বিশ্ব স্বাস্থ্য সংস্থাই (WHO)ই কৰ’নাৰ চিকিৎসাত ৰেমডিচিভিৰ দৰৱৰ ব্যৱহাৰ কাৰ্যত: বাতিল কৰিছে।
সংস্থাৰ দাবী যে এই এন্টিভাইৰেল দৰৱবিধ ব্যৱহাৰৰ ফলত কৰ’না ৰোগীৰ কোনো উপকাৰ নহয়। ইয়াৰ ফলত কৰ’না ৰোগীয়ে চিকিৎসালয়ৰ পৰা সোনকালে মুক্তি পাইছে নে মৃত্যুৰ হাৰ কমিছে সেয়া একো হোৱা নাই।
বাতৰি অনুসৰি, WHOই আয়োজন কৰা এক ক্লিনিকেল ট্ৰায়েলত পোৱা তথ্য অনুসৰি ৰেমডিচিভিৰ নামৰ দৰৱটো কৰ’না ৰোগীৰ কোনো উপকাৰত নাহে। আৰু যিখিনি লাগে, সেয়া অতি সামান্য।
WHOই এতিয়াও অৱশ্যে এই ট্ৰায়েলৰ ফলাফল প্ৰকাশ কৰা নাই। সংস্থাটোৱে ৩০খনতকৈয়ো অধিক দেশৰ ১১হাজাৰ ২৬৬জন ৰোগীৰ ওপৰত সমীক্ষা চলাই এই সিদ্ধান্তত উপনীত হৈছে।
ইয়াৰ পূৰ্বে মাৰ্কিন গৱেষকসকলে দাবী কৰিছিল যে এন্টিভাইৰেল দৰৱ ৰেমডিচিভিৰে মানৱ শৰীৰত কৰ’না ভাইৰাছৰ বংশবৃদ্ধি ৰোধ কৰাত সহায় কৰে।
আন একাংশ চিকিৎসকে ৰেমডিচিভিৰে হাওঁফাওঁৰ সংক্ৰমণ ৰোধ কৰাত সাহায্য কৰা বুলিও দাবী কৰিছিল। যাৰ ফলত কৰ’না আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ হ্ৰাস পায়।
বৰ্তমান গোটেই বিশ্বতে চিকিৎসকসকলে এই এন্টিভাইৰেল দৰৱটো চিকিৎসাৰ বাবে ব্যৱহাৰ কৰি আছে। কিন্তু WHOৰ সমীক্ষাই বিষয়টো গুৰুত্বহীন কৰি তুলিলে।
ইয়াৰ পূৰ্বে WHOই মেলেৰিয়াৰ দৰৱ হাইড্ৰ’ক্সিক্লৰ’কুইন ব্যৱহাৰক লৈয়ো আপত্তি দৰ্শাইছিল আৰু ইয়াৰ ব্যৱহাৰ বন্ধ কৰি দিছিল।