NORTHEAST NOW (Assamese)

WHOৰ মুৰব্বীৰ মন্তব্যত নিৰাশা! আহিবলগীয়া ভেকচিনে কাম কৰিব এনে কোনো নিশ্চয়তা নাই

September 23, 2020 7:44 am · এন ই নাও নিউজ
বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানম ঘেব্ৰিয়াছুছ।

সমগ্ৰ বিশ্বই ভেকচিনৰ বাবে অপেক্ষা কৰি ৰৈছে। ভেকচিন আহিলেই যেন কৰ’নাৰ পৰা মুক্তি পোৱাৰ বাট মুকলি হ’ব। কিন্তু সেই ভেকচিনকলৈয়েই নিৰাশা ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানম ঘেব্ৰিয়াছুছে।

টেড্ৰ’ছৰ মতে,’’যিবোৰ ভেকচিন প্ৰস্তুত হৈ আছে, সেইবোৰে কাম কৰিব এনে কোনো নিশ্চয়তা নাই। যিমানেই বেছি মানুহৰ ওপৰত পৰীক্ষা কৰা হ’ব, সিমানেই বেছি সুৰক্ষাৰ বিষয়ে নিশ্চিত হ’ব পৰা যাব।‘’

তেওঁ লগতে কয় যে বৰ্তমান কমেও ২০০টা ভেকচিনক লৈ বিভিন্ন পৰ্যায়ত গৱেষণা চলি আছে। সেইবোৰৰ কিছুমান ক্লিনিকেল আৰু আন কিছুমান প্ৰি-ক্লিনিকেল টেষ্টৰ পৰ্যায়ত আছে।

টেড্ৰ’ছে ইতিহাসৰ দোহাই দি কয় যে ইয়াৰ কোনোবাটো সফল হ’ব, কোনোবাটো বিফল হ’ব।

বিশ্বৰ বিভিন্ন গৱেষণাগাৰত কৰ’নাৰ ভেকচিনক লৈ গৱেষণা অব্যাহত আছে। এই বছৰৰ ভিতৰতে ভেকচিনকলৈ কোনো আশাৰ বতৰা আহিব বুলি অনুমান কৰা হৈছে।

বিশ্বৰ সকলো দেশেই যাতে সমানভাৱে ভেকচিন লাভ কৰে তাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই উদ্যোগ গ্ৰহণ কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰা ভাৰতকো ইয়াত চামিল হোৱাৰ বাবে আহ্বান জনোৱা হৈছে। ভেকচিন সম্পৰ্কত ভাৰতৰ বহু অভিজ্ঞতা আছে বুলি সদৰী কৰি সংস্থাটোৱে ভেকচিন আৱন্টনত ভাৰতৰ অংশগ্ৰহণ আশা কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাই Covax নামেৰে এক বিশেষ পদ্ধতি প্ৰস্তুত কৰিছে আৰু ইয়াৰ জৰিয়তে গোটেই বিশ্বতে যাতে সমানভাৱে ভেকচিন আৱন্টন সম্ভৱ হৈ পৰে তাৰ বাবে দৃষ্টি ৰখা হৈছে।

ভাৰতৰ তিনিটা ভেকচিনৰ প্ৰস্তুতিৰ কাম চলি থকাৰ কথা স্বয়ং প্ৰধানমন্ত্ৰীয়ে জানিব দিছে। আইচিএমআৰে জানিবলৈ দিয়া মতে ১৭৫০জনৰ শৰীৰত এই ভেকচিনৰ ট্ৰায়েল সম্পন্ন হৈছে।

Related News