বুমৰাহক উপেক্ষা! আশ্চৰ্যচকিত গাভাস্কাৰ, পিটাৰছেনৰ দৰে প্ৰাক্তন খেলুৱৈ

Jasprit Bumrah Hardik Pandya Kevin Pietersen Sunil Gavaskar

দেওবাৰে আই পি এলৰ চলিত সংস্কৰণত নিজৰ নিজৰ অভিযান আৰম্ভ কৰে দুই প্ৰাক্তন চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটানছে। মেচখনত গুজৰাটে মুম্বাইক পৰাস্ত প্ৰত্যাশিত আৰম্ভণি কৰে।

মেচখনত গুজৰাটক প্ৰথম দুটা সংস্কৰণত নেতৃত্ব দিয়া হাৰ্দিক পাণ্ডিয়াই মুম্বাইৰ অধিনায়ক হিচাপে অভিষেক ঘটায়। আই পি এলৰ আৰম্ভণিৰ পূৰ্বৰে পৰাই পাণ্ডিয়াৰ মুম্বাই গমনক লৈ ব্যাপক চৰ্চা চলি আহিছিল।

কালি খেল আৰম্ভণিৰ পৰাই এই চৰ্চা অধিক উন্মুক্ত হৈ পৰে। টছৰ সময়ত তথা পাণ্ডিয়াই বলিং আৰম্ভ কৰাৰ সময়ত ষ্টেডিয়ামৰ দৰ্শকে পাণ্ডিয়াক উদ্দেশ্যি বিদ্ৰুপ কৰাও পৰিলক্ষিত হ’ল।

সমান্তৰালকৈ পাণ্ডিয়াৰ কিছু সিদ্ধান্তক লৈয়ো চৰ্চাৰ সূত্ৰপাত হ’ল। টছত জয়লাভ কৰি পাণ্ডিয়াই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় আৰু নিজেই বল হাতত লৈ দলৰ বলিং মুকলি কৰে। ইয়াৰ পাছতে এই সিদ্ধান্তক লৈ ব্যাপক চৰ্চা চলে।

দলত জশপ্ৰীত বুমৰাহৰ দৰে এগৰাকী বিশ্বমানৰ তাৰকা বলাৰ থকাৰ পিছতো পাণ্ডিয়াই বলিং মুকলি কৰাক লৈ আশ্চৰ্য প্ৰকাশ কৰে সকলোৱে। আনকি ইনিংছৰ চতুৰ্থ অভাৰতহে বলিং কৰিবলৈ দিয়া হয় বুমৰাহক।

পাৱাৰ প্লে’ৰ দৰে গুৰুত্বপূৰ্ণ সময়ত বুমৰাহে বলিং আৰম্ভ নকৰাত আশ্চৰ্যচকিত হৈ পৰে প্ৰাক্তন ইংলিছ তাৰকা কেভিন পিটাৰছেন, ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ। কমেণ্টেৰী বক্সত দুয়ো স্পষ্টকৈ প্ৰকাশ কৰে আশ্চৰ্য।

পাণ্ডিয়াই প্ৰথম অভাৰত ১১ ৰাণ খৰচ কৰাৰ পিছত দ্বিতীয় অভাৰতো বুমৰাহৰ পৰিৱৰ্তে লিউক উডৰ হাতত বল তুলি দিয়া হয়। তৃতীয় অভাৰতো পাণ্ডিয়াই নিজেই পুনৰ বলিং কৰে আৰু ৯ ৰাণ খৰচ কৰে।

এনে সিদ্ধান্তত আশ্চৰ্য প্ৰকাশ কৰি প্ৰাক্তন ইংলিছ তাৰকা কেভিন পিটাৰছেনে কমেণ্টেৰী বক্সত নিজৰ অনুভৱ প্ৰকাশ কৰি জশপ্ৰীত বুমৰাহে কিয় বলিং মুকলি কৰা নাই বুলি মন্তব্য কৰে। ‘মই এই কথা বুজি পোৱা নাই’ বুলিও মন্তব্য কৰে পিটাৰছেনে।

পিটাৰছেনৰ এনে মন্তব্যৰ পিছতে কমেণ্টেৰী বক্সত তেওঁৰ লগত থকা গাভাস্কাৰে সমৰ্থন কৰি কৈ উঠে, “বহুত ভাল প্ৰশ্ন। বহুত বহুত ভাল প্ৰশ্ন।” এই দুই প্ৰাক্তন তাৰকাৰ লগতে প্ৰাক্তন ভাৰতীয় তাৰকা ইৰফান পাঠানেও এই বিষয়ত নিজৰ মত প্ৰকাশ কৰে।

এক টুইট যোগে পাঠানে প্ৰশ্ন কৰে, “বুমৰাহ ক’ত?” অনুৰাগীসকলেও সামাজিক মাধ্যমত এই বিষয়টিক লৈ বহুল চৰ্চা কৰে। অৱশ্যে চতুৰ্থ অভাৰত বল হাতত লৈ সাজু হয় বুমৰাহ।

উত্থাপিত বিষয়টি যে অনাকাংক্ষিত নাছিল তাক প্ৰমাণ কৰি নিজৰ প্ৰথমটো অভাৰতে বুমৰাহে মুম্বাই ইণ্ডিয়ানছক দিয়ে প্ৰথমটো সফলতা। অভাৰৰ অন্তিমটো বলত বুমৰাহে এটা নিখুঁত য়ৰ্কাৰেৰে বিদায় দিয়ে ঋদ্ধিমান সাহাক।