NORTHEAST NOW (Assamese)

‘গৈ মুখখন ধুই আহা’ বুলি ৰাণী মুখাৰ্জীক কোনে আৰু কিয় কৈছিল ?

February 19, 2020 5:11 pm · এন ই নাও নিউজ
Updated: February 19, 2020 5:18 pm
'হে ৰাম'ত কমল হাছান আৰু ৰাণী মুখাৰ্জী, ফ'টো সৌজন্য- ইন্টাৰনেট

বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে ২০ বছৰ পিছত বলিউদৰ এখন হিন্দী চিনেমাক সুঁৱৰি কিছুমান কথা অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে।

উক্ত হিন্দী ছিবখন হ’ল দক্ষিণৰ চুপাৰষ্টাৰ কমল হাছানৰ ‘হে ৰাম’। উল্লেখ্য যে ‘হে ৰাম’ নামৰ ছিবখনৰ পৰিচালক আছিল দক্ষিণৰ চুপাৰষ্টাৰ কমল হাছান।

২০ বছৰ পূৰ্বে বলিউদৰ অভিনয় কেৰিয়াৰ আৰম্ভণি কালৰ কথা সুৱৰি জনিপ্ৰয় অভিনেত্ৰী গৰাকীয়ে ‘হে ৰাম’ ছবিখনৰ শ্বুটিঙৰ কথা অনুৰাগীৰ সৈতে ভগাই লোৱা দেখা যায়।

“মোৰ বাবে ‘হে ৰাম’ ছবিখন আছিল এটা ডাঙৰ শিক্ষা। এই ছবিখনৰ শ্বুটিঙত কমল হাছানৰ লগত একেলগে কাম কৰাৰ সুযোগ পাইছিলো আৰু ই মোৰ কেৰিয়াৰৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল।কাৰণ মই তেওঁৰ কামৰ অনুৰাগী আছিলো।” এই দৰে কয় অভিনেত্ৰী গৰাকীয়ে।

‘হে ৰাম’ৰ শ্বুটিঙৰ কথা সুঁৱৰি অভিনেত্ৰীগৰাকীয়ে আৰু কয় যে পৰিচালক হিচাপে কমল হাছান অতি নিয়মানুৱৰ্তী।

“তেওঁ মোৰ আত্ম-বিশ্বাস বঢ়াই তুলিছিল। মোৰ উচ্চতা কম গতিকে মই ওখ চেণ্ডেল পিন্ধিছিলো। তেওঁ তেতিয়া কৈছিল ‘কি তুমি পাগলী? ফ্লেট চেণ্ডেল পিন্ধা। তুমি কি তোমাৰ উচ্চতাই নিৰ্ণয় নকৰে, তোমাৰ সফলতাইহে তোমাক এক পৰিচিতি দিব, যিটোক মই বিশ্বাস কৰোঁ।’ আৰু তেতিয়াৰ পৰাই মোৰ আত্ম-বিশ্বাস বৃদ্ধি হৈছিল যাৰ বাবে মোৰ উচ্চতাই কেতিয়াও মোৰ সফলতাৰ বাধা হৈ উঠা নাছিল।” বুলি কয় ৪১ বৰ্ষীয় জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে।

“এজন পৰিচলালক হিচাপে কমল হাছানৰ পৰা মই বহু শিকিলো। শ্বুটিঙৰ প্ৰথম দিনা শ্বুটিং স্থলীলৈ মই মেক-আপ কৰি আহিলোঁ। তেওঁ দেখি ক’লে যে গৈ মুখখন ধুই আহা। মই ধুই আহিলো। তাৰ পিছত তেওঁ মেক-আপ আৰ্টিষ্টক মোৰ কপালত এটা ফুট আৰু চকুত অলপ কাজল দিবলৈ ক’লে। ফুট আৰু কাজল দিয়াৰ পিছত তেওঁ ক’লে যে ‘এতিয়া মোৰ অপৰ্ণা সাজু’।” ৰাণী মুখাৰ্জীয়ে লগতে আৰু এইদৰে কয়।

Related News