বাৰিষাৰ বতৰৰ দৰেই সলনি হোৱা বিহাৰৰ ৰাজনৈতিক চিত্ৰপটত এটা বিষয়ে তুমুল চৰ্চা লাভ কৰিছে। আৰজেডিৰ এজন বিধায়কে ঘটোৱা এক বিস্ফোৰণ পাছতে বিহাৰৰ ৰাজনীতিত বিষয়টোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।
মংগলবাৰে আৰজেডিৰ বিধায়ক বিজয় মণ্ডলে দাবী কৰিছিল যে হোলীৰ পাছতে বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা আৰজেডিৰ প্ৰধান তেজস্বী যাদৱে বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব। ইয়াৰ পাছতে বিহাৰৰ ৰাজনীতি ধুমুহাৰ সৃষ্টি হয়।
আৰজেডিৰ বিধায়কৰ এই দাবীৰ পাছতে মিত্ৰজোঁটক নেতৃত্ব দিয়া জেডিইউৰ বিহাৰৰ ৰাজ্যিক সভাপতি লালন সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হয়। সভাপতি লালন সিঙে কয় যে মিত্ৰজোঁটে এতিয়াই তেজস্বী যাদৱে মুখ্যমন্ত্ৰী হ’ব বুলি কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।
তেওঁ কয় যে ২০২৫ৰ বিহাৰৰ বিধানসভাৰ নিৰ্বাচনত মিত্ৰজোঁটক তেজস্বী যাদৱে নেতৃত্ব প্ৰদান কৰিব বুলি স্বয়ং মুখ্যমন্ত্ৰী নীতিশ কুমাৰেই ঘোষণা কৰি থৈছে আৰু নিৰ্বাচিত বিধায়কসকলে যিগৰাকী বিধায়নী নেতাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে তেৱেঁ মুখ্যমন্ত্ৰী হ’ব।
ইয়াৰ পাছতে বুধবাৰে উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে বিষয়টোক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বুধবাৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে সংবাদ মাধ্যমৰ আগত কয় যে “আমি কোনো খৰখেদা কৰা নাই, যেতিয়া মুখ্যমন্ত্ৰী হ’ব লাগে যেতিয়াই হ’ম আৰু আপোনালোকেও জানিব পাৰিব। লুকুৱাই একো কৰা নহয়। আমাৰ মাজত কোনো সমস্যা নাই।”
তেওঁ লগতে কয় যে এতিয়া নীতিশ কুমাৰ বিহাৰৰ মুখ্যমন্ত্ৰী, তেওঁ গ্ৰেণ্ড এলায়েন্সৰ নেতৃত্ব দিছে। সেই বিষয়ত আৰজেডিৰ কোনো সমস্যা নাই। বিহাৰত গ্ৰেণ্ড এলায়েন্স একেলগে ভালদৰে চলি আছে। ২০২৪ৰ লোকসভা নিৰ্বাচনত কেন্দ্ৰৰ পৰা ভাৰতীয় জনতা পাৰ্টিক ক্ষমতাচ্যুৎ কৰাতো তেওঁলোকৰ প্ৰধান লক্ষ্য বুলিও কয় তেজস্বী যাদৱে।