• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ফেচবুকত কিয় হঠাৎ আবিৰ্ভাৱ #couplechallenge আৰু #SingleChallenge? ৰ

কিয় তল পৰি ৰৈছে ‘কৃষি আইন ২০২০’ ৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ হেছটেগ #standwithfarmerschallenge?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 23, 2020 7:04 pm
a1111
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালিৰে পৰা হঠাৎ ফেচবুকত আবিৰ্ভাৱ হৈছে দুটা হেজটেগ। যিসকল পত্নী-স্বামী বা প্ৰেয়সী-প্ৰেমিক সেইসকলে যুগ্ম ফটো আপলোড কৰি লিখিছে #couplechallenge । কিছুমানে ৰাজনৈতিক নেতাৰ যেনে বদৰুদ্দিন আজমল আৰু তৰুণ গগৈৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী-আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ফটোও ইয়াত সন্নিবিষ্ট কৰি ধেমেলিয়াকৈ #couplechallenge  বুলি লিখিছে।

যিসকল অবিৱাহিত নাইবা যিসকলৰ কোনো প্ৰেয়সী বা প্ৰেমিক নাই সেইসকলে নিজৰ অকলশৰীয়া ফটো দি বা ৱালত #SingleChallenge বুলি লিখি আপলোড দিছে।

#couplechallenge হেছটেগে বৰ্তমানলৈকে এক মিলিয়নৰ ঘৰ অতিক্ৰম কৰিছে।

ঠিক সেইদৰে #SingleChallenge য়ে মিলিয়নৰ ঘৰ অতিক্ৰম কৰিছে।

সকলো যেন ব্যস্ত হৈ পৰিছে এই চেলেঞ্জৰ সৈতে। সকলোৰে মনত এতিয়া এটাই প্ৰশ্ন ‘কেনেকৈ হঠাৎ আবিৰ্ভাৱ ঘটিল এই দুই চেলেঞ্জৰ?’

লক্ষ্যণীয় কথাটো হ’ল  ৰাজ্যসভাত বিৰোধীৰ প্ৰতিবাদক অংগুষ্ঠ প্ৰদৰ্শন কৰি  কৃষককেন্দ্ৰিক তিনিখনকৈ বিল গৃহীত হ’ল, তাকে লৈ দেশৰ চাৰিওফালে প্ৰতিবাদৰ জোৱাৰ উঠিছে।

ইয়াক কেন্দ্ৰ কৰি আকালী দলে বিজেপিৰে মিত্ৰতা ছেদ কৰাৰ লগতে কেন্দ্ৰীয় খাদ্য সংশাধন দপ্তৰৰ মন্ত্ৰী হৰচিমৰত কৌৰ বাদলে পদত্যাগ কৰিছে।

ইয়াৰ মাজতে  ফেচবুক আৰু টুইটাৰত কৃষকৰ সমৰ্থনত বা কৃষকৰ কাষত থিয় দিবলৈ সৃষ্টি হৈছিল এক বিশেষ হেছটেগ ট্ৰেণ্ডৰ। সেয়া হৈছে #standwithfarmerschallenge ।

কিন্তু আশ্চৰ্য্যজনকভাৱে এই হেছটেগ ট্ৰেণ্ডত একেবাৰে নাই। #couplechallenge আৰু #singlechallenge ৰ তুলনাত একেবাৰে কম #standwithfarmerschallenge ট্ৰেণ্ডৰ জনপ্ৰিয়তা। এই ট্ৰেণ্ডৰ সৈতে ফেচবুকত যুক্ত হৈছে প্ৰায় ৬৫ হাজাৰ লোকহে।

a1111

ইয়াক লৈ চৰ্চা আৰম্ভ হৈছে ফেচবুকত। বহুকেইগৰাকী লোকে এই বিষয়ে নিজৰ মত ব্যক্ত কৰাৰ লগতে দেশৰ কৃষকৰ জীৱন-জীৱীকাৰ সৈতে জৰিত এটা গুৰুত্বপূৰ্ণ বিষয়  তল পেলাবলৈয়ে  ৰচনা কৰা  এক চক্ৰান্ত বুলি উল্লেখ কৰিছে ।

প্ৰাঞ্জল দেউৰী নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে নিজৰ ৱালত লিখি কয় ‘ফেইচবুক ইণ্ডিয়াৰ বিৰুদ্ধে উঠা এই অভিযোগ সত্য যেনেই লাগে! নহ’লে কিয় কমিটিৰ অধ্যক্ষই শ্ব’ ক’জ কৰিবলৈ যাওঁতে কমিটিৰ বিজেপিৰ সাংসদে জান-প্ৰাণ দি বিৰোধ কৰিলে।‘

