বিষয় ঘেঁহু: টুইটাৰত পাকিস্তানক তুলাধুনা তালিবানৰ, ভাৰতক প্ৰশংসা

তালিবানে আফগানিস্তান দখল কৰি লোৱাৰ পিছতে লাখ লাখ লোকে খাদ্যৰ সংকটত ভোগা বুলি বাতৰি প্ৰচাৰ হৈছিল। এই বাতৰিয়ে বিশ্বৰ বহুতৰে মনত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছিল।

এনে সময়তে তালিবানৰ দখললৈ যোৱা আফগানিস্তানলৈ ভাৰত, পাকিস্তানকে ধৰি বিশ্বৰ বহু কেইখন দেশে মানৱীয় সাহায্য হিচাবে ঘেঁহু প্ৰেৰণ কৰিছিল। ঘেঁহুৰ প্ৰসংগকলৈয়ে এতিয়া টুইটাৰত পাকিস্তানৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে তালিবান।

তালিবানে এইবুলি কৈছে যে পাকিস্তানে আফগানিস্তানলৈ প্ৰেৰণ কৰা ঘেঁহু খোৱাৰ অযোগ্য। ইয়াৰ বিপৰীতে ভাৰতে প্ৰেৰণ কৰা ঘেঁহু অতি উত্তম । টুইটাৰত তালিবানে কৈছে যে পাকিস্তানে আফগানিস্তানলৈ নিম্ন মানদণ্ডৰ ঘেঁহু দান কৰি দেশ খনৰ জনতাক প্ৰতাৰণা কৰিছে।

তালিবানৰ এজন নেতাই ভাৰতে প্ৰেৰণ কৰা ঘেঁহুৰ মানৰ প্ৰশংসা কৰাৰ লগতে নিম্ন মানৰ ঘেঁহু প্ৰেৰণ কৰাৰ পাকিস্তানক সমালোচনা কৰিছিল। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ৰ জৰিয়তে এজন তালিবান নেতাই পাকিস্তানী ঘেঁহুৰ মানদণ্ডৰ বিষয়ে কৰা অভিযোগে এতিয়া অস্বস্তিত পেলাইছে পাক চৰকাৰক।

এই ভিডিঅ’টো শেহতীয়াকৈ আফগান সাংবাদিক আব্দুল হক ওমেৰীয়ে টুইট কৰিছে আৰু ভিডিঅ’টো ভাইৰেল হৈ পৰিছে।
ভিডিঅ’টোত তালিবান নেতা এজনে কৈছে “আফগান জনসাধাৰণক নিৰন্তৰ সমৰ্থন জনোৱাৰ বাবে ভাৰতক ধন্যবাদ। আমাৰ ভাৰতৰে অনুকূল সম্পৰ্ক চিৰদিন থাকিব” ।

যোৱা মাহত ভাৰতে মানৱীয় সহায় হিচাপে আফগান লোকসকললৈ ঘেঁহু প্ৰেৰণ কৰা আৰম্ভ কৰিছিল। ২০০০ মেট্ৰিক টন ঘেঁহু কঢ়িয়াই অনা ভাৰতৰ মানৱীয় সহায়ৰ দ্বিতীয় কনভয় বৃহস্পতিবাৰে অমৃতসৰৰ আটাৰীৰ পৰা আফগানিস্তানৰ জালালাবাদলৈ ৰাওনা হয়।