কেতিয়া অনুষ্ঠিত হ’ব মেট্ৰিক-হায়াৰ চেকেণ্ডেৰী পৰীক্ষা? জনালে শিক্ষামন্ত্ৰীয়ে

ভয়াৱহ কোভিড পৰিস্থিতিৰ বাবেই CBSE ৰ অধীনৰ মেট্ৰিক পৰীক্ষা ইতিমধ্যে বাতিল কৰা হৈছে।
তেনে পৰিস্থিতিত অসমত SEBA আৰু AHSEC য়ে পৰীক্ষা অনুষ্ঠিত কৰিব নে নাই তাক লৈ বিভিন্ন চৰ্চা চলি থকাৰ মাজতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ঘোষণা —‘ৰাজ্যত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ’বই।‘

 

অসমৰ শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুৱে কয় যে ৰাজ্যিক পৰিষদৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাসমূহ ৰাজ্যখনত কোভিড-১৯ পৰিস্থিতি উন্নত হ’লে পৰিৱৰ্তিত পদ্ধতিত অনুষ্ঠিত হ’ব।

 

ইপিনে, ৰাজ্যত কোভিড পৰিস্থিতি ‘প্ৰায় স্বাভাৱিক’ পৰিস্থিতিত উপনীত হোৱা নাই বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় ‘পৰিস্থিতি উন্নত হোৱাৰ পিছত শিক্ষা বিভাগে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে সাজু হৈছে।‘

 

“এয়া এক অস্বাভাৱিক পৰিস্থিতি। আমি ইতিমধ্যে ইংগিত দিছো যে আমি শিক্ষাৰ্থীসকলৰ বাবে অনুকূল উপায়েৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সক্ষম হ’ম,” শিক্ষা মন্ত্ৰীগৰাকীয়ে কয়।

 

পেগুৱে লগতে কয় যে পৰীক্ষা বাতিল কৰিলে সমস্যাটো সমাধান কৰিব পৰা নাযাব।
বহু শিক্ষাৰ্থীৰ বাবে, মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰীৰ মাৰ্কশ্বীট তেওঁলোকৰ কেৰিয়াৰত গুৰুত্বপূৰ্ণ বুলিও শিক্ষা মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।