হিমালয়ত জমা হোৱা প্লাষ্টিক পৰিষ্কাৰ কৰা প্ৰদীপ চাংৱান কোন?, ‘মন কী বাত’ত প্ৰধান মন্ত্ৰীৰ প্ৰশংসা

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘মন কী বাত’ অনুষ্ঠানত দেশবাসীক সম্বোধন কৰি বিভিন্ন বিষয় দাঙি ধৰে।

মন কী বাতত আজি প্ৰধান মন্ত্ৰী মোদীয়ে গুৰুগ্ৰামৰ প্ৰদীপ চাংৱান নামৰ ৩৫ বছৰীয়া ব্যক্তি গৰাকীক প্ৰশংসা কৰে।

৩৫ বছৰীয়া গুৰুগ্ৰামৰ প্ৰদীপ চাংৱানে ‘‘হেলিং হিমালয়ান ফাউণ্ডেশ্যন’ নামৰ সংস্থা এটা চলাই আছে আৰু এই সংস্থাটোৱে দীৰ্ঘদিনৰ পৰা হিমালয়ৰ বিভিন্ন প্ৰান্তৰ পৰা প্লাষ্টিক পৰিষ্কাৰ আৰু নিষ্কাষণৰ কামত নিয়োজিত হৈ আছে।

৩৫ বছৰীয়া পৰ্বতাৰোহী গৰাকীয়ে ২০১৬ চনত হেলিং হিমালয়ান ফাউণ্ডেশ্যন স্থাপন কৰিছিল আৰু তেতিয়াৰে পৰা হিমালয়ৰ বুকুৰ পৰা স্বেচ্ছাসেৱক সকলৰ সহায়ত হাজাৰ হাজাৰ কিলোগ্ৰাম প্লাষ্টিকৰ আৱৰ্জনা পৰিস্কাৰ কৰি আহিছে।

হিমালয়লৈ অহা পৰ্যটক সকলে এই প্লাষ্টিক সমূহ পেলাই থৈ যায় যাৰ ফলত হিমালয় ক্ৰমান্বয়ে অপৰিস্কাৰ হৈ আহিছিল আৰু হিমালয়ত গোট খোৱা আৱৰ্জনা সমূহ পৰিস্কাৰ কৰা কথাটোৱে প্ৰদীপক এই নতুন কামৰ মাজলৈ লৈ আহিল যাৰ বাবে আজি দেশৰ প্ৰধান মন্ত্ৰীয়ে দেশৰ কোটি কোটি জনসাধাৰণৰ আগত তেওঁক প্ৰশংসা কৰে।

আনহাতে, প্ৰদীপ চাংৱানে নিজে ভাৰতীয় সেনা বাহিনীত যোগদান কৰিব বিচাৰিছিল যদিও সাক্ষাৎকাৰত উত্তীৰ্ণ হ’ব নোৱাৰা বাবে সেই আশা বাদ দিয়ে বুলি কয়।