মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে? উত্তৰ পূৰ্বাঞ্চলত ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা বাস কৰি অহা সৰু-বৰ জনগোষ্ঠীসমূহৰ প্ৰতি কোনো দায়িত্ব নাই নেকি ভাৰত চৰকাৰৰ? উত্তৰ পূৰ্বাঞ্চলক কেৱল সম্পদ আহৰণৰ ক্ষেত্ৰ হিচাপে গণ্য কৰে নেকি ভাৰত চৰকাৰে? এইসমূহ প্ৰশ্নৰ কোনো উত্তৰ নাই! ইয়াৰ বিপৰীতে আমি দেখা পাওঁ জলবোমাসদৃশ নদীবান্ধসমূহৰ নিৰ্মাণ আৰু এইসমূহে সৃষ্টি কৰা বানপানী! চাওক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন-

নদীবান্ধ! যোৱা কেইবাবছৰ ধৰি অসম তথা উত্তৰপূবত চৰ্চিত হৈ অহা এটা বিষয় হৈছে বৃহৎ নদীবান্ধ। ইতিমধ্যে ভাৰত চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্যসমহূত কেইবাটাও জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিছে। ইয়াৰে কিছু প্ৰকল্পই দেশক বিদ্যুৎ যোগান ধৰি আছে, আনহাতে কিছু প্ৰকল্পৰ নিৰ্মাণ দ্ৰুত গতিত চলি আছে। চৰকাৰে ইয়াক উন্নয়ন হিচাপে গণ্য কৰি আহিছে। কিন্তু এই উন্নয়নে কাক জুৰুলা কৰি আহিছে? উন্নয়নৰ আন্ধাৰত কোনে ভুক্তভোগী হ’ব লগা হৈছে? একপক্ষীয় নেকি এই উন্নয়ন?

অসমত এতিয়া বানপানীৰ বতৰ। সেয়ে ৰাজ্যজুৰি বানপানীয়ে চৰম ৰূপ ধাৰণ কৰিছে। বানপানী আৰু ভূমি স্খলনে চৰম ৰূপ ধাৰণ কৰিছে ডিমা হাচাওত। ইতিমধ্যে পাহাৰীয়া ঠাইখনৰ নিউ হাফলং ৰেলৱে ষ্টেচনটো বানে উটুৱাই নিছে। এতিয়া সমগ্ৰ ডিমা হাচাওত ভয়ানক পৰিস্থিতি। এই পৰিস্থিতিৰ উদ্ভৱ হৈছে অঞ্চলটোত উন্নয়ন তথা সম্পদ আহৰণৰ নামত চলি অহা ধ্বংসাত্মক পদক্ষেপসমূহৰ বাবে। বিশেষকৈ ডিমা হাছাওৰ নদীসমূহত নিয়ন্ত্ৰণহীনভাৱে শিল বালিৰ কোৱেৰীসমূহ চলি আহিছে। যাৰ বাবে সেউজীয়া ঠাইখনৰ প্ৰাকৃতিক পৰিৱৰ্তনে দেখা দিছে।

