধনৰ লেন-দেন কৰিবলৈ হোৱাটছএপ পে’ক সেউজ সংকেত প্ৰদান কৰিছে। ফেইছবুকৰ চি ই অ’ মাৰ্ক জুকাৰবাৰ্গে ইউজাৰসকলক এই বিষয়ে অৱগত কৰিছে।

ইয়াৰ পৰা এইটো নিশ্চিত হৈছে যে ভাৰততো হোৱাটছএপ পে জৰিয়তে ইউজাৰসকলে এতিয়াৰ পৰা ধনৰ লেন-দেন কৰিব পাৰিব।

ইয়াৰ বাবে ইউজাৰসকলে কোনো ধৰণৰ অতিৰিক্ত ধন ভৰিব নেলাগে বুলি জনাইছে জুকাৰবাৰ্গে।

তেওঁ লগতে জনায় যে ইউজাৰসকলৰ সুবিধাৰ্থে ১৪০ টাৰো অধিক বেংকৰ সৈতে হোৱাটছএপ-এ চুক্তিৱদ্ধ হৈছে। বেংকৰ ডেবিট কাৰ্ডৰ দ্বাৰা, যিবোৰ কাৰ্ডে UPI(Unified Payments Interface) চাৰ্পোট কৰে সেই কাৰ্ডৰ যোগেদি হোৱাটছএপ এপৰ জৰিয়তে ধনৰ লেন-দেন কৰিব পাৰিব ইউজাৰসকলে।

হোৱাটছএপৰ জৰিয়তে কেনেকৈ লেন-দেন কৰিব ধন?

১. প্ৰথমে প্লে ষ্ট’ৰ বা এপ’ল ষ্ট’ৰৰ পৰা হোৱাটছএপটো আপডেট কৰিব।

২. ইয়াৰ পিছত এপটো অপেন কৰক। তাৰ পাছত সোঁফালে থকা তিনিটা ডটত ক্লীক কৰক।

৩. ক্লীক কৰাৰ পিছত পেমেন্ট অপশ্যনত ক্লীক কৰিব। তাতে পেমেন্ট মেথত বাচনি কৰিব। ইয়াৰ পিছত নিজৰ একাউন্টত থকা বেংকটোক নিৰ্বাচন কৰিব।

৪. বেংক নিৰ্বাচন কৰাৰ পিছত ফোন নম্বৰটো ভেৰিফাই কৰা হ’ব। হোৱাটছএপ ব্যৱহাৰ কৰা নম্বৰটো বেংকৰ একাউন্টৰ সৈতে সংযোগ থাকিব লাগিব।

৫. ভেৰিফিকেশ্যন হোৱাৰ পিছত পেমেন্ট চেটিংঙ সম্পূৰ্ণ হ’ব। ইয়াৰ পিছত অন্যান্য পেমেন্ট এপৰ দৰেই UPI পিন এটা তৈয়াৰ কৰিব লাগিব। ইয়াৰ লগে লগে পেমেন্ট পেজত আপোনাৰ বেংকটোৰ নাম দেখা পাব।

৬.‌ আপোনাৰ হোৱাটছএপ নম্বৰটোলৈ কোনোবাই ধন প্ৰেৰণ কৰিলে লগে লগে আপোনাৰ বেংক একাউন্টত জমা হ’ব সেই ধন।

৭. আপুনি কাৰোবালৈ ধন প্ৰেৰণ কৰিব লগা হ’লে প্ৰথমে চাটটো খুলিব লাগিব। তাৰপিছত এটাচমেন্ট আইকণত ক্লীক কৰিব।

৮. ইয়াৰ পিছত পেমেন্ট টেপ কৰি যিমান ধন প্ৰেৰণ কৰিব তাৰ এমাউন্টটো লিখিব লাগিব। প্ৰয়োজন হ’লে ইয়াতে টোকা এটাও লিখিব দিব পাৰিব।

৯. UPI  পিনটো দিয়াৰ লগে লগে আপুনি ধন প্ৰেৰণ কৰা লোকজনৰ একউন্টত ধন জমা হ’ব। তেওঁৰ একাউন্টত ধন জমা হোৱাৰ লগে লগে আপুনি এটা কনফাৰ্মেশ্যন মেচেজ লাভ কৰিব।