সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ছবছৰ ধৰি চলা অসম আন্দোলনৰ প্ৰথমৰ ফালে আন্দোলনকাৰী নেতৃত্বই ১৯৫১ চনক সীমাৰেখা ধৰি অসমত থকা বিদেশী নাগৰিকক চিনাক্ত আৰু বহিষ্কাৰ কৰাৰ দাবী অৱশ্যেই তুলিছিল। তাহানিখনতে ইন্দিৰা গান্ধীয়ে পৰামৰ্শ দিছিল যে ১৯৫১-ৰ পৰিৱৰ্তে ১৯৭১ চনটোক ভিত্তিবৰ্ষ হিচাপে লোৱা যাওক। ১৯৫১-ৰ প্ৰতি সমৰ্থন আগ বঢ়াইছিল বাওঁপন্থীসকলেও। সদৌ অসম ছাত্ৰ সন্থাই প্ৰথমে ১৯৭১-ক নাকচ কৰি আন্দোলন চলাই গৈছিল আৰু শেষত তাকেই বাস্তৱসন্মত বুলি ঠাৱৰ কৰি ঐতিহাসিক অসম চুক্তি সম্পন্ন কৰিছিল। আমছুকে ধৰি বিভিন্ন সংখ্যালঘু দল-সংগঠনেও ১৯৭১-ক ভিত্তিবৰ্ষ কৰি বিদেশী চিনাক্ত আৰু বহিষ্কাৰ কৰাৰ বিষয়টোক সমৰ্থন কৰিছিল। মুঠতে, অসম চুক্তিৰ আধাৰত ১৯৭১-ক বিদেশী চিনাক্তকৰণ আৰু বিতাড়নৰ ভিত্তিবৰ্ষ হিচাপে ল’বলৈ এক ঐকমত্য গঠিত হৈছিল।
আজি এচাম লোকে ১৯৫১ চনটোক ভিত্তিবৰ্ষ হিচাপে ল’বৰ বাবে পুনৰ প্ৰচাৰ চলাইছে আৰু মহাকষ্টে উলিওৱা ঐতিহাসিক সমাধান এটাক পুনৰ বিতৰ্কৰ কুঁৱলীৰ মাজলৈ ঠেলি দিছে।
যুক্তিৰ আধাৰত আমি চালি-জাৰি চোৱা ভাল কি কাৰণে ১৯৫১ আমাৰ সমস্যা আৰু ১৯৭১-হে আমাৰ সমাধান।
১৯৭১-ৰ পক্ষে আৰু ১৯৫১-ৰ বিপক্ষে সবাতোকৈ সবল যুক্তিটো এই যে ঐতিহাসিক অসম চুক্তিত ১৯৭১ আছে, ১৯৫১ নাই আৰু এই অসম চুক্তিক অসমৰ বিবদমান বিভিন্ন পক্ষই আজি অতদিনে গ্ৰহণ কৰি আহিছে। আজি যদি ১৯৭১ বাতিল কৰি ১৯৫১-ক গ্ৰহণ কৰা হয়, তেন্তে সেয়া অসম চুক্তি ভংগ নকৰাকৈ সম্ভৱ হ’ব নোৱাৰে।
দ্বিতীয়তে, বহু ত্যাগ আৰু তেজৰ বিনিময়ত বহু বিবাদী পক্ষই এক সহমতত উপনীত হৈছিল আৰু এই সন্দৰ্ভত একপ্ৰকাৰ শান্তি আৰু সুস্থিৰতা স্থাপিত হৈছিল। আজি অসম চুক্তিক ঘাইল কৰাৰ লগে লগে উক্ত সহমত-ঐকমত্য ভাগি পৰিব আৰু অশান্তি-অসূয়া-অস্থিৰতাই ৰাজ্যখন ছানি ধৰিব; ৰাজ্যখনৰ ইতিহাস পুনৰ অনিশ্চয়তাৰ চাকনৈয়াৰ মাজলৈ অনুক্ৰমে সোমাই পৰিব।
তৃতীয়তে, ১৯৫১-ৰপৰা ১৯৭১ চনৰ ২৪ মাৰ্চলৈ ‘বাংলাদেশ’ নামৰ কোনো দেশ নাছিল। ১৯৭১ চনৰ উক্ত দিনাখন পূৰ্বৰ পূব পাকিস্তান বাংলাদেশ নামে নকৈ ভূমিষ্ঠ হৈছিল পাকিস্তানৰ পৰা ফালি আহি আৰু তাত সহযোগ কৰিছিল ভাৰতে। ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ বিদেশী চিনাক্ত কৰিলে তেওঁলোকক বাংলাদেশে কেলেই নিজৰ বুলি স্বীকাৰ কৰিব? নিজৰ জন্মৰ আগতে প্ৰব্ৰজিত মানুহৰ দায়িত্ব বাংলাদেশে ল’ব জানো? আকৌ, ভাৰতৰ সহযোগত সেই ভূখণ্ড যিহেতু পাকিস্তানৰ পৰা ওলাই আহিল, সেয়েহে পাকিস্তানেও সেই ভূখণ্ডৰ পৰা প্ৰব্ৰজিত মানুহৰ দায়িত্ব ল’বলৈ নাহে। তাতে পাকিস্তান ভাৰতৰ আজন্ম শত্ৰু ৰাষ্ট্ৰ।
ধৰি ল’লোঁ ওপৰত দেখুওৱা সমস্যাবোৰ নাই। তৎসত্ত্বেও ১৯৭১ বাদ দি আজি পুনৰ ১৯৫১-ক ভিত্তিবৰ্ষ হিচাপে লোৱাটো সমীচীন হ’ব জানো? ভাবি চাওক, ১৯৮৫ চনত আমি ১৯৫১-পৰা ১৯৭১-ৰ ভিতৰত অহা মানুহচামক ক’লোঁ- বোলোঁ ভাই, যি হ’ল হ’ল, আমি তোমালোকক আমাৰে নাগৰিক বুলি গ্ৰহণ কৰিলোঁ; এতিয়া আমাৰ মাজৰে একোজন হৈ তোমালোক আমাৰ ইয়াতে থাকাহঁক। তেওঁলোকেও স্বস্তিৰ নিশ্বাস পেলাই ঘৰ-সংসাৰত লাগি পৰিল। এতিয়া ২০১৯ চনত, ৩৪ বছৰৰ পিছত, আমি আকৌ তেওঁলোকক ক’লোঁ- হেৰা, তোমালোক বিদেশীহে। আগতে তোমালোকক আপোন বুলি কৈছিলোঁ যদি কৈছিলোঁ আৰু, এতিয়া উঠাঁ, টালি-টোপোলা বান্ধা, এই ৰাজ্য এৰি গুছি যোৱা। এইটো মানৱিক কথা হ’বনে?
তদুপৰি প্ৰায় সম্পূৰ্ণতাৰ দিশে আগবঢ়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন নাকচ কৰি তাক নকৈ প্ৰস্তুত কৰাৰ উদ্যোগ লোৱা হ’ব নেকি? মন কৰক, এইখিনি আগ বাঢ়িবলৈকে ৩৪ বছৰ সময় লাগিল। আকৌ, ১৯৭১-ৰ পৰিৱৰ্তে ১৯৫১-ৰ ভিত্তিত এখন নতুন নাগৰিকপঞ্জীৰ উদ্যোগ ল’ব লগা হ’লে কিমান বছৰ লাগিব, কিমান জটিলতা আহিব- ভাবি চাওক।
১৯৭১ যদি ভুলো আছিল বুলি ভবা হয়, তৎসত্ত্বেও বিধিগত, মানৱিক, ঐতিহাসিক আদি নানা দিশলৈ চাই সেই ‘ভুল’ শুদ্ধ কৰিবলৈ নোযোৱাই মংগল। ভুলৰ কাঁইট গুচাব যাওঁতে অজস্ৰ-অসংখ্য নতুন ভুলৰ জন্ম হৈ জাতিটোক, ৰাজ্যখনক কোঙা কৰি পেলাব।
গতিকে, দহোকুৰি- অসম চুক্তিত উল্লেখিত ১৯৭১ চনৰ ২৪ মাৰ্চ তাৰিখক লৈ কৰা ল’ৰা-ধেমালিবোৰ এৰক।
লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক
ইমেইল- [email protected]