এই প্ৰতিবেদনৰ আলোচ্য বিষয়টো ডিমা হাচাও নহয়। বৰঞ্চ নদীবান্ধ। নদীত শিল-বালি আহৰণ কৰাৰ ফলতে ডিমা হাচাওত এই ধ্বংসলীলা হৈছে। প্ৰকৃতিৰ ওপৰত মানুহৰ অবাধ লুন্ঠনে ডিমা হাচাওক মানচিত্ৰৰ পৰা মচি পেলোৱাৰ উপক্ৰম হৈছে। তেনেস্থলত উত্তৰ পূবত ব্যাপক হাৰত নিৰ্মাণৰত নদীবান্ধসমূহে কেনেধৰণৰ ৰূপ ল’ব, সেয়া সহজেই অনুমেয়। উত্তৰ পূবত পুৰণি নদীবান্ধসমূহৰ ওপৰিও শেহতীয়াকৈ নতুনকৈ কেইবাটাও ক্ষেত্ৰ চিনাক্ত কৰা হৈছে। এইসমূহত নিৰ্মাণ কৰিবলগা বৃহৎ নদীবান্ধসমূহে দেশবাসীক অজস্ৰ মেগাৱাটছ বিদ্যুৎ যোগান ধৰিব। ইয়াৰ ভিতৰত অন্যতম হৈছে অৰুণাচলৰ চিয়াং নদী, নামনি সোঁৱণশিৰি আৰু ৰঙানদীৰ হৈ থকা নদীবান্ধসমূহ। এই নদীবান্ধসমূহৰ মাজৰে নামনি সোৱণশিৰি প্ৰকল্পটোক লৈ অসমত দীৰ্ঘদিন ধৰি আন্দোলন চলি আহিচে। ই ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব। ইয়াৰ উপৰিও অৰুণাচলৰ ডফলা পাহাৰৰ পৰা বৈ অহা তীব্ৰবেগী ৰঙানদীত চলি থকা  নদীবান্ধসমূহে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত তীব্ৰ বানপৰিস্তিতিৰ সৃষ্টি কৰি আহিছে। বিশেষকৈ ২০০১ চনত কাৰ্যক্ষম হোৱা ৬৮ মিটাৰ উচ্চতাৰ নিপকোৰ ৰঙানদী বান্ধে বছৰি ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। ই লখিমপুৰ আৰু ধেমাজী জিলাৰ ভূ গাঁঠনি তথা পৰিপাৰ্শ্বিক অৱস্থাটোৱে সলনি কৰি পেলাইছে। জিলা দুখনৰ সৰু সৰু নদীসমূহ শুকুৱাই পেলোৱাৰ উপৰিও সেউজ শস্যপথাৰসমূহ বালিয়ে ডুবাই পেলাইছে। ২০১৭ চনৰ জুলাইত ৰঙানদী বান্ধে মোকলাই দিয়া পানীত ১১ জন লোকে প্ৰাণ হেৰুৱাইছিল।

কিন্তু এইসমূহে তলাব পৰা নাই সংশ্লিষ্ট দায়িত্বশীল মহলক। নদীবান্ধে ক্ষতি কৰা পৰিৱেশ আৰু লোকসকলক কোনে আশ্বাস প্ৰদান কৰিব? ৰঙানদী প্ৰকল্প কাৰ্যক্ষম হোৱা এতিয়া বিশ বছৰ হৈ গ’ল, অথচ নদীবান্ধটোৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ কোনোধৰণৰ অধ্যয়ন কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা নাই।

কেৱল ৰঙানদীয়েই নহয়, ৰঙানদীতকৈ পাঁচ গুণ ক্ষমতাবিশিষ্ট নামনি সোৱণশিৰি প্ৰকল্পইও সমগ্ৰ অসমতে বিস্তৰ ক্ষতি কৰিব বুলি বিশেষজ্ঞসকলে আশংকা কৰি আহিছে। এনএইচপিচিয়ে নিৰ্মাণ কৰি থকা এই নদীবান্ধটোৰ বিৰুদ্ধে ব্যাপক আন্দোলন চলি আহিছে। ২০১১ চনত ই তীব্ৰ ৰূপ ধাৰণ কৰে। নদীবান্ধ বিৰোধী আন্দোলনৰ ফলতে বৰ্তমানৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। সেই সময়ত বিৰোধী বিজেপিয়েও নদীবান্ধৰ বিৰোধিতা কৰিছিল। কিন্তু বিজেপি যেতিয়া শাসনলৈ আহিল, তাৰপাছৰে নদীবান্ধ বিৰোধী আন্দোলন সেমেকি আহিব ধৰে। এতিয়া এই জলবোমাসদৃশ নদীবান্ধটোৰ নিৰ্মাণ কাৰ্য তীব্ৰ গতিত চলিব ধৰিছে। আনকি ২০২১ চনৰ ডিচেম্বৰ মাহত উচ্চতম ন্যায়ালয়েও নদীবান্ধটো নিৰ্মাণৰ বাবে সেউজ সংকেত প্ৰদান কৰিছে। ন্যায়ালয়ে নেচনেল গ্ৰীণ ট্ৰিবু্নেলে প্ৰদান কৰা নদীবান্ধ বিৰোধী এখনি আবেদন খাৰিজ কৰে। তাৰপাছতে, ভাৰত চৰকাৰৰ শক্তিমন্ত্ৰী আৰ কে সিঙে গুৱাহাটীত ঘোষণা কৰেহি যে নামনি সোঁৱণশিৰি জলবিদ্যুত প্ৰকল্প চলিত বৰ্ষৰ আগষ্ট মাহত কাৰ্যক্ষম হ’ব।

