কাইলৈৰ পৰা লাখ লাখ স্মাৰ্টফোনত নাপাব WhatsAppৰ আপডেট; চাই লওক আপোনাৰটোও

wp-video-call-main_013120124554 new

প্ৰতিনিধিত্বমূলক ফটো

১ ফেব্ৰুৱাৰি ২০২০’ৰ পৰা WhatsAppয়ে কিছুমান স্মাৰ্টফোনক সমৰ্থন কৰাটো বন্ধ হৈ পৰিব। কোম্পানীয়ে এই বিষয়ে ইতিপূৰ্বেই লোকক জনাই দিয়াৰ কাম আৰম্ভ কৰিছে।

কোম্পানীয়ে ইতিমধ্যে Windows আৰু BlackBerry অপাৰেটিং চিষ্টেমৰ স্মাৰ্টফোনৰ পৰা WhatsApp ছাপোৰ্ট উঠাই লৈছে।

বৰ্তমান সময়ত WhatsApp iOS 9 বা ইয়াতকৈ ওপৰৰ মোবাইল অ’এছত চলি আছে। এণ্ড্ৰইডৰ কথা ক’বলৈ গ’লে ইয়াৰ 4.0.3 বা ইয়াৰ ওপৰৰ সংস্কৰণৰ স্মাৰ্টফোনত কাম কৰে।

যিবোৰ ফিচাৰ ফোনত Kai OS 2.5.1 বা ইয়াতকৈ ওপৰৰ সংস্কৰণ আছে, তাতো WhatsApp চলে। কিন্তু এই অপাৰেটি চিষ্টেমৰ পুৰণি সংস্কৰণত চলি থকা স্মাৰ্টফোনত কাইলৈৰ পৰা অৰ্থাৎ ১ ফেব্ৰুৱাৰিৰ পৰা কোম্পানীয়ে আপডেট দিয়া বন্ধ কৰি দিব।

যদি আপোনাৰ স্মাৰ্টফোন Android 2.3.7 বা ইয়াতকৈ নিম্নতম সংস্কৰণৰ হয়, তেতিয়াহ’লে আপোনাৰ স্মাৰ্টফোনত WhatsAppৰ ছাপোৰ্ট নাপাব।

যদিহে আপুনি আইফোন ব্যৱহাৰ কৰে আৰু আপোনাৰ লগত iOS 8 বা ইয়াতকৈ পুৰণি সংস্কৰণৰ অপাৰেটিং চিষ্টেম আছে তেতিয়াও আপুনি WhatsAppৰ আপডেট নাপাব।

Windows OS স্মাৰ্টফোন যদি আপুনি ব্যৱহাৰ কৰে তেতিয়াহ’লে আপুনি WhatsAppৰ ছাপোৰ্ট নাপাব।

কেম্পানীয়ে সদৰী কৰে যে এই সিদ্ধান্ত কঠিন আছিল যদিও য়ুজাৰক অধিক ভাল অভিজ্ঞতা প্ৰদানৰ স্বাৰ্থত এয়া কৰিব লগা হ’ল।

WhatsAppৰ ফালৰ পৰা য়ুজাৰসকলক পৰামৰ্শ দিয়া হৈছে যে যদি তেওঁলোকে ইয়াৰ ভিতৰত কোনো পুৰণি অপাৰেটিং চিষ্টেমৰ স্মাৰ্টপোন ব্যৱহাৰ কৰে তেতিয়াহ’লে ইয়াক  WhatsAppৰ অধিক ভাল অভিজ্ঞতা লোৱাৰ বাবে আপডেট কৰি লওক।