• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাঁন বিতৰ্ক: ৰাজ্যিক চলচিত্ৰ নিগমৰ সঞ্চালক ৰূপে কেতিয়া নিযুক্ত হ’ল আইমী বৰুৱা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2022 8:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম ৰাজ্যিক চলচিত্ৰ(বিত্ত উন্নয়ন)নিগমৰ সঞ্চালক পদত কোনে কেতিয়া নিযুক্তি দিলে অভিনেত্ৰী আইমী বৰুৱাক? কাঁন চলচিত্ৰ মহোৎসৱ উপলক্ষে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থত আইমী বৰুৱাক ৰাজ্যিক চলচিত্ৰ নিগমৰ সঞ্চালক হিচাপে আখ্যা দিয়া হৈছে কিয়? ফ্ৰান্সৰ কাঁন চলচিত্ৰ মহোৎসৱত নিজাকৈ নে অসম ৰাজ্যিক চলচিত্ৰ নিগমৰ প্ৰতিনিধি হিচাপে গৈছিল অভিনেত্ৰী আইমী বৰুৱা?

কেইদিনমানৰ পৰা সামাজিক মাধ্যমত বিশেষ চৰ্চিত হৈ আছে অভিনেত্ৰী আইমী বৰুৱাৰ নাম। আইমী বৰুৱা আৰু কাঁন চলচিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেট বিতৰ্কই সামাজিক মাধ্যমত লাভ কৰিছিল বিশেষ চৰ্চা। আইমী বৰুৱাৰ ৰেড কাৰ্পেট বিতৰ্কক নতুন মাত্ৰা প্ৰদান কৰিছিল ব্যৱসায়ী লুইত কুমাৰ বৰ্মনৰ ফেচবুক পোষ্টে। একেখন চলচিত্ৰ মহোৎসৱত লুইত কুমাৰ বৰ্মনো উপস্থিত আছিল। এতিয়া লুইত কুমাৰ বৰ্মনৰ এটা বিশেষ ফেচবুক পোষ্টে আকৌ উকমুকনি দিছে নতুন বিতৰ্কৰ তথা ৰহস্যৰ আৰু কেতবোৰ প্ৰশ্নৰ।

প্ৰথমে পঢ়ি চাওক লুইত কুমাৰ বৰ্মনে কি লিখিছে- ‘ষড়যন্ত্ৰ আজিৰ নহয়। চলি আছিল বহুত দিন আগৰ পৰা। আমাৰ দুৰ্ভাগ্য নে সৌভাগ্য কব নোৱাৰোঁ, Cannes যাব লগা হ’ল। ভগৱানে চাগে শেষ মুহুৰ্তত পঠালে যে যা, চাই আহ চব কথা অসমৰ মানুহক কব লাগিব।

Country of honour হিচাবে তাত আমি ভাৰত চৰকাৰৰ দ্বাৰা printing হোৱা Indian film guide পালোঁ।তাত দেখা পালোঁ কোনসকলে Indian pavilion, Cannes ত গৈছে। তাত Assam Film Finance ৰ representation পালোঁ। আপোনালোকে চাই আচৰিত হ’ব যে Assam film finance ক represent কৰিছে film finance ৰ chairman আৰু নিজে ফটোত চাই লওঁক …’

Assam film finance ক represent কৰা আনগৰাকী ব্যক্তি হৈছে অভিনেত্ৰী আইমী বৰুৱা। তাৰোপৰি আইমী বৰুৱা Assam film finance ৰ ডিৰেক্টৰ। কিন্তু আইমী বৰুৱা কেতিয়া Assam film financeৰ ডিৰেক্টৰ পদ কেতিয়া পালে? Assam film finance ত এই পদ কেতিয়া সৃষ্টি কৰা হল? আগতে Assam film financeত কোনোবা ডিৰেক্টৰ হোৱাৰ তথ্য আছেনে?