অৰুণাচলত নিৰ্মাণ হৈ থকা আন এটা নদীবান্ধ হৈছে ডিবাং বহুমুখী প্ৰকল্প। ২৮৮০ মেগাৱাট সম্পন্ন এই ডিমাং বান্ধক বিশ্বৰ ভিতৰতে আটাইতকৈ বৃহৎ কংক্ৰিট গ্ৰেভিটী বান্ধ হিচাপে গণ্য কৰা হৈছে। বান্ধটো নিৰ্মাণ কৰিবলৈ ২ লাখৰো অধিক গছ আৰু ১,১৬৫ হেক্টৰ অৰণ্য ধ্বংস কৰা হৈছে। ডিবাং ভেলীৰ পৰা উচ্চেদ কৰা হৈছে ৩৯ ইডু মিছিমি জনগোষ্ঠীৰ গাঁও। জনগোষ্ঠীটোৱে প্ৰতিবাদ কৰিলেও ইয়াক দিল্লীয়ে অগ্ৰাহ্য কৰে। লাভ কৰা নাই কোনো ক্ষতিপূৰণো।

উল্লেখযোগ্য যে ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছতে এই নদীবান্ধ প্ৰকল্পসমূহক অত্যন্ত গুৰুত্ব দিয়া হৈছিল। আনকি জৱাহৰলাল নেহৰুৱে নদীবান্ধসমূহক আধুনিক ভাৰতৰ মন্দিৰ হিচাপেও আখ্যা দিছিল। ১৯৪৭ চনৰ পৰা বৰ্তমানলৈকে দেশজুৰি ৪,৩০০ টা নদীবান্ধ নিৰ্মাণ কৰা হৈছে। দেশে এইসমূহৰ পৰা ব্যাপক পৰিমাণৰ বিদ্যুত লাভ কৰিছে। কিন্তু উন্নয়নৰ আধাৰস্বৰূপ এই প্ৰকল্পসমূহৰ ফলত বাসস্থান হেৰুৱাইছে ৪.৪ মিলিয়ন লোকে। এয়া অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। অথচ ই অদ্যপি মিডিয়াৰ আঁৰত লুকাই আছে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ডিচেম্বৰ মাহত সংসদত বান্ধ সুৰক্ষা আইন ২০২১ আনিলেও সুখী কৰিব পৰা নাই বিৰোধী দল আৰু পৰিৱেশ কৰ্মীসকলক।  আইনখনত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে কোনোধৰণৰ ক্ষতিপূৰণৰ বিষয়েও উল্লেখ কৰা নাই।

এতিয়া কথা হ’ল, যদি উন্নয়নৰ নামত দেশৰ একোণত থকা এইখিনি মানুহ সৰ্বশ্ৰান্ত হয়, তেন্তে ইয়াৰ দায়িত্ব কোনে ল’ব? আজি নদীত শিল বালি আহৰণ কৰাৰ ফলতে ডিমা হাচাওত হাহাকাৰ হৈছে। তেনেস্থলত ভাৰত চৰকাৰে উত্তৰ পূবত নিৰ্মাণ কৰি অহা অজস্ৰ নদীবান্ধে সময়ত কি ৰূপ ধাৰণ কৰিব, সেয়া সকলোৰে অনুমেয়।