• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কি আছিল, বিজেপিৰ ‘বিজয় সংকল্প মহাসমাৱেশ’নে চৰকাৰী অনুষ্ঠান?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 10, 2019 2:35 pm
51484215_2311529935748644_5647350504922021888_n
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাংসাৰিত এইমছৰ ভূমি পুজন আৰু ছয় লেন যুক্ত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে শনিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আহি উপস্থিত হৈছিল অসমত। কিন্তু সেই দুই কাৰ্য্যসূচীক চৰকাৰ আৰু বিজেপি দলে দুইধৰণে প্ৰচাৰ চলোৱা দেখা গ’ল।

ৰাজ্য চৰকাৰে এই কাৰ্য্যসূচী এইমছৰ ভুমিপুজন তথা ছয় লেন যুক্ত দলঙৰ আধাৰশিলা স্থাপন তথা এক চৰকাৰী অনুষ্ঠানত প্ৰধান মন্ত্ৰী উপস্থিত থাকিব বুলি প্ৰচাৰ চলোৱাৰ বিপৰীতে সেই একেই কাৰ্য্যসূচীকে ৰাজ্যিক বিজেপিয়ে নৰেন্দ্ৰ মোদীৰ উপস্থিতিৰে ‘বিজয় সংকল্প মহা সমাৱেশ’ নামাকৰণেৰে প্ৰচাৰ চলাইছিল।

বিজেপিয়ে এনেধৰণে প্ৰচাৰ চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৩ লাখ লোক আনিছিল। লাখ লাখ লোকক সভাত উপস্থিত কৰোৱাৰ পাছতেই বিজেপিৰ নেতৃবৰ্গই এই কাৰ্য্যসূচীক ‘বৃহৎ সফল সমাৱেশ’ বুলিও দাবী কৰিছিল।

4ddfca65-cd96-4628-a809-31773678a437
বিজেপিয়ে গুৱাহাটীত বিজয় সংকল্প মহাসমাৱেশৰ প্ৰচাৰ কৰা তোৰণ।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ৯ খন ৰেইলেৰে আৰু প্ৰায় ১৪০০ খন বাহনেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বিজেপি কাৰ্য্যকৰ্তাসকলক মোদীৰ জনসভালৈ বুলি লৈ অনা হৈছিল। তাৰ বিপৰীতে দহখন জিলাৰ দহ সহস্ৰাধিক ‘আশা কৰ্মী’ আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকসকলক সেয়া ‘এক চৰকাৰী অনুষ্ঠান’ হিচাপে উপস্থিত হ’বলৈ নিৰ্দেশনা জাৰি কৰা হৈছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে যাতায়তৰ খৰচ, খোৱা-বোৱাৰ খৰচ’ৰ নামত বিজেপি দলে চৰকাৰী ধনৰেই শৰাধ কৰা বুলিও অভিযোগ উঠিছে।

এই কামে দল-চৰকাৰ-প্ৰশাসনক একাকাৰ কৰা নাই নে? বুলিও সচেতন মহলে প্ৰশ্ন কৰিছে।

ৰাজ্যিক বিজেপিৰ এনে কাণ্ডক ‘এক গুলীত দুই চিকাৰ’ বুলি সচেতন মহলত বিষয়টো আলোচিত হোৱাৰ উপৰিও ‘বিজেপিয়ে আনৰ পিঠাৰে বিহু পতা’ বুলি আখ্যা দিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

তেওঁ লগতে বিজেপিৰ এই কাৰ্য্য গণতন্ত্ৰ বিৰোধী আখ্যা দি কয়, ‘‘নৰেন্দ্ৰ মোদীৰ গণতান্ত্ৰিক ধ্যান ধাৰণাৰ প্ৰতি কোনো আকৰ্ষণ নাই। প্ৰজাতন্ত্ৰ পৰিহাৰ কৰি তেওঁলোকে ৰজাৰ নিচিনাকৈ থাকিব বিচাৰে। সেয়েহে চৰকাৰী অনুষ্ঠানত চৰকাৰী কথা-বাৰ্তা নোকোৱাকৈ ৰাজনৈতিক দলৰ সমাৱেশৰ নিচিনাকৈ ৰাজনৈতিক কথাহে বৈছিকৈ ক’লে।‘’

মোদীৰ এনে কাৰ্য্যক অতি দুৰ্ভাগ্যজনক আখ্যা দি তেওঁ কয় যে চৰকাৰী অনুষ্ঠানৰ সভাত তেওঁ বিৰোধী দলকহে বেছিকৈ আক্ৰমণ কৰিলে।

‘’অনুষ্ঠানটো ‘এইমছৰ ভুমি পুজন’ নামতহে আছিল, কিন্তু ৰাজনৈতিক প্ৰচাৰ চলোৱাহে দেখা গ’ল।‘’ এইদৰে কয় শইকীয়াই।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, কালি অনুষ্ঠানত নিজৰ কৰ্ম এৰি মোদীৰ জনসভাত উপস্থিত হোৱা আশাকৰ্মীসকলৰ ‘আশাকিৰণ’ আঁচনিৰ ৩০,৩৬,০০০ ধন শৰাধ কৰিলে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে। এই আঁচনিৰ ধন কোনো আশা কৰ্মীৰ আকস্মিক মৃত্যু হ’লে অথবা কোনো সাহায্যৰ প্ৰয়োজন সাপেক্ষে ব্যয়ৰ বাবে ধাৰ্য কৰা হৈছিল যদিও সভাৰ নামত যাতায়ত আৰু দৈনিক ভাট্টাৰ বাবে খৰচ কৰা হ’ল সেই বাজেটৰ ধন।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd