আজিৰে পৰা এই স্মাৰ্টফোনত পোৱা নাযাব WhatsApp ছাপোৰ্ট; বন্ধ হৈ যাব পাৰে সেৱা!

WhatsApp Image 2021-01-01 at 12.05.24 PM

আজি অৰ্থাৎ ১জানুৱাৰি, ২০২১ৰ পৰা কিছুমান স্মাৰ্টফোনত WhatsApp ছাপোৰ্ট বন্ধ হৈ যাব। এই কথা পূৰ্বেই ঘোষণা কৰা হৈছে যদিও আজিৰ দিনটোত কথাটো মনত পেলাই দিব খোজা হৈছে।

দৰাচলতে, কোম্পানীয়ে নতুন দিনত WhatsAppত নতুন ফিচাৰ্ছ আৰু ছিকিউৰিটি আনে যাৰ বাবে কোম্পানীয়ে কৈছে যে যে বহু পুৰণি হোৱা স্মাৰ্টফোনৰ হাৰ্ডৱেৰ বা ছফ্টৱেৰৰ বাবে তাত নতুন ফিচাৰ্ছ আৰু সংযোজন কৰিব নোৱাৰাৰ বাবে তাত ছাৰ্পোট বন্ধ হৈ কৰি দিয়া হ’ব।

সেয়েহে, ১জানুৱাৰি, ২০২১ৰ পৰা কিছুমান পুৰণি আইফোনকে ধৰি এণ্ড্ৰইড স্মাৰ্টফোনতো যদি WhatsAppএ কাম নকৰে তেতিয়াহ’লে তাত কোনো আচৰিত হ’বলগীয়া নাই।

কোম্পানীটোৰ মতে iOS 9 তকৈ পুৰণি ভাৰ্ছনত চলি থকা আইফোন আৰু তেনেকুৱা এণ্ড্ৰইড স্মাৰ্টফোন যি Android 4.0.3 ভাৰ্ছনতকৈ পুৰণি ছফ্টৱেৰত চলি আছে, সেইবোৰত WhatsApp ছাপোৰ্ট দিয়া নহ’ব। এইটো ১ জানুৱাৰি, ২০২১ৰ পৰাই প্ৰযোজ্য হ’ব।

অৱশ্যে, ইমান পুৰণি ভাৰ্ছনৰ ছফ্টৱেৰৰ স্মাৰ্টফোন ব্যৱহাৰ কৰে। সেয়েহে,  WhatsApp ৰ পদক্ষেপৰ ফলত বহু বেছি ব্যৱহাৰকাৰী প্ৰভাৱিত হোৱাৰ সম্ভাৱনা নাই।

যদিহে আপুনিও পুৰণি আইফোন বা পুৰণি ভাৰ্ছনৰ এণ্ড্ৰইড স্মাৰ্টফোন ব্যৱহাৰ কৰি আছে, তেন্তে চাই লওক। যদি ছফ্টৱেৰ আপডেট পোৱা যায় সেয়া আপডেট কৰি লওক আৰু যদিহে আপডেট সম্ভৱ নহয়, তেতিয়াহ’লে WhatsApp ব্যৱহাৰ কৰিবলৈ হয়তো আপোনাৰ স্মাৰ্টফোনটোকেই আপডেট কৰাটো জৰুৰী হৈ পৰিব।