তিনিবছৰ অতিক্ৰম! কি ৰাজনৈতিক পাকচক্ৰত অনুষ্ঠিত নহ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন?

বিজেপিয়ে বিচাৰে পৌৰ নিগমৰ নিৰ্বাচন; কিন্তু ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নিবিচাৰে নেকি সোণোৱাল নেতৃত্বাধীন চৰকাৰে?

পাৰ হ’ল তিনিবছৰ ৭ মাহ তথাপিও অনুষ্ঠিত নহ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন।

কিয় পৌৰ নিগমৰ নিৰ্বাচনলৈ আওকান দিচপুৰৰ? ৰাজনীতিৰ বিকেন্দ্ৰীকৰণ হোৱাটো নিবিচাৰে নেকি সোণোৱাল চৰকাৰে? নিৰ্বাচনী প্ৰণালী হেৰুৱাই পেলাব খোজে নেকি বিজেপি চৰকাৰে? সংসদীয় ৰাজনীতিত বিশ্বাসী নহয় নেকি বিজেপি চৰকাৰ? ইয়াক লৈ বৰ্তমান সময়ত স্বাভাৱিকতে এনেবোৰ প্ৰশ্নৰে সূচনা হয়।

তিনিবছৰ ৭ মাহ ধৰি কেৱল আমোলা- বিষয়াই চলাইছে গুৱাহাটী পৌৰ নিগম।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই কয় ‘আচলতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ’ব লাগে। সেই কথা চিন্তা কৰিয়েই পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে পঞ্চায়ত, নিকায়, নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰিছিল কংগ্ৰেছ চৰকাৰে। কিন্তু দুৰ্ভাগ্যজনক কথা অসমৰ প্ৰাণকেন্দ্ৰস্বৰূপ গুৱাহাটীতে বিজেপি চৰকাৰে পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰা নাই। ইয়াৰ প্ৰকৃত কাৰণ বা ৰহস্য কি?’

‘এইটোৱে প্ৰমাণ কৰে যে বিজেপি চৰকাৰে ৰাইজৰ হাতত ক্ষমতা দিব নোখোজে। ৰাইজৰ হাতত ক্ষমতা দিলে তেওঁলোকৰ অসুবিধা হ’ব।‘ শৰ্মাই এইদৰে কয়।

আনহাতে, এই সন্দৰ্ভত মত পোষণ কৰি হীতেন দত্ত নামৰ মহানগৰিক এজনে কয় ‘পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত নকৰাটোৱে এইটোৱেই সূচাইছে যে যিখিনি সংসদীয় প্ৰণালী আছিল সেইখিনি হেৰাই গ’ল। সংসদীয় গণতন্ত্ৰক এই চৰকাৰখনে কুঠাৰঘাত কৰিছে। মহাত্মা গান্ধীক হত্যা কৰা নাথুৰামৰ ভক্ত বিজেপি চৰকাৰে কেনেকৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ প্ৰসংগ উত্থাপন কৰিব?’

ইপিনে, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ন-কংগ্ৰেছী নেত্ৰী মীৰা বৰঠাকুৰ।

মীৰাৰ আশা ‘আদালতে এইক্ষেত্ৰত দিব নিৰপেক্ষ ৰায়দান বা সঠিক সিদ্ধান্ত ল’ব।‘

অতদিনে মেয়ৰ, কাউন্সিলাৰ অবিহনে গুৱাহাটী পৌৰ নিগম চলি থাকিবলগীয়া হোৱাত এতিয়া চৰম অসুবিধাৰ সন্মুখীন হৈছে মহানগৰবাসী। প্ৰায় ২ মাহৰ পাছত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।

এনে সময়তো গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাত ক্ষোভ মহানগৰবাসীৰ। বিজেপি চৰকাৰক ব্যৰ্থ আখ্যা মহানাগৰিক প্ৰশান্ত বৰ্মণৰ।

তেওঁৰ মতে ‘বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত পৌৰ নিগমৰ মেয়ৰ-কাউন্সিলাৰ অবিহনে এতিয়া কাণ্ডাৰীহীন নাওঁত পৰিণত হৈছে পৌৰ নিগম তথা মহানগৰবাসী।

ইপিনে, বৰ্তমানলৈকে পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত নকৰাত এক অসৎ উদ্দেশ্য তথা ৰাজনৈতিক অংক থকাৰ সন্দেহ জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যৰ।

আনহাতে, এই সন্দৰ্ভত মন্ত্ৰী আমোলা -বিষয়াক সুধিবলৈ সাংবাদিকক অনুৰোধ জনায় বিজেপিৰ ৰাজ্যিক মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে। অৱশ্যে গোস্বামীৰো স্পষ্ট মত ‘বিজেপিয়ে বিচাৰে পৌৰ নিগমৰ নিৰ্বাচন।

প্ৰশ্ন হয় ‘কিয় বাৰে বাৰে GMC নিৰ্বাচন অনুষ্ঠিত কৰাত পিছ হুঁহুকিছে সোণোৱাল চৰকাৰ?

নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ পুঁজিৰ অভাৱ নেকি বিজেপি চৰকাৰৰ? নে গুৱাহাটীবাসীৰ ৰোষত পৰাৰ ভয়তে এতিয়ালৈকে অনুষ্ঠিত নহ’ল পৌৰ নিগমৰ নিৰ্বাচন?