ভাৰতীয় চিনেমাৰ ৭৫ বৰ্ষপূৰ্তিত এইবাৰ ভাৰতক কাঁন চলচিত্ৰ মহোৎসৱত Country of honour দিয়া হৈছে। আৰু Country of honour হিচাপে ভাৰত চৰকাৰে Indian film guide প্ৰকাশ কৰিছিল। film guide খনত কাঁনত ভাৰতীয় চিনেমাৰ তথ্য তথা প্ৰতিনিধিৰ বিষয়ে উল্লেখ আছে। তাৰেই পিপলছ বুলি এটা শিতানত Assam film financeৰ chairman সীমান্ত বৰ্মনৰ নাম উল্লেখ আছে। আৰু তাৰ ঠিক তলতেই আইমী বৰুৱাৰ নাম উল্লেখ আছে ডিৰেক্টৰ হিচাপে।

আমি ফেক্ট চেক কৰিবলৈ অসম চৰকাৰৰ ৱেবচাইটত গৈ Department of Cultural Affairs ৰ The Assam State Film (Finance and Development) Corporationৰ key officials ৰ তথ্য বিচাৰিলোঁ। তাত আমি কি পালোঁ চাওক
Shri Simanta Shekhar – Chairman
Dr. Alekhya Baruah- Vice Chairman
Smt. Monidipa Borkotoki, ACS- Managing Director
Smti. Madhurima Sen Deka- Member

ইয়াত আমি ডিৰেক্টৰ হিচাপে আইমী বৰুৱাৰ নাম নাপালো। কিন্তু Managing Director বুলি পষ্ট এটা আছে। এতিয়া প্ৰশ্ন হয় ৰাতিটোৰ ভিতৰতে ডিৰেক্টৰৰ পষ্টটো সৃ্ষ্টি কৰা হৈছিল নেকি, যাৰ খবৰ কোনেও নাপালে। মণিদীপা বৰকটকী ২০১৯ চনৰ পৰা Assam State Film (Finance and Development) Corporationৰ Managing Director ৰ পদত আছে। তাৰপিছত কাৰ ছত্ৰছায়াত এই নতুন পদ সৃ্ষ্টি কৰা হল? আৰু কৰিছিল যদিও চৰকাৰ তথা বিভাগটোৱে কিয় ৰাজহুৱা জাননী প্ৰকাশ কৰা নাছিল? এনেকুৱা এক সংবিধান প্ৰদত্ত বিভাগত এনেকৈ ৰাতিৰ ভিতৰতে কাৰোবাক অধিষ্ঠিত কৰা সাংবিধানিক হয়নে?

আমি এই বিষয়ে অসম ৰাজ্যিক চলচিত্ৰ বিভাগৰ Chairperson সীমান্ত শেখৰৰ সৈতে যোগাযোগ কৰিলো। সীমান্ত শেখৰে আইমী বৰুৱা Assam State Film (Finance and Development) Corporationৰ ডিৰেক্টৰ নহয় বুলিও মন্তব্য কৰিছে। আমাৰ লগত হোৱা যোগাযোগত তেখেতে এয়া এক প্ৰিন্টিং মিচটেক হোৱা বুলি নিজৰ দায় সাৰি থৈ দিলে। লগতে তেখেতে কয় যে ছেমখৰ চিনেমাৰ ডিৰেক্টৰ হিচাপেহে আইমী বৰুৱাৰ নাম তাত উল্লেখ কৰা হৈছিল।

যদি সেয়াই হয় কাঁনত যোৱা ৰাজ্যৰ আন দুখন চিনেমা বুম্বা ৰাইড আৰু বাঘজানৰ ডিৰেক্টৰৰ নাম কিয় উল্লেখ নাই? ইমান ডাঙৰ ভুল কেনেকৈ হব পালে? অসম চৰকাৰে কিবা স্পষ্টীকৰন তথা পদক্ষেপ লবনে?

শেষত সেই একেই প্ৰশ্নবোৰ আকৌ দোহাৰিছোঁ- অসম ৰাজ্যিক চলচিত্ৰ(বিত্ত উন্নয়ন)নিগমৰ সঞ্চালক পদত কোনে কেতিয়া নিযুক্তি দিলে অভিনেত্ৰী আইমী বৰুৱাক? কাঁন চলচিত্ৰ মহোৎসৱ উপলক্ষে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থত আইমী বৰুৱাক ৰাজ্যিক চলচিত্ৰ নিগমৰ সঞ্চালক হিচাপে আখ্যা দিয়া হৈছে কিয়? ফ্ৰান্সৰ কাঁন চলচিত্ৰ মহোৎসৱত নিজাকৈ নে অসম ৰাজ্যিক চলচিত্ৰ নিগমৰ প্ৰতিনিধি হিচাপে গৈছিল অভিনেত্ৰী আইমী বৰুৱা?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd