কোভিড-১৯ মহামাৰী শেষ, জৰুৰী স্বাস্থ্য ব্যৱস্থাৰ প্ৰয়োজন নাই; WHO-ৰ ঘোষণা

কৰ’না মহামাৰীৰ আতংকৰ পৰা মুক্ত হৈছে বিশ্ব। বিশ্ব স্বাস্থ্য সংস্থাই কয় যে কোভিড-১৯ৰ বাবে এতিয়া বিশ্বব্যাপী জৰুৰীকালীন স্বাস্থ্য ব্যৱস্থাৰ প্ৰয়োজন নাই। বৰ্তমান এই মহামাৰী অন্তিম পৰ্যায়ত আছে। কিন্তু মহামাৰীয়ে যোৱাৰ পূৰ্বে ৬৯ লাখৰো অধিক লোকৰ প্ৰাণ কাঢ়ি লৈছে। কৰ’না ভাইৰাছৰ এই মহামাৰীয়ে বিশ্বৰ অৰ্থনীতিতো প্ৰভাৱ পেলাইছে।

বৃহস্পতিবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন সমিতিৰ বৈঠক অনুষ্ঠিত হয়। ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় উদ্বেগৰ বিষয় জনস্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ অৱসান ঘোষণা কৰাৰ পৰামৰ্শ আগবঢ়াইছে। বিগত এবছৰৰ পৰা সমগ্ৰ বিশ্বতে কোভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱ চলি আহিছে।

লগতে পঢ়ক: নাবালিকা কন্যাক নিৰ্যাতন! ডাঃ ৱালিউল ইছলাম, বনকৰা মহিলাক গ্ৰেপ্তাৰ; ক’ত ডাঃ সংগীতা দত্ত?

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানম গেব্ৰিয়াছুছে কয়, ‘এয়া অতি আশাৰে জনাওঁ যে কোভিড-১৯ ক আৰু বিশ্ব স্বাস্থ্য জৰুৰীকালীন অৱস্থা বুলি গণ্য কৰাৰ প্ৰয়োজন নাই। তেওঁ লগতে কয় যে জৰুৰীকালীন অৱস্থাৰ অন্ত পৰাৰ অৰ্থ এইটো নহয় যে কোভিড-১৯ আশংকা সম্পূৰ্ণৰূপে শেষ হৈছে। আজিও বিশ্বৰ মানুহৰ বাবে ই এক স্বাস্থ্যজনিত সমস্যা।

বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন সমিতিৰ মুৰব্বীগৰাকীয়ে কয় যে কোভিড-১৯ৰ বাবে সৰ্বোচ্চ সতৰ্কতা জাৰি কৰা হৈছিল তিনি বছৰতকৈও অধিক পূৰ্বে ২০২০ চনৰ ৩০ জানুৱাৰীত। কাৰণ বিশ্বত কোভিড সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰিছিল। আৰু কোভিড-১৯ বিৰুদ্ধে যুঁজিবলৈ ভেকচিন আৰু চিকিৎসা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰা হৈছে।

তেওঁ লগতে কয় যে বৰ্তমান কোভিড-১৯ৰ প্ৰাদুৰ্ভাৱ হৈছে। বহু লোক আক্ৰান্ত হৈছে। কিন্তু ইয়াৰ বাবে আৰু জৰুৰীকালীন অৱস্থাৰ প্ৰয়োজন নাই।

লগতে পঢ়ক: কি হৈছে অসমত? এইবাৰ গহপুৰত যুৱতীক দলবদ্ধ ধৰ্ষণ; অভিযুক্তক গ্ৰেপ্তাৰ

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে কোভিড-১৯য়ে বিশ্বক সলনি কৰি পেলাইছে। কোভিড-১৯ ৰ আগৰ এইটো অৱস্থা আছিল। আৰু এতিয়া পৰিস্থিতি বহু সলনি হৈছে। কিন্তু এই পৰিৱৰ্তনৰ পৰা ভৱিষ্যত প্ৰজন্মই শিকিব লাগিব। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০২১ চনৰ জানুৱাৰী মাহত প্ৰতি সপ্তাহত মৃত্যুৰ হাৰ আছিল ১ লাখ। বৰ্তমান প্ৰতি সপ্তাহত মৃত্যুৰ সংখ্যা ৩৫০০ৰ অলপ বেছি।

ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ক’ৰোনা মহামাৰীৰ অন্ত পৰিল বুলি কৈছিল। আন বহু দেশৰ দৰে বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ দেশখনেও আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থা হ্ৰাস কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ ভিতৰত গুৰুত্বপূৰ্ণ হ’ল ভেকচিনৰ বাবে ধন দিয়া বন্ধ কৰা। বাকী বিশ্বৰ দেশসমূহেও এই কাম কৰিবলৈ আৰম্ভ কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বৰ বহু দেশে এই মহামাৰীৰ লগত খাপ খুৱাবলৈ আৰম্ভ কৰিছে। বহু দেশে জৰুৰীকালীন স্বাস্থ্য ব্যৱস্থা প্ৰত্যাহাৰ কৰিছে।