তেওঁ লগতে লিখি কয় ‘#ফেইচবুক_ইণ্ডিয়াৰ প্ৰতি অভিযোগ আছিল যে, শাসকীয় বিজেপিৰ প্ৰতি ফেইচবুক ইণ্ডিয়া #soft_hearted, বিভিন্ন উপলক্ষ্যত আনকি নিৰ্বাচনতো ফেইচবুকে বিজেপি দলক সহায় কৰি আহিছে।মোৰ এনে লাগিছে, ফেইচবুকে যিকোনো উপলক্ষ্যতে বিজেপি আৰু বিজেপি নেতৃত্বাধীন চৰকাৰৰ সপক্ষে কাম কৰি আহিছে! দেশৰ সংসদত চৰকাৰে বলপূৰ্বকভাৱে দুখনকৈ কৃষি আৰু জনস্বাৰ্থ বিৰোধী বিল পাছ কৰাৰ সময়ত সামাজিক মাধ্যমত তাৰ বিৰুদ্ধে জনমত গঠন হ’বলৈ আৰম্ভ হওতে ফেচবুকত হঠাতে আবিৰ্ভাৱ ঘটিল, #কাপোল_চেলেঞ্জ #ছিংগলছ_চেলেঞ্জ জাতীয় এটা ট্ৰেণ্ডৰ।‘

Pranjal Facebook post

ইপিনে, এই সন্দৰ্ভত দীপক শৰ্মা নামৰ ফেচবুক ব্যৱহাৰকাৰীয়ে লিখি কয় ‘যেতিয়াই দেশ বা সমাজত কিবা গণ্ডগোল হয়, জনবিৰোধী কাম কৰা হয় তেতিয়াই মূল বিষয়টোৰ পৰা ফালৰি কাটি আনিবলৈ সামাজিক মাধ্যম সমূহত #হেচতেগৰ সৃষ্টি কৰি এক mind game খেলা হয়। #CoupleChallange, এসপ্তাহ-দহদিন ধৰি #কিতাপৰ বেটু-পাত দিয়া ইত্যাদি। দেখা যায় শিক্ষিত সকল এই mind game ৰ কবলত বেছিকৈ পৰে। আচলতে মূল বিষয় সমূহৰ পৰা আমাক আঁতৰাই অদৰকাৰী বিষয়ত ব্যস্ত ৰখাই এই mind game ৰ মূল উদ্দেশ্য।‘

‘বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ উচ্চ সদন বা ৰাজ্য সভাত এইবাৰ অগণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কেইবাখনো আইন গৃহীত কৰিছে, ইয়াৰ ভিতৰত বিতৰ্কিত “কৃষি আইন,২০২০” অন্যতম। সমগ্ৰ ভাৰতজুৰি খেতিয়ক সকলে ইয়াৰ বিপক্ষে প্ৰতিবাদ কৰি আছে, সংসদ ভৱনৰ সন্মুখত ৮ জনকৈ ৰাজ্যসভাৰ সাংসদে স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে ওৰেনিশা প্ৰতিবাদ কৰিছে আৰু এইবোৰ বহুচৰ্চিত, বহুবিতৰ্কিত জনস্বাৰ্থবিৰোধী বিষয়বস্তুৰ পৰা আমাক আঁতৰাই ৰখাৰ সুপৰিকল্পিত উদ্দেশ্যৰেই কালিৰ #Couplechallenge ফেচবুকত মেলি দিছে আৰু আমি আগ-পিছ নাভাবি Challenge ত যোগদান কৰিছো।‘ তেওঁ এইদৰে লিখিছে।

ইয়াৰোপৰি, দেশৰ অৱস্থা বৰ বেয়া বুলি উল্লেখ কৰি তেওঁ লগতে লিখিছে ‘প্ৰতিটো বস্তুৰে অভাবনীয় দাম বৃদ্ধি, জি ডি পি বিয়োগাত্মক, ৰাষ্ট্ৰৰ সম্পত্তি সমূহ ব্যক্তিগতখণ্ডক বিক্ৰী, মাটিৰ খাজানা বৃদ্ধি, নিয়োগ সম্বন্ধীয় প্ৰতিটো পৰীক্ষাৰ কাকত ফাদিল এইবোৰৰ কথা ন’কলোৱেইবা। সময় বৰ নিষ্ঠুৰ, মাত মাতক সামাজিক ক্ষেত্ৰত, দেশৰ ক্ষেত্ৰত, জাতিৰ ক্ষেত্ৰত…#couplechallenge পিছত কৰিব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd