লোকসভাত একেদিনাই গৃহীত কৰিলে ৪৫ খন বিধেয়ক : কিমান দিন উপস্থিত কোন দলৰ সাংসদ?

সপ্তদশ লোকসভাত মুঠ ২২২খন বিধেয়ক গৃহীত হয়। ইয়াৰে ৪৫খন বিধেয়ক লোকসভাত উত্থাপন হোৱাৰ দিনাই গৃহীত হয়। এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মে (এডিআৰ) শেহতীয়াকৈ এক সমীক্ষা প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে। ২৬ মাৰ্চত এডিআৰ আৰু নেশ্যনেল ইলেকচন ৱাচে (এনইডব্লিউ) প্ৰকাশ কৰিছিল এই প্ৰতিবেদন। এই প্ৰতিবেদনত সোতৰতম লোকসভাৰ বিভিন্ন সদস্যৰ লগতে সংসদৰ কাম-কাজ সম্পৰ্কে বিভিন্ন তথ্য সন্নিবিষ্ট কৰা হৈছে।

এডিআৰৰ তথ্য অনুসৰি এই বিধেয়কসমূহৰ ভিতৰত আছে দ্য ইলেকচন ল (এমেণ্ডমেণ্ট) বিল, ২০২১, দ্য জম্মু-কাশ্মীৰ এপ্ৰ’প্ৰিয়েচন (নং ২) বিল, দ্য চেণ্ট্ৰেল গুডছ এণ্ড চাৰ্ভিচেছ টেক্স (এমেণ্ডমেণ্ট) বিল, ২০২৩ ইত্যাদি।

এডিআৰৰ তথ্য অনুসৰি সপ্তদশ লোকসভাত মুঠ ২৪০খন বিধেয়ক উত্থাপন কৰা হৈছিল যাৰ ভিতৰত ২২২খন বিধেয়ক গৃহীত হৈছিল। তথ্য অনুসৰি ইয়াৰে ৪৫খন বিধেয়ক উত্থাপন হোৱাৰ দিনাই গৃহীত হৈছিল।

এডিআৰৰ সমীক্ষাত সাংসদসকলৰ বিষয়েও বিতং তথ্য পোৱা গৈছে। তথ্য অনুসৰি সপ্তদশ লোকসভাত সাংসদসকলে গড়ে ১৬৫টা প্ৰশ্ন কৰিছিল আৰু ২৭৩ দিনৰ অধিৱেশনৰ ভিতৰত ১৮৯ দিন উপস্থিত আছিল। লক্ষণীয়ভাৱে গড়ে ১৯১ দিন সংসদত উপস্থিত আছিল শাসকীয় বিজেপিৰ সাংসদ৷ সংসদত তৃণমূল কংগ্ৰেছৰ সাংসদসকলৰ উপস্থিতি গড়ে ১৩৮ দিন আছিল।

সাংসদৰ উপস্থিতিৰ ক্ষেত্ৰত চত্তীশগড়ৰ সাংসদসকলৰ উপস্থিতি সৰ্বাধিক। ২৭৩ দিনীয়া সংসদৰ অধিৱেশনত ৰাজ্যৰ ১১ জন সাংসদ গড়ে ২১৬ দিন উপস্থিত থাকে।

অৰুণাচল প্ৰদেশৰ দুগৰাকী সাংসদৰ উপস্থিতি সৰ্বনিম্ন। যিসকল মাত্ৰ ১২৭ দিন সংসদত উপস্থিত আছিল।

সপ্তদশ লোকসভাত পশ্চিম বংগৰ সাংসদসকল গড়ে ১৬২ দিন সংসদত উপস্থিত আছিল। এই ৰাজ্যৰ সাংসদসকলে গড়ে ১১৪টা প্ৰশ্ন কৰিছিল।

সংসদত সৰ্বাধিক মহাৰাষ্ট্ৰৰ সাংসদ আছিল। ৰাজ্যখনৰ ৪৯ গৰাকী সাংসদে গড়ে ৩১৫টা প্ৰশ্ন কৰে। আনহাতে মণিপুৰৰ সাংসদসকলে গড়ে মাত্ৰ ২৫টা প্ৰশ্নহে সুধিছিল।

এটা গোট হিচাপে এন চি পিৰ পাঁচজন সাংসদে গড়ে ৪১০টা প্ৰশ্ন কৰিছিল। আনহাতে আপনা দল (সোনেলাল)ৰ দুজন সাংসদে মাত্ৰ ৫টাকৈ প্ৰশ্ন কৰে।

সংসদত সৰ্বাধিক উপস্থিতি আছিল তেলেগু দেশামৰ সাংসদ। যিসকল ২৭৩ দিনৰ ভিতৰত ২২৯ দিন সংসদত উপস্থিত আছিল। আনহাতে আম আদমি পাৰ্টিৰ সাংসদ গড়ে ৫৭ দিন উপস্থিত আছিল।

সপ্তদশ লোকসভাত প্ৰশ্নকাৰক তালিকাৰ শীৰ্ষত বিজেপি সাংসদ সুকান্ত মজুমদাৰ। তেওঁ মুঠ ৫৯৬টা প্ৰশ্ন কৰে।

সপ্তদশ লোকসভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ ওপৰত ৬৬০২টা প্ৰশ্ন উত্থাপন হৈছিল। কৃষি আৰু কৃষকৰ কল্যাণৰ ওপৰত ৪,৬৪২ টা প্ৰশ্ন, ৰেলৱেৰ ওপৰত ৪,৩১৭ টা প্ৰশ্ন, বিত্তৰ ওপৰত ৪,১২২ টা প্ৰশ্ন, শিক্ষাৰ ওপৰত ৩,৩৫৯ টা প্ৰশ্ন, পৰিৱেশৰ ওপৰত ৩,২৬৩ টা প্ৰশ্ন, পথ পৰিবহণ, পানীৰ ওপৰত ২,৮১৩ টা প্ৰশ্ন আছিল শক্তি সম্পৰ্কীয় প্ৰশ্ন ২,৮০৮, মহিলা আৰু শিশু কল্যাণ সম্পৰ্কীয় ২,৭২৭ টা প্ৰশ্ন প্ৰশ্ন, ২,৬২৪ টা গৃহ মন্ত্ৰালয় সম্পৰ্কীয় প্ৰশ্ন, ২,৫১৮ টা শ্ৰম আৰু নিয়োগ সম্পৰ্কীয় প্ৰশ্ন, আৰু ২,৩৬৮ টা গ্ৰাম্য উন্নয়ন সম্পৰ্কীয় প্ৰশ্